13
Dec
কোনো প্ৰেমিকে যদি প্ৰেমত ব্যৰ্থ হৈ আত্মহননৰ পথ বাছি লয়, তেন্তে প্ৰেমিকাৰ বিৰুদ্ধে আত্মহত্যাত সহযোগ কৰাৰ গোচৰ ৰুজু কৰিব নোৱাৰিব। শেহতীয়া এটা গোচৰৰ পৰিপ্ৰেক্ষিতত ছত্তীশগড় উচ্চ ন্যায়ালয়ে এনে নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়াধীশ পাৰ্থপ্ৰতীম সৌৰ একক বিচাৰপীঠে কয়, “কোনো পৰীক্ষাত বেয়া ফলাফলৰ বাবে যদি কোনো শিক্ষা্ৰ্থীয়ে আত্মহত্যা কৰে, তেন্তে গোচৰ খাৰিজ কৰা হয়। তাৰ বাবে শিক্ষাৰ্থীজনৰ শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰি।" সেই তুলনা কৰি আদালতে কয় যে এজন যুৱকে যদি প্ৰেমত ব্যৰ্থ হৈ আত্মহত্যা কৰে, তেন্তে প্ৰেমিকাৰ বিৰুদ্ধে আত্মহত্যাত উচটনি দিয়াৰ গোচৰ ৰুজু কৰিব নোৱাৰি। চলিত বৰ্ষৰ ২৩ জানুৱাৰীত ছত্তীশগড়ৰ এজন যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হয়। তদন্তই তিনিজন ব্যক্তিৰ ফালে সন্দেহৰ…
