06
Nov
ক’ৰবাত ৮০, ক’ৰবাত ৯০। নৱেম্বৰৰ আৰম্ভণিতে পিঁয়াজ কিনাৰ সময়ত চকুলো টুকিবলগীয়া হৈছে গ্ৰাহকে। যিটো ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে। সেইবাবেই কেন্দ্রই পিয়াঁজৰ দাম নিয়ন্ত্রণ কৰিবলৈ খৰখেদাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে৷ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতি কেজিত মাত্ৰ ২৫ টকাকৈ বিক্ৰী হ’ব পিঁয়াজ। ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন বা নাফেডে ৰাজ্যসমূহৰ খাদ্য বিভাগৰ সৈতে যৌথভাৱে পিয়াঁজ বিক্ৰী কৰিব। তাকো প্ৰতি কিলোত মাত্ৰ ২৫ টকা। কিন্তু এজন ক্ৰেতাই এটা সময়ত ২ কেজিতকৈ অধিক পিঁয়াজ কিনিব নোৱাৰে। ক’লা বজাৰ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম অৱস্থাত কেইখনমান ডাঙৰ চহৰত পিয়াঁজ সস্তাতে বিক্ৰী হৈছিল। কিন্তু এইবাৰ…
