ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ ফলত মৃত্যু ২১ হাজাৰৰো অধিক লোকৰ…

তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ ফলত মৃত্যু ২১ হাজাৰৰো অধিক লোকৰ…

তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা বৃদ্ধি ২১ হাজাৰলৈ। তুৰস্কত ১৯৯৯ চনত সংঘটিত হোৱা এক ভয়ংকৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা অতিক্ৰম কৰিছে এই ভূমিকম্পত নিহতৰ সংখ্যাই। ছিৰিয়াত কৰ্তৃপক্ষই ৩,৩৭৭ জন লোকৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে। ভূমিকম্পৰ পিছত প্ৰথমবাৰৰ বাবে বিদ্ৰোহীৰ অধীনস্থ উত্তৰ-পশ্চিম ছিৰিয়াত প্ৰৱেশ কৰে ৰাষ্ট্ৰসংঘৰ সাহায্যৰ কনভয়। কিন্তু বহুতৰে বাবে সহায় অপৰ্যাপ্ত আৰু বহু দেৰিকৈ আহিছে। ভূমিকম্পৰ চতুৰ্থ দিনা জীৱিত লোকৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাসকলৰ আত্মীয়ই সাহায্যৰ বাবে অপেক্ষা কৰি আছে যদিও উদ্ধাৰ অভিযান পলম হোৱাৰ লগে লগে অধিক লোকৰ মৃত্যুৰ আশংকা বৃদ্ধি পাইছে। তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে…
Read More
বন্ধুৰ বিয়ালৈ আহি পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৩ অভিন্ন বন্ধুৰ…

বন্ধুৰ বিয়ালৈ আহি পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৩ অভিন্ন বন্ধুৰ…

বন্ধুৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ আহি থকা সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৩ বন্ধুৱে। এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় ৰাজস্থানৰ বনছাৰৰ হেজামল পথত। তিনি বন্ধুৱে যাত্ৰা কৰা বাহনখনত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰেইলাৰ ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাত থিতাতে প্ৰাণ হেৰুৱায় তিনিওজনে। জানিব পৰা মতে, গুজৰাটৰ সুখচৰৰ নিৱাসী তিনি বন্ধুৱে ৰাজস্থানৰ বনছাৰত থকা বন্ধুৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ আহি আছিল। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তিনিওজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ট্ৰেইলাৰখনৰ চালকজনক।
Read More
বিদ্যালয় ছুটীৰ পিছত অটোৰে ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী ট্ৰাকে নিলে মহটিয়াই, ৭ শিশুৰ মৃত্যু

বিদ্যালয় ছুটীৰ পিছত অটোৰে ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী ট্ৰাকে নিলে মহটিয়াই, ৭ শিশুৰ মৃত্যু

বিদ্যালয় ছুটীৰ পিছত অটোৰে ঘৰলৈ আহি থকাৰ সময়ত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱালে ৭টা কণমানি শিশুৱে। এই হৃদয়বিদাৰক দুৰ্ঘটনা বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় ছত্তীশগড়ৰ কাংকেৰৰ ভানুপ্ৰতাৰৰ কোৰেৰৰ সমীপত। ছাত্ৰ-ছাত্ৰী কেইগৰাকী আহি থকা অটোখনত বিপৰীত দিশৰ পৰা অহা ট্ৰাকে খুন্দা মৰাত দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় ৭টা শিশুৱে। ইফালে এই দুৰ্ঘটনাত আন এটা শিশু গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে, বিদ্যালয় ছুটীৰ পিছত বিয়লি প্ৰায় ৩ বজাত ৮টা শিশুৱে সদায়ৰ দৰে অটোৰে ঘৰলৈ উভতিছিল। ট্ৰাকৰ খুন্দাত বহু দূৰৈত চিটিকি পৰে অটোখন। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত শিশুটিক প্ৰাথমিক চিকিৎসাৰ বাবে ধনলীকানহাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। তাৰ পৰা…
Read More
তেলৰ টেংকাৰ পৰিস্কাৰ কৰিবলৈ প্ৰৱেশ কৰোতেই শ্বাহৰুদ্ধ হৈ মৃত্যু ৭ জন শ্ৰমিকৰ

তেলৰ টেংকাৰ পৰিস্কাৰ কৰিবলৈ প্ৰৱেশ কৰোতেই শ্বাহৰুদ্ধ হৈ মৃত্যু ৭ জন শ্ৰমিকৰ

অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাত শোকাবহ ঘটনা। তেলৰ টেংকাৰ পৰিস্কাৰ কৰিবলৈ সোমাই শ্বাহৰুদ্ধ হৈ মৃত্যু ৭ শ্ৰমিকৰ। কাকিনাড়া জিলাৰ পেড্ডাপুৰম মণ্ডলৰ জি ৰাগাম্পেটাৰ অম্বতি চুব্বন্না তেল কাৰখানাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, টেংকাৰৰ ভিতৰত শ্ৰমিক কেইজনে এজন এজনকৈ প্ৰৱেশ কৰিছিল আৰু শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লয়। বিষাক্ত গেছৰ বাবেই শ্ৰমিক কেইজনৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে। নিহত শ্ৰমিক কেইজনক ভেচাংগী কৃষ্ণ, ভেচাংগী নৰসিংহম, ভেচাংগী সাগৰ, কোৰাথাডু বঞ্জী বাবু, কাৰি ৰামা ৰাও, কট্টামুৰি জগদীশ আৰু প্ৰসাদ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, আটাইকেইজনে ১০ দিন পূৰ্বে তেল কাৰখানাটোত যোগদান কৰিছিল। বাতৰি অনুসৰি তেল কাৰখানাটো ফেক্টৰী আইন অনুসৰি পঞ্জীয়ন কৰা হোৱা…
Read More
চাৰিচকীয়া বাহনক প্ৰচণ্ড খুন্দা ট্ৰেইলাৰৰ, একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু

চাৰিচকীয়া বাহনক প্ৰচণ্ড খুন্দা ট্ৰেইলাৰৰ, একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু

ৰাজস্থানৰ বনছোৱাৰা জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহনত প্ৰচণ্ড খুন্দা ট্ৰেইলাৰ ট্ৰাকৰ। দুৰ্ঘটনাত নিহত ৩ জনকৈ লোক। জানিব পৰা মতে, জিলাখনৰ হেজামাল পথত বৃহস্পতিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত সকলক গুজৰাটৰ সুখছৰৰ নিৱাসী বুলি জানিব পৰা গৈছে। ৰাজস্থানত আত্মীয় এক বিবাহ অনুষ্ঠানত অংশ ল’বলৈ আহিছিল পৰিয়ালটোৱে।
Read More
ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়তে বিৰোধীৰ শ্ল’গান- মোডী-আদানী ভাই-ভাই…

ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়তে বিৰোধীৰ শ্ল’গান- মোডী-আদানী ভাই-ভাই…

বৃহস্পতিবাৰে ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আৰম্ভ কৰাৰ সময়তে বিৰোধী দলৰ সাংসদসকলে “মোডী-আদানি ভাই-ভাই” শ্লোগানেৰে উত্তাল কৰি তোলে। আনকি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিয়াৰ সময়তে একাংশ সদস্যই সদনৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে সদস্যসকলক শিষ্টাচাৰ বজাই ৰাখিবলৈ আৰু আসন গ্ৰহণ কৰিবলৈ কয়। উল্লেখ্য যে, এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই বিশ্বৰ ভিতৰতে চৰ্চিত ধনাঢ্য ব্যক্তি গৌতম আদানীক লৈ এক সুদীৰ্ঘ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে গৌতম আদানীৰ সম্পত্তিৰ ওপৰত তদন্ত চলাবলৈ সংসদত দাবী জনাই আহিছে বিৰোধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কৃপাদৃষ্টিৰ বাবেই বিগত ৯ বছৰৰ ভিতৰত গৌতম আদানী বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত প্ৰৱেশ কৰিবলৈ…
Read More
বৰ্তমান ক্ৰিকেটৰ শ্ৰেষ্ঠ বলাৰ কোন? কি ক’লে ক্ৰিছ গেইলে…

বৰ্তমান ক্ৰিকেটৰ শ্ৰেষ্ঠ বলাৰ কোন? কি ক’লে ক্ৰিছ গেইলে…

তেওঁৰ সন্মুখীন হোৱা শ্ৰেষ্ঠ বলাৰ কোন আছিল বুলি সোধাত ক্ৰিছ গেইলে কয় যে তেওঁৰ জন্ম হোৱা নাই। তেওঁ লগতে কয়, “বাহিৰত বহুত ভাল বলাৰ আছে আৰু বহুত ভাল বলাৰক মই ভাঙি পেলাইছো। মই এতিয়াও অপেক্ষা কৰি আছো শ্ৰেষ্ঠ বলাৰজনে মোক বলিং কৰিবলৈ।” গেইলে আৰু কয় যে ৰোহিত শৰ্মা হৈছে তেওঁৰ বৰ্তমান চোৱাৰ প্ৰিয় বেটছমেন।
Read More
কংগ্ৰেছ হৈছে বিজেপিৰ বি টীমঃ মমতা বেনাৰ্জী

কংগ্ৰেছ হৈছে বিজেপিৰ বি টীমঃ মমতা বেনাৰ্জী

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কংগ্ৰেছ দলটোক বিজেপিৰ "বি টিম" বুলি অভিহিত কৰে। বেনাৰ্জীয়ে কয় যে এই কংগ্ৰেছৰ লগত মই এসময়ত জড়িত হৈ থকা নাই। ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে টিএমচিয়ে নিজৰ চাপ বৃদ্ধি কৰিবলৈ বিচৰা ত্ৰিপুৰাত অনুষ্ঠিত এক সভাত ভাষণ দি বিজেপিৰ লগতে কংগ্ৰেছকো সমালোচনা কৰে মমতা বেনাৰ্জীয়ে।
Read More
ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ…

ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ…

ছত্তীশগড়ৰ বিজাপুৰত বিজেপি নেতাক হত্যা মাওবাদীৰ। গাঁৱত বিয়া খাবলৈ যাওতেই অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা বিজেপি নেতাজনক। নিহত লোকজনৰ নাম নীলকান্ত কাকেম বুলি জানিব পৰা গৈছে। উছুৰত বিজেপিৰ প্লক সভাপতি আছিল নিহত কাকেম। পৰিয়ালৰ সৈতে তেওঁ পৈকৰামলৈ বিয়া খাবলৈ গৈছিল। সেই সময়তে পৰিয়ালৰ সন্মুখতে কাকেমক হত্যা কৰে মাওবাদীয়ে।
Read More
কৰ্ণাটকত এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ কাৰখানা উদ্বোধন প্ৰধানমন্ত্ৰীৰ…

কৰ্ণাটকত এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ কাৰখানা উদ্বোধন প্ৰধানমন্ত্ৰীৰ…

সোমবাৰে কৰ্ণাটকৰ টুমাকুৰুত এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ কাৰখানা উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটযোগে কয় যে, ‘এয়া এক নিবেদিত নতুন গ্ৰীণফিল্ড হেলিকপ্টাৰ কাৰখানা, যিয়ে ভাৰতৰ হেলিকপ্টাৰ নিৰ্মাণৰ ক্ষমতা আৰু পৰিৱেশ তন্ত্ৰ বৃদ্ধি কৰিব। এক বিবৃতি অনুসৰি, হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)ৰ কাৰখানাই প্ৰথমে লাইট ইউটিলিটি হেলিকপ্টাৰ (এল ইউ এইচ) উৎপাদন কৰিব।
Read More