মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কাৰ্বি আংলং জিলাৰ লাংভোকুত অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ আধাৰশিলা স্থাপন কৰে। কাৰ্বি আংলং জিলা প্ৰতিষ্ঠাৰ প্লেটিনাম জয়ন্তী উদযাপনৰ অংশ হিচাপে এই আধাৰশিলা স্থাপন কৰা হয়।
ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পুঁজিৰে লোকনিৰ্মাণ বিভাগে (PWD) এই সৈনিক স্কুলখন নিৰ্মাণ কৰিব। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (KAAC) মাজত স্বাক্ষৰিত এক বুজাবুজি চুক্তিৰ (MoU) অধীনত এই বিদ্যালয়খন স্থাপন কৰা হৈছে। ইয়াৰ আন্তঃগাঁথনিৰ পৰৱৰ্তী পৰিচালনাৰ দায়িত্ব ৰাজ্য চৰকাৰ আৰু পৰিষদে গ্ৰহণ কৰিব। প্ৰায় ৩৩৬ কোটি টকাৰ আনুমানিক প্ৰকল্প ব্যয়ৰে প্ৰায় ৪৪,০০০ বৰ্গ মিটাৰ এলেকাত বিদ্যালয় চৌহদটো বিকশিত কৰা হ’ব। প্ৰতিষ্ঠানটোত মুঠ ২৮ টা অত্যাধুনিক অট্টালিকা থাকিব আৰু ইয়াৰ নিৰ্মাণ কাৰ্য অহা ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
প্ৰতিষ্ঠানটোত ৬৪০ গৰাকী কেডেটৰ বাবে এক সুসজ্জিত প্ৰশাসনিক আৰু শৈক্ষিক ব্লক, এটা পুথিভঁৰাল আৰু ১,২০০ লোক বহিব পৰা ক্ষমতা সম্পন্ন এটা প্ৰেক্ষাগৃহ থাকিব। তদুপৰি, চৌহদটোত শিক্ষক আৰু কৰ্মচাৰীৰ সন্তানসহ ২৪০ গৰাকী শিক্ষাৰ্থীৰ ক্ষমতা সম্পন্ন এখন প্ৰাথমিক বিদ্যালয় থাকিব। সৈনিক স্কুল চৌহদৰ ভিতৰত মুঠ ৬০০ গৰাকী ছাত্ৰ-ছাত্ৰী থাকিব পৰা হোষ্টেলো নিৰ্মাণ কৰা হ’ব। প্ৰতিষ্ঠানটোত শিক্ষক আৰু কৰ্মচাৰীৰ বাবে আৱাসিক সুবিধা, এটা অতিথি গৃহ, এখন চিকিৎসালয়, এটা শ্বপিং কমপ্লেক্স আৰু এটা সুসজ্জিত কেডেট মেছ থাকিব।
শিক্ষাৰ্থীসকলৰ সামগ্ৰিক শাৰীৰিক বিকাশ আৰু সামৰিক প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পটোত এটা অত্যাধুনিক চুইমিং পুল, এটা হকী ষ্টেডিয়াম, ফুটবল আৰু ক্ৰিকেট খেলপথাৰ, বাস্কেটবল আৰু টেনিছ ক’ৰ্ট, এখন ইনড’ৰ ষ্টেডিয়াম, ঘোঁৰা দৌৰৰ সুবিধা, এটা শ্বুটিং ৰেঞ্জ আৰু প্ৰশিক্ষণৰ বাবে এটা অবষ্টাকল গ্ৰাউণ্ড থাকিব। তদুপৰি, শিক্ষাৰ্থীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে ভাৰতীয় বায়ুসেনাৰ এখন বিমান, ভাৰতীয় নৌসেনাৰ এখন যুদ্ধ জাহাজ আৰু ভাৰতীয় সেনাৰ এটা টেংক বিদ্যালয় চৌহদত প্ৰদৰ্শন কৰা হ’ব।
