28
Nov
আজি ১৭ দিন পাৰ হৈছে উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ শ্ৰমিকৰ উদ্ধাৰ অভিযানৰ। শ্ৰমিকসকলক উলিয়াই অনাৰ বাবে পাঁচটা পদ্ধতিৰে অভিযান অব্যাহত ৰখা হৈছে। বিগত দুসপ্তাহৰো অধিক সময় ধৰি একেৰাহে আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে যদিও এতিয়াও সূৰ্যৰ কিৰণৰ পৰা বঞ্চিত হৈ আছে এই শ্ৰমিকসকল। উদ্ধাৰ অভিযানত ৰেট হোল মাইনিঙৰ জৰিয়তেও চলোৱা হৈছে উদ্ধাৰৰ প্ৰচেষ্টা। অগাৰ মেচিন বিকল হোৱাৰ পিছত ৰেট হোল মাইনিঙৰ জৰিয়তে অনুভূমিক ড্ৰিলিং কৰা হৈছে। এই কামৰ বাবে ৰেট হোল মাইনিং বিশেষজ্ঞ নিয়োগ কৰা হৈছে। এই পদ্ধতিৰে হাতেৰে খনন কাৰ্য চলাইছে শ্ৰমিকসকলে। জানিব পৰা মতে, এতিয়ালৈকে প্ৰায় ৪ মিটাৰ খনন সম্ভৱ হৈছে। ৰেট…
