উত্তৰ-পূৰ্বাঞ্চলৰ ৮৪খন চহৰত বিনিয়োগকাৰী সজাগতা অভিযান আৰম্ভ কৰিছে চিডিএছএল আইপিএফে

চেণ্ট্ৰেল ডিপজিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেড ইনভেষ্টৰ প্ৰটেকচন ফাণ্ড (আইপিএফ) ট্ৰাষ্টে সমগ্ৰ অঞ্চলটোৰ বিত্তীয় সাক্ষৰতা বৃদ্ধি আৰু প্ৰতিভূতি বজাৰত অংশগ্ৰহণ বৃদ্ধিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৮৪খন চহৰত বৃহৎ পৰিসৰৰ বিনিয়োগকাৰী সজাগতা অভিযান আৰম্ভ কৰিছে। ২৮ এপ্ৰিলত গুৱাহাটীৰ পৰা আৰম্ভ কৰা এই অভিযানত অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু ছিকিমক সামৰি লোৱা হ’ব। এই পদক্ষেপৰ লক্ষ্য হৈছে সৰলীকৃত আৰু স্থানীয়ভাৱে প্ৰাসংগিক যোগাযোগ পদ্ধতিৰ জৰিয়তে নিৰাপদ বিনিয়োগৰ পদ্ধতি, বিনিয়োগকাৰীৰ অধিকাৰ আৰু ডিমেট একাউণ্টৰ ব্যৱহাৰৰ বিষয়ে মানুহক সজাগ-অৱগত কৰা।

এই প্ৰচাৰৰ অংশ হিচাপে, এলইডি স্ক্ৰীন আৰু বহুভাষিক অডিঅ’ ভিজুৱেল বিষয়বস্তুৰে সজ্জিত ভ্ৰাম্যমান সজাগতা বাহনসমূহে সমগ্ৰ অঞ্চলটোত ভ্ৰমণ কৰিব।  এই অভিযানত স্থানীয় সম্প্ৰদায় আৰু যুৱ দৰ্শকসকলক জড়িত কৰিবলৈ মত বিনিময়মূলক অনুষ্ঠানন, বাটৰ নাট আৰু ভ্ৰাম্যমান থিয়েটাৰ কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হ’ব। এই পদক্ষেপৰ সন্দৰ্ভত বক্তব্য ৰাখি  চিডিএছএল আইপিএফ-ৰ নয়না ওৱালেকাৰ আৰু সুধীশ পিল্লাইয়ে কয় যে, উত্তৰ-পূব এখন অগ্ৰাধিকাৰমূলক অঞ্চল হৈ আছে য’ত বজাৰ-সংযুক্ত বিনিয়োগত অৱগত আৰু সুৰক্ষিত অংশগ্ৰহণক সমৰ্থন কৰিবলৈ শক্তিশালী বিনিয়োগকাৰী সজাগতাৰ প্ৰয়োজন।

ছেবি কাণ্টৰ প্ৰতিবেদন অনুসৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত প্ৰতিভূতি বজাৰত পৰিয়ালৰ অংশগ্ৰহণ ৰাষ্ট্ৰীয় গড় ৯.৫%ৰ তলত আছে, নাগালেণ্ড ৩.৪% আৰু মেঘালয় ৪.২% দেখা গৈছে। গুৱাহাটী মহানগৰীত এই অভিযানে অঞ্চলটোৰ ক্ৰমবৰ্ধমান বিত্তীয় বজাৰৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি বিনিয়োগকাৰীৰ আস্থা শক্তিশালী কৰাত সহায় কৰিব পাৰে। বিত্তীয় সজাগতাৰ পদক্ষেপে গুৱাহাটীৰ বজাৰৰ পৰা অধিক খুচুৰা বিনিয়োগকাৰীক নিয়ন্ত্ৰিত বিনিয়োগৰ সুযোগ বিচাৰি উলিয়াবলৈ আৰু ভাৰতৰ মূলধনী বজাৰত অধিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *