12
Jul
পাটনাত অনুষ্ঠিত বিৰোধী বৈঠকত অনুপস্থিত আছিল অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি। কিন্তু দিল্লীৰ শাসকীয় দলটোক বেংগালুৰুত বিৰোধীৰ দ্বিতীয়খন বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে। জানিব পৰা মতে, বিজেপি বিৰোধী শক্তিক শক্তিশালী কৰাৰ বাবে মুঠ ২৪টা দলক আমন্ত্ৰণ জনোৱা হৈছে। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে এই বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কেৱল সেয়াই নহয়, সভাৰ আগনিশা কংগ্ৰেছ নেত্ৰী ছোনিয়াই নিজেই আয়োজন কৰিছে এক বিশেষ নৈশ ভোজনৰ। লক্ষ্য ২৪ৰ লোকসভা নিৰ্বাচন। কেন্দ্ৰৰ পৰা মোডী চৰকাৰক উৎখাত কৰিবলৈ বিৰোধীয়ে ঐক্যবদ্ধ যুঁজৰ আহ্বান জনাইছে। যাৰ বিষয়ে ইতিমধ্যে পাটনাত একমুখী আলোচনা হৈছে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ পৰা আৰম্ভ কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ…
