ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

আজিৰে পৰা আৰম্ভ বাজেট অধিৱেশন, আদৰণিৰ অভিভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

আজিৰে পৰা আৰম্ভ বাজেট অধিৱেশন, আদৰণিৰ অভিভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

বুধবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ অন্তিমখন বাজেট অধিৱেশনৰ আদৰণি ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ পৰা চন্দ্ৰযানৰ সফলতালৈকে বিষয়সমূহ উত্থাপন কৰে। ইয়াৰ উপৰিও ৰাম মন্দিৰক লৈও আনন্দ ব্যক্ত কৰে ৰাষ্ট্ৰপতিয়ে। তেওঁ কয়, “যুগ যুগ ধৰি অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰাইজে অপেক্ষা কৰি আহিছে। সেই সপোন বাস্তৱায়িত হৈছে। জম্মু-কাশ্মীৰৰ পৰাও ৰাইজে বিচাৰিছিল ৩৭০ অনুচ্ছেদৰ অন্ত পৰক। আজি ৩৭০ ইতিহাস।” তিনি তালাক প্ৰথা বিলুপ্ত কৰাৰ ক্ষেত্ৰতো মুৰ্মুৱে উৎসাহ প্ৰকাশ কৰে। ইফালে, ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ কথা কোৱাৰ উপৰিও দ্ৰৌপদী মুৰ্মুৱে কয় যে দেশৰ পৰ্য্যটনৰ ক্ষেত্ৰত ক্ৰমান্বয়ে উন্নতি হৈছে। পৰ্যটক আন্দামান আৰু লক্ষদ্বীপলৈ যাবলৈ…
Read More
এইবাৰেই শেষ, দেশত আৰু অনুষ্ঠিত নহয় নিৰ্বাচন! মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যক লৈ তীব্ৰ চাঞ্চল্য

এইবাৰেই শেষ, দেশত আৰু অনুষ্ঠিত নহয় নিৰ্বাচন! মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যক লৈ তীব্ৰ চাঞ্চল্য

এইবাৰেই শেষ! ইয়াৰ পিছত আৰু ভাৰতত অনুষ্ঠিত নহয় নিৰ্বাচন। এই দাবীৰে দেশৰ জনতাক এক বিশেষ আহ্বান জনাইছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে। ওড়িশাত দলীয় নেতা-কৰ্মীক সম্বোধন কৰি প্ৰদান কৰা ভাষণত দিল্লীৰ শাসকীয় নৰেন্দ্ৰ মোদী চৰকাৰক কঠোৰ সমালোচনা কৰি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে এইবাৰেই দেশত শেষবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। দেশবাসীয়ে এইবাৰেই শেষবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতেও তুলনা কৰে। ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইণ্ডিয়াক বিশ্বাসঘাতকতা কৰি এন ডি এত চামিল হোৱাক লৈও ক্ষোভ জাহিৰ কৰি খাৰ্গেয়ে কয়, ''পৰহি আমাৰ এজন নেতাক লৈ গ’ল, এজন এজন নেতাক চমন দিয়া…
Read More
পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাজস্থানৰ প্ৰাক্তন সাংসদ মানৱেন্দ্ৰ সিং, পত্নীৰ মৃত্যু

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাজস্থানৰ প্ৰাক্তন সাংসদ মানৱেন্দ্ৰ সিং, পত্নীৰ মৃত্যু

মঙলবাৰে ৰাজস্থানৰ আলৱাৰত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হয় প্ৰাক্তন কংগ্ৰেছ সাংসদ মানৱেন্দ্ৰ সিং জাছলৰ পত্নীৰ। আৰক্ষী বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনাটোৰ সৈতে জড়িত বাহনখনত সিং আৰু তেওঁৰ পুত্ৰও আহত হৈছে। বিজেপিৰ নেতা প্ৰয়াত যশৱন্ত সিঙৰ পুত্ৰ মানৱেন্দ্ৰ সিঙে ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত বাৰমেৰৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিজেপি এৰি ২০১৮ চনত কংগ্ৰেছত যোগদান কৰিছিল। আৰক্ষী বিষয়াসকলে জনোৱা মতে, খুছপুৰী গাঁৱৰ সমীপত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাক্তন সাংসদগৰাকীৰ পত্নী চিত্ৰা সিং নিহত হয়। দুৰ্ঘটনাত আহত মানৱেন্দ্ৰ সিং, তেওঁৰ পুত্ৰ সোলংকি সিং আৰু গাড়ীখনৰ চালক বৰ্তমান আলৱাৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁলোকে দিল্লীৰ পৰা জয়পুৰ অভিমুখে গৈ…
Read More
ঝাৰখণ্ডৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি EDৰ সন্মুখত হাজিৰ হ’ব মুখ্যমন্ত্ৰী হেমন্ত চোৰেন

ঝাৰখণ্ডৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি EDৰ সন্মুখত হাজিৰ হ’ব মুখ্যমন্ত্ৰী হেমন্ত চোৰেন

ঝাৰখণ্ডত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ইডিৰ সন্মুখত জেৰাৰ বাবে হাজিৰ হ’ব। মুখ্যমন্ত্ৰী চোৰেনক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি আশংকাৰ মাজতে তেওঁৰ পত্নী কল্পনা চোৰেন মুখ্যমন্ত্ৰী হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত চোৰেনক এতিয়ালৈকে ইডিয়ে ১০ বাৰ চমন জাৰি কৰিছে। ইটোৰ পিছত সিটোকৈ চমন জাৰি হৈ থাকিল যদিও এতিয়ালৈকে চোৰেন আৰু ইডিয়ে এবাৰহে মুখামুখি সম্ভৱ হৈছিল। আজি দ্বিতীয়বাৰৰ বাবে চোৰেনে ইডিৰ আগত হাজিৰ হ’ব। শেহতীয়াকৈ হেমন্ত চোৰেন নিৰুদ্দেশ হোৱাৰো খবৰ প্ৰকাশ পাইছিল। পিছত পোহৰলৈ আহিল যে তেওঁ কিছু ব্যক্তিগত কামৰ বাবে পথেৰে ১৩০০ কিলোমিটাৰ যাত্ৰা কৰি দিল্লীলৈ গৈছিল। কালি…
Read More
RSS নেতাৰ হত্যাকাণ্ডৰ অপৰাধত পি এফ আইৰ ১৫ সদস্যক মৃত্যুদণ্ডৰ শাস্তি কেৰালা আদালতৰ

RSS নেতাৰ হত্যাকাণ্ডৰ অপৰাধত পি এফ আইৰ ১৫ সদস্যক মৃত্যুদণ্ডৰ শাস্তি কেৰালা আদালতৰ

কেৰালাৰ আদালতে নিষিদ্ধ সংগঠন পিএফআইৰ ১৫জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। স্থানীয় আৰ এছ এছ নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাকাণ্ডৰ অপৰাধত ১৫ জন লোকক শাস্তি প্ৰদান কৰা হৈছে। মন কৰিবলগীয়া যে ২০২১ চনৰ ডিচেম্বৰ মাহত ৰঞ্জিতৰ ঘৰতে হত্যা কৰা হৈছিল। ঘৰলৈ উভতি অহাৰ পথত ভাৰতীয় ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা কে এছ শ্বানক অচিনাকি দুষ্কৃতিকাৰীয়ে হত্যা কৰে। ইয়াৰ পিছত কেৰালাৰ স্থানীয় ৰাজনীতি উত্তপ্ত হৈ পৰে। শ্বানৰ মৃত্যুৰ কিছু ঘণ্টাৰ ভিতৰতে পিএফআই আৰু এছডিপিআইৰ সদস্যই ৰঞ্জিতৰ ঘৰত আক্ৰমণ চলায়। কেৰালা বিজেপি অ’বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি তথা আৰএছএছ নেতাৰ ঘৰত আক্ৰমণকাৰীয়ে প্ৰৱেশ কৰি সমগ্ৰ পৰিয়ালটোক হাৰাশাস্তি কৰে। মাতৃ, পত্নী আৰু সন্তানৰ সন্মুখত ৰঞ্জিতক নিৰ্মমভাৱে…
Read More
লোমহৰ্ষক! বেংক একাউণ্টত নমিনী নকৰাৰ বাবেই মহকুমা দণ্ডাধীশ পত্নীক হত্যা বেকাৰ স্বামীৰ

লোমহৰ্ষক! বেংক একাউণ্টত নমিনী নকৰাৰ বাবেই মহকুমা দণ্ডাধীশ পত্নীক হত্যা বেকাৰ স্বামীৰ

চাৰ্ভিছ বুক, বীমা আৰু বেংক একাউণ্টত স্বামীক নমিনী হিচাপে উল্লেখ নকৰাৰ বাবেই বেকাৰ স্বামীয়ে নিৰ্মমভাৱে হত্যা কৰিলে চৰকাৰী আমোলা পত্নীক। এনে এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশত। নিহত মহিলা আমোলাগৰাকী হৈছে দিন্দোৰী জিলাৰ শ্বাহপুৰাত নিযুক্ত মহকুমা দণ্ডাধীশ নিশা নাপিত। খবৰ অনুসৰি, মহকুমা দণ্ডাধীশগৰাকীয়ে তেওঁৰ চাৰ্ভিছ বুক, বীমা আৰু বেংক একাউণ্টত স্বামী মনীষ শৰ্মাক নমিনী হিচাপে উল্লেখ নকৰাৰ বাবেই দুয়োৰে মাজত সূত্ৰপাত ঘটা কাজিয়াৰ পিছত গাৰুৰে মুখত হেঁচা মাৰি ধৰি স্বামীয়ে হত্যা কৰে। ইফালে এই হত্যাকাণ্ডৰ পিছত তেজ লগা গাৰুৰ কভাৰ আৰু বিচনা চাদৰ ধুই পৰিস্কাৰ কৰি মৃত্যুৰ প্ৰকৃত কাৰণ লুকুৱাবলৈ চেষ্টা কৰে হত্যাকাৰী স্বামীয়ে। ইয়াৰ পিছত মনীষে পত্নীৰ মৃত্যুৰ এক…
Read More
গোপন তথ্য ফাদিল গোচৰ! প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড

গোপন তথ্য ফাদিল গোচৰ! প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড

চৰকাৰী গোপন তথ্য ফাদিল কৰাৰ বিতৰ্কিত গোচৰত ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। মঙলবাৰে এই তথ্য সদৰী কৰিছে ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যম আৰু ইমৰান খানৰ দলৰ মুখপাত্ৰই। উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। ৱাশ্বিংটনত থকা পাক ৰাষ্ট্ৰদূতে চৰকাৰলৈ প্ৰেৰণ কৰা গোপন তথ্য ফাদিল কৰাৰ গোচৰত অভিযুক্ত আছিল ইমৰান খান। ইফালে অহা ৮ ফেব্ৰৱাৰীত অনুষ্ঠিত হ’বলগীয়া দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইমৰান খানৰ এই শাস্তিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফে প্ৰকাশ কৰা মতে, ইমৰান খানৰ উপৰিও বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীকো বিশেষ আদালতে ১০ বছৰৰ বাবে…
Read More
হোটেলৰ ৱেটাৰৰ পৰা তহচিলদাৰলৈ… বাৰে বাৰে বিফল হৈও ভাগৰি নপৰা হিমাংশুৰ সাফল্যৰ কাহিনী

হোটেলৰ ৱেটাৰৰ পৰা তহচিলদাৰলৈ… বাৰে বাৰে বিফল হৈও ভাগৰি নপৰা হিমাংশুৰ সাফল্যৰ কাহিনী

কেতিয়াবা কিছুমান সফলতাৰ কাহিনীয়ে শিঁহৰিত কৰে পঢ়ুৱৈ বা শ্ৰোতাক। কিছু কিছু কাহিনীয়ে বছৰ বছৰ ধৰি অনুপ্ৰাণিত কৰে উঠি অহা প্ৰজন্মক। তেনে এক কাহিনীৰেই ইতিহাস ৰচিবলৈ সক্ষম হ’ল এগৰাকী বধিৰ যুৱকে। জীৱন যুদ্ধত পৰাজয় বৰণ নকৰি বাৰে বাৰে বিফলতাৰ সন্মুখীন হৈও অৱশেষত বিজয় হ’ল হিমাংশু নামৰ বিশেষভাৱে সক্ষম এই যুৱক। দেশৰ আটাইতকৈ কঠিনতম পৰীক্ষা হিচাপে পৰিচিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰি এতিয়া এগৰাকী নায়ব তেহচিলদাৰ হিচাপে কৰ্তব্যৰত হৈছে হিমাংশু। উল্লেখ্য যে, দুই কাণেৰে কমকৈ শুনা হিমাংশুৱে আৰ এ এছ আৰু আই এ এছ পৰীক্ষাত একেৰাহে ১৬ বাৰ অৱতীৰ্ণ হৈও ব্যৰ্থ হ’বলগীয়া হৈছিল। কিন্তু তাৰ পিছতো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত মূৰ…
Read More
মৰ্মান্তিক! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু শিশুসহ ৫ জনৰ, গুৰুতৰভাৱে আহত এজন

মৰ্মান্তিক! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু শিশুসহ ৫ জনৰ, গুৰুতৰভাৱে আহত এজন

দেওবাৰে মাজনিশা তেলেংগানাৰ নলগোণ্ডা জিলাৰ মিৰিয়ালাগুডাৰ আডংকি-নৰকতপল্লী মূল পথত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হয়। দুটা পৰিয়ালে যাত্ৰা কৰা চাৰিচকীয়া বাহনখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত এই কৰুণ ঘটনা সংঘটিত হয়। নিহত সকলৰ ভিতৰত দুটা শিশুও আছে। মৃত সকলক মিৰিয়ালাগুডাৰ নন্দিপাডু কলনীৰ চেৰুপল্লী মহেশ (৩২), পত্নী জ্যোতি (৩০), কন্যা ঋষিতা (৬), মহেশৰ খুলশালী গোলনেপল্লীৰ ভূমা মহেন্দৰ (৩২), যাদদ্ৰী ভূৱনগিৰি জিলাৰ বালিগোণ্ডা মণ্ডল আৰু তেওঁৰ পুত্ৰ লিয়াঞ্চি(২) বুলি চিনাক্ত কৰা হৈছে। ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মহেন্দৰৰ পত্নী ভূমা মাধৱী। দুৰ্ঘটনাত পিছত মহিলাগৰাকীক উদ্ধাৰ কৰি মিৰিয়ালাগুডা আঞ্চলিক চিকিৎসালয়ত জৰুৰী চিকিৎসা প্ৰদান কৰি পিছত ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা…
Read More
নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ!

নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ!

দেওবাৰে জেডিইউৰ সভাপতি নীতিশ কুমাৰে অভিলেখ নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নীতিশ কুমাৰক মুখ্যমন্ত্ৰীৰ শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰে। ইফালে নীতিশ কুমাৰৰ লগতে বিজেপি নেতা বিজয় কুমাৰ সিনহা আৰু সম্ৰাট চৌধাৰীয়ে উপ-মুখ্যমন্ত্ৰীৰূপে শপত লয়। উল্লেখ্য যে, বিগত ১৭ মাহ ধৰি কংগ্ৰেছ আৰু আৰ জে ডিৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল নীতিশ কুমাৰে। কিন্তু দেওবাৰে পুৱা তেওঁ ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ অৰ্পণ কৰাৰ পিছতে সন্ধিয়া বিজেপিৰ সমৰ্থনত পুনৰবাৰ মুখ্যমন্ত্ৰীৰ শপত লয়। প্ৰণিধানযোগ্য যে, বাৰে বাৰে মিত্ৰদল সলনি কৰাৰ বাবে কুখ্যাত নীতিশ কুমাৰে পূৰ্বেও কেইবাবাৰো মিত্ৰদল সলনি কৰিছিল।
Read More