28
Feb
কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে কাশ্মীৰী পণ্ডিত। এনে পৰিস্থিতিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ অধিক ক্ষীপ্ৰ অভিযান আৰম্ভ কৰিছে সেনাই। মঙলবাৰে এনে অভিযানত এজন সন্ত্ৰাসবাদী নিহত হয়। সংবাদ সংস্থা এএনআইৰ মতে, মঙলবাৰে কাশ্মীৰৰ অৱন্তিপোৰাত এটা সন্ত্ৰাসবাদী শিবিৰৰ বিষয়ে গোপন খবৰ লাভ কৰে সেনাই। ইয়াৰ পিছতে সেনা, অৰ্ধসামৰিক বাহিনী আৰু কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰে। নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ কথা জানিব পাৰি জেহাদীসকলে গুলীচালনা আৰম্ভ কৰে। জোৱানেও উত্তৰ দিয়ে। দীৰ্ঘসময় ধৰি চলা এই সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। জানিব পৰা মতে যোৱা দেওবাৰে নিহত হোৱা কাশ্মীৰী পণ্ডিতজনৰ হত্যাৰ সৈতে জড়িত আছিল নিহত সন্ত্ৰাসবাদীজন। মন কৰিবলগীয়া যে যোৱা দেওবাৰে পুৱা পুলৱামাত সঞ্জয় শৰ্মা…
