30
Sep
লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনলৈ পৰিণত হ’ল মহিলা সংৰক্ষণ বিধেয়ক। কেন্দ্ৰীয় চৰকাৰে এই আইনক ‘ঐতিহাসিক’ বুলি অভিহিত কৰাৰ সময়তে লালুপ্ৰসাদ যাদৱৰ আৰজেডিৰ জ্যেষ্ঠ নেতা আব্দুল বৰী ছিদ্দিকীয়ে সেই বিধেয়ক সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা দেখা গ’ল। তেওঁ ক’লে, এতিয়া লিপষ্টিক আৰু বব কাট চুলি থকা মহিলাসকলে আহি আন মহিলাৰ অধিকাৰ কাঢ়ি ল’ব। বিহাৰৰ মুজাফ্ফৰপুৰত এক অনুষ্ঠানত ভাষণ দি এই কথা কয় ছিদ্দিকীয়ে। তেওঁৰ ভাষাত, "এইবাৰ মহিলাৰ ৰিজাৰ্ভচনৰ সুবিধা ল'বলৈ মহিলাসকলে লিপষ্টিক লগাই আৰু বব কাট চুলি কাটি আগবাঢ়ি আহিব। পিছপৰা শ্ৰেণীৰ মহিলাৰ বাবে চৰকাৰে সংৰক্ষণ কৰিব লাগিছিল।” প্ৰসংগক্ৰমে এই মহিলা সংৰক্ষণ বিধেয়কখনৰ বিৰোধিতা সংসদত বিগত…
