ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মোৰ নাম সাৱৰকাৰ নহয়, মোৰ নাম গান্ধী। আৰু গান্ধীয়ে কেতিয়াও ক্ষমা নোখোজেঃ ৰাহুল গান্ধী…

মোৰ নাম সাৱৰকাৰ নহয়, মোৰ নাম গান্ধী। আৰু গান্ধীয়ে কেতিয়াও ক্ষমা নোখোজেঃ ৰাহুল গান্ধী…

লোকসভাৰ সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাৰ এদিন পিছতে শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ ব্ৰিটেইন, প্ৰধানমন্ত্ৰী মোডীৰ উপাধিৰ মন্তব্য আৰু তেওঁ ক্ষমা বিচাৰিব লাগে নে নাইক লৈ এখন সংবাদমেল সম্বোধন কৰে যাৰ বাবে তেওঁ কয়, ‘মোৰ নাম সাৱৰকাৰ নহয়। মোৰ নাম গান্ধী। গান্ধীয়ে কাৰো ওচৰত ক্ষমা নিবিচাৰে”। ৱায়ানাদৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ চকুত ভয় দেখিবলৈ পায় আৰু তেওঁ আজীৱন অযোগ্য হ’ব বা কাৰাগাৰত ভৰ্তি হ’ব বুলি ভয় নকৰে। “মই মোৰ কাম কৰি যাম। মোৰ দেশৰ বাবে যুঁজি থাকিম। প্ৰধানমন্ত্ৰী মোডী আৰু আদানীৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰি থাকিম। মই সত্যৰ বাবে যুঁজি যাম যিটো এতিয়া মোৰ চূড়ান্ত…
Read More
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ, ৮ বছৰলৈ অৱতীৰ্ণ হ’ব নোৱাৰিব নিৰ্বাচনত…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ, ৮ বছৰলৈ অৱতীৰ্ণ হ’ব নোৱাৰিব নিৰ্বাচনত…

কংগ্ৰেছৰ বাবে এক বৃহৎ বিপৰ্যয়! ২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল দলটোৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ সাংসদ পদ। লোকসভা সচিবালয়ে ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিছতে তেওঁ প্ৰতিনিধিত্ব কৰা বায়ানাড সমষ্টিটোক খালী ঘোষণা কৰে। যাৰ বাবে নিৰ্বাচন আয়োগে এতিয়া এই আসনৰ বাবে বিশেষ নিৰ্বাচন ঘোষণা কৰিব পাৰিব। ইফালে ৰাহুল গান্ধীয়ে আগন্তুক ৮ বছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলিও ঘোষণা কৰা হৈছে। ষ্টক কেলেংকাৰীত নাম সাঙোৰ খাই পৰা পুঁজিপতি গৌতম আদানীৰ সৈতে প্ৰধানমন্ত্ৰীৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰা ৰাহুল গান্ধীয়ে তেওঁৰ সাংসদ পদ খাৰিজ কৰাটো এক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। ৰাহুল গান্ধীৰ সাংসদ…
Read More
নিশা তিনি মহলীয়া অট্টালিকা খহি মৃত্যু কণমানি ভাতৃ-ভগ্নীসহ ৩ জনৰ…

নিশা তিনি মহলীয়া অট্টালিকা খহি মৃত্যু কণমানি ভাতৃ-ভগ্নীসহ ৩ জনৰ…

শুই থকা সময়তে মাজনিশা হঠাৎ এটা তিনি মহলীয়া অট্টালিকা খহি পৰাত দুই শিশুসহ ৩ জনৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ৬ জন লোক। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ ৰামাজোগীপেটাত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱতি নিশা প্ৰায় ২ বজাত হঠাৎ খহি পৰে তিনি মহলীয়া অট্টালিকাটো। এই ঘটনাৰ খবৰ লাভৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ৬ জন আহতক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত নিহত তিনিজনক সাকেতি অঞ্জলি (১৪), সাকেতি দুৰ্গাপ্ৰসাদ (১৬) আৰু চথুৰ (৩৫) বুলি চিনাক্ত কৰা হৈছে। নিহত অঞ্জলি আৰু দুৰ্গাপ্ৰসাদ ভাতৃ-ভগ্নী হোৱাৰ বিপৰীতে বিহাৰৰ নিৱাসী চথুৰ অট্টালিকাটোৰ তলৰ মহলাত থকা এখন ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল।…
Read More
নিশা ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ, একেটা পৰিয়ালৰ ৪ জনৰ মৃত্যু

নিশা ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ, একেটা পৰিয়ালৰ ৪ জনৰ মৃত্যু

মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল’লে একেটা পৰিয়ালৰ ৪ জনকৈ সদস্যই। বুধবাৰে মাজনিশা পুনে-আহমেদনগৰ ঘাইপথত সংঘটিত হোৱা লোমহৰ্ষক দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন ৭ জন লোক। জানিব পৰা মতে, পুনে জিলাৰ শ্বিৰুৰ আমদাবাদ গাঁৱৰ নিৱাসী পৰিয়ালটোৱে বুধবাৰে দেৱগড় আৰু শনি শ্বিংনাপুৰ ভ্ৰমণলৈ গৈছিল। মন্দিৰ দৰ্শন কৰি নিশা পৰিয়ালটোৱে উভতি অহাৰ পথতে পুনে-আহমেদনগৰ ঘাইপথত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে দুৰ্ঘটনাত পতিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাটোত ৪ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত ৭ জনক পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। নিহত সকলক ৰাজেন্দ্ৰ বিষ্ণু ছালভে (৩৩), বিজয়…
Read More
ED, CBIৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ ১৪টাকৈ বিৰোধী দল…

ED, CBIৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ ১৪টাকৈ বিৰোধী দল…

ইডি আৰু চিবিআইৰ অপব্যৱহাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বিৰোধী। ১৪টা বিৰোধী দলে তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে স্বেচ্ছাচাৰী ব্যৱহাৰৰ অভিযোগ তুলি কাষ চাপে সৰ্বোচ্ছ ন্যায়ালয়ৰ। বিৰোধী দলসমূহৰ ভিতৰত আছে কংগ্ৰেছ, শিৱসেনা, আপ, ডি এম কে, আৰ জে ডি, টি এম চি, এন চি পি, জে ডি ইউ), চি পি আই (এম) আৰু সমাজবাদী পাৰ্টি আদি। জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে আদালতত কয় যে চি বি আই আৰু ই ডিৰ দৰে কেন্দ্ৰীয় সংস্থাই দাখিল কৰা গোচৰৰ ৯৫% বিৰোধী নেতাৰ বিৰুদ্ধে।
Read More
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পিছতে উদ্ধৱ ঠাকৰেৰ প্ৰতিক্ৰিয়া! ক’লে- এয়া গণতন্ত্ৰৰ হত্যা

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পিছতে উদ্ধৱ ঠাকৰেৰ প্ৰতিক্ৰিয়া! ক’লে- এয়া গণতন্ত্ৰৰ হত্যা

‘মোডী উপাধি’ মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে ৰাহুল গান্ধীক লোকসভাৰ সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাৰ পিছত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ইয়াক “গণতন্ত্ৰৰ প্ৰত্যক্ষ হত্যা” বুলি অভিহিত কৰে। উদ্ধৱে কয়, “চোৰ, চোৰক মাতিলে আমাৰ দেশত অপৰাধ হৈ পৰিছে। চোৰ আৰু লুটপাত…মুক্ত আৰু ৰাহুল গান্ধীক শাস্তি দিয়া হ’ল।” তেওঁ অভিযোগ কৰে যে চৰকাৰী ব্যৱস্থাসমূহ হেঁচাত পৰিছে।
Read More
শ্ৰীৰামপুৰত ট্ৰাকেৰে সৰবৰাহৰ সময়তে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ, ৩ জনক আটক

শ্ৰীৰামপুৰত ট্ৰাকেৰে সৰবৰাহৰ সময়তে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ, ৩ জনক আটক

শেহতীয়াকৈ বংগ সীমান্তত ট্ৰাকেৰে সৰবৰাহৰ সময়তে অভিযান চলাই শ্ৰীৰামপুৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি বাঁহ ভৰ্তি ট্ৰাকখন আৰক্ষীয়ে নিয়মীয়াকৈ পৰীক্ষাৰ সময়ত আটক কৰে। অসমৰ পৰা আন ৰাজ্যলৈ লৈ যোৱা বিদেশী চিগাৰেটখিনিৰ মূল্য কেইবা লাখ টকা বুলি অনুমান কৰা হৈছে। ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ আছিল ইউ পি ৭৮এইচএন ৩৪৩৫। আৰক্ষীয়ে জব্দ কৰাৰ সন্দৰ্ভত অভিষেক কুমাৰ আৰু ছতু কুমাৰ কাশ্যপ নামৰ দুজন ব্যক্তিক আটক কৰিছে। ট্ৰাকখনৰ চালকজনকো আটক কৰে। এই জব্দ শ্ৰীৰামপুৰ আৰক্ষীৰ বাবে এক উল্লেখযোগ্য বিজয়, যিয়ে অঞ্চলটোত অবৈধ সৰবৰাহৰ কাৰ্যকলাপ দমন কৰি আহিছে। আৰক্ষীয়ে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজি অঞ্চলটোত আইন-শৃংখলা বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ…
Read More
হাওৰাত ভয়ংকৰ দুৰ্ঘটনাত ৩ জনৰ মৃত্যু, আহত ৯ জন

হাওৰাত ভয়ংকৰ দুৰ্ঘটনাত ৩ জনৰ মৃত্যু, আহত ৯ জন

পশ্চিম বংগৰ হাওৰা জিলাত মঙলবাৰে পুৱা এখন চৰকাৰী বাছ আৰু এখন গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষত তিনিজন লোক নিহত হোৱাৰ লগতে আন ৯ জন আহত হয়। বাগনান আৰক্ষী থানা এলেকাৰ ঈশ্বৰীপুৰৰ ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ প্ৰভাৱ এনেকুৱা আছিল যে গাড়ীখনৰ বনেটকে ধৰি সন্মুখৰ অংশটো ধাতুৰ থোপালৈ পৰিণত হৈছিল। গাড়ীৰ কিছু অংশ গেছ কাটাৰেৰে টুকুৰা টুকুৰ কৰি মৃতদেহবোৰ উলিয়াই আনিবলগীয়া হৈছিল। মৃত লোক কেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। বাছখনৰ ৯ জন যাত্ৰী আহত হয়, আৰু ইয়াৰে পাঁচজন লোকক বাগনান চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে বাকীসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয়।
Read More
সহায় কৰাৰ চলেৰে দৃষ্টিহীনা যুৱতীক ধৰ্ষণ! স্বেচ্ছাসেৱী সংস্থাৰ দুই কৰ্মীক গ্ৰেপ্তাৰ…

সহায় কৰাৰ চলেৰে দৃষ্টিহীনা যুৱতীক ধৰ্ষণ! স্বেচ্ছাসেৱী সংস্থাৰ দুই কৰ্মীক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ অন্ধ স্বামী-স্ত্ৰীক সহায় কৰাৰ নামত স্বেচ্ছাসেৱী সংগঠনৰ দুগৰাকী কৰ্মীৰ বিৰুদ্ধে এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ। অন্ধ স্বামী-স্ত্ৰীৰ ঘৰলৈ গৈ বিভিন্ন বিষয়ত সহায়ৰ হাত আগবঢ়াইছিল অভিযুক্তই। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মী দুগৰাকীয়ে সেই সুযোগ ব্যৱহাৰ কৰি তেওঁক ধৰ্ষণ কৰিছিল। এই ঘটনাই গুজৰাটৰ ভালছাৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে। যদিও এই ঘটনাটো যোৱা আগষ্ট মাহত সংঘটিত হৈছিল, শেহতীয়াকৈ ভুক্তভোগী মহিলাগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি গুজৰাটৰ ছলছুম্বা গাঁৱৰ এটা স্বেচ্ছাসেৱী সংগঠনে নিয়মিতভাৱে অন্ধ পৰিয়ালটোক সহায় কৰিছিল। তেওঁলোকক খাদ্য আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰি আহিছিল। এই সূত্ৰ অনুসৰি…
Read More
বিমানৰ শৌচাগাৰৰ ভিতৰত ধূমপান কৰাৰ অভিযোগত যাত্ৰীক গ্ৰেপ্তাৰ…

বিমানৰ শৌচাগাৰৰ ভিতৰত ধূমপান কৰাৰ অভিযোগত যাত্ৰীক গ্ৰেপ্তাৰ…

ইণ্ডিগ’ বিমানৰ শৌচাগাৰত ধূমপান কৰাৰ অভিযোগত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক। বিমানবন্দৰ আৰক্ষীয়ে জনোৱা মতে, ১৬ মাৰ্চৰ পুৱা প্ৰায় ১.৩০ বজাত অসমৰ পৰা বেংগালুৰুলৈ ইণ্ডিগ’ৰ ৬ ই ৭১৬ বিমানেৰে বেংগালুৰুলৈ গৈ থকা অৱস্থাত ধূমপান কৰি ধৰা পৰে যাত্ৰীজন। বিমানখনৰ ক্ৰুৱে শৌচাগাৰৰ পৰা চিগাৰেটৰ গোন্ধ নিৰ্গত হোৱা লক্ষ্য কৰি কৰ্তৃপক্ষক জনোৱাৰ পিছতে বিষয়টো পোহৰলৈ আহে। বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁক জিম্মাত লোৱা হয় আৰু এই সন্দৰ্ভত বিমানবন্দৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। একেধৰণৰ ঘটনাত মুম্বাইৰ ছাহাৰ আৰক্ষীয়ে ১১ মাৰ্চত এয়াৰ ইণ্ডিয়া লণ্ডন-মুম্বাই বিমানখনৰ লেভেটৰীৰ ভিতৰত ধূমপান কৰাৰ অভিযোগত ভাৰতীয় মূলৰ এজন আমেৰিকান নাগৰিকক গোচৰ ৰুজু কৰিছিল।…
Read More