15
Feb
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে এন আই এৰ অনুসন্ধান অভিযান আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দক্ষিণৰ তিনিখন ৰাজ্য – তামিলনাডু, কেৰালা আৰু কৰ্ণাটকৰ ৬০টাতকৈও অধিক স্থানত তালাচী চলাইছে। এই অনুসন্ধানৰ উদ্দেশ্য হৈছে আইছিছ উগ্ৰপন্থী সংগঠনটোৰ সমৰ্থকক বিচাৰি উলিওৱা। যোৱা বছৰ কইম্বটুৰ আৰু মাংগালুৰুত সংঘটিত বিস্ফোৰণৰ আঁৰত আইছিছৰ সন্দেহ কৰা হৈছে। আৰু সেই ভিত্তিতে NIA এ নতুন অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখ্য যে, আইছিছে বিভিন্ন ভিডিঅ’ বিয়পাই ঘৃণা আৰু বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰিছে। যাৰ বাবে অনুসন্ধানকাৰী সংস্থাটোৱে সমগ্ৰ বিষয়টো চোৱাচিতা কৰি বিষয়টোৰ মূললৈ যাবলৈ চেষ্টা কৰিছে। আৰু সেইবাবেই বুধবাৰে পুৱাৰে পৰা তামিলনাডুত অনুসন্ধান আৰম্ভ হয়। পৰৱৰ্তী সময়ত কেৰেলা আৰু কৰ্ণাটকৰ কেইবাটাও স্থানত অনুসন্ধান…
