26
Nov
ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে টি ৰামা ৰাওলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ। তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে কেটিআৰে আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগে ২৬ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত কেটিআৰক এই জাননীৰ উত্তৰ দিবলৈ কয়। টি-ৱৰ্কছ (চৰকাৰী প্ৰতিষ্ঠান)ত নিযুক্তি সন্দৰ্ভত কৰা ঘোষণাৰ ওপৰত তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে। মন্ত্ৰীসকলে তেওঁলোকৰ চৰকাৰী ভ্ৰমণক নিৰ্বাচনী প্ৰচাৰ হিচাপে ব্যৱহাৰ নকৰিবলৈও নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰৰ বিৰুদ্ধেও তেওঁক সকীয়াই দিয়া হৈছে। নিৰ্বাচন আয়োগে জাননীত প্ৰকাশ কৰিছে যে কংগ্ৰেছ নেতা ৰনদীপ সিং সুৰজেৱালাই ২০ নৱেম্বৰত হায়দৰাবাদৰ টি ৱৰ্কছৰ কাৰ্যালয়লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াত তেওঁ বৃহৎ সংখ্যক কৰ্মৰত…