24
Nov
উত্তৰ কাশীৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলে এতিয়াও দেখা নাই সূৰ্য্যৰ পোহৰ। বৃহস্পতিবাৰে নিশা কিছু সময়ৰ বাবে উদ্ধাৰ কাম বন্ধ কৰি দিয়া হয়। মাটি খন্দা মেচিন হঠাৎ বিকল হৈ পৰাৰ বাবেই বন্ধ হৈ পৰে উদ্ধাৰ অভিযান। লগতে মেচিনটো ৰখা ফ্ল’ৰখনো খহিবলৈ আৰম্ভ কৰে। অৱশ্যে শুকুৰবাৰে পুৱা পুনৰ উদ্ধাৰৰ কাম আৰম্ভ হয়। কিন্তু কেতিয়া শ্ৰমিকক উদ্ধাৰ কৰা হ’ব সেই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই। উদ্ধাৰকাৰীৰ মতে, খৰখেদাকৈ কৰা প্ৰচেষ্টাই বিপদ বৃদ্ধিহে কৰিব পাৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰাক্তন উপদেষ্টা ভাস্কৰ খুলবেয়েবৃহস্পতিবাৰে নিশা উদ্ধাৰকাৰীয়ে দুটা কাম কৰিবলগীয়া হোৱা বুলি জানিবলৈ দিয়ে। যি মজিয়াত মেছিন ৰখা হ’ব সেই মজিয়াখন মেৰামতি কৰা হৈছে। ইয়াৰ উপৰিও…
