ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ৰাজপথত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ অৰ্জুনজয়ী আৰক্ষী বিষয়াৰ মৃতদেহ, হত্যাৰ সন্দেহ

ৰাজপথত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ অৰ্জুনজয়ী আৰক্ষী বিষয়াৰ মৃতদেহ, হত্যাৰ সন্দেহ

ৰাজপথৰ পৰা উদ্ধাৰ হ’ল এগৰাকী অৰ্জুন বঁটাপ্ৰাপক আৰক্ষী বিষয়াৰ ক্ষত বিক্ষত মৃতদেহ। পঞ্জাৱ আৰক্ষীত কৰ্মৰত প্ৰাক্তন ভাৰত্তোলক দলবীৰ সিঙৰ ৰহস্যজনক পৰিস্থিতিত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পঞ্জাৱৰ জলন্ধৰত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি বছৰৰ অন্তিম দিনটোত বন্ধু-বান্ধৱীক লগ কৰিছিল দলবীৰ সিঙে। ইয়াৰ পিছতে তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক তদন্তত আৰক্ষী বিষয়াগৰাকীক হত্যা কৰা হৈছে বুলি অনুমান কৰা হৈছে। বৰ্তমান পঞ্জাৱ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ২০০০ চনত ভাৰোত্তোলক দলবীৰ সিঙক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছতে তেওঁ পঞ্জাৱ সশস্ত্ৰ আৰক্ষীত ডি এছ পি হিচাপে যোগদান কৰে। ৩১ ডিচেম্বৰত তেওঁ বন্ধু-বান্ধৱীক লগ কৰিছিল। কিন্তু ইয়াৰ…
Read More
শ্বপিং মলত ফটো শ্বুটত বাধা পিতৃ-মাতৃৰ! নতুন বছৰৰ পহিলা দিনটোতে আত্মহনন এগৰাকী যুৱতীৰ

শ্বপিং মলত ফটো শ্বুটত বাধা পিতৃ-মাতৃৰ! নতুন বছৰৰ পহিলা দিনটোতে আত্মহনন এগৰাকী যুৱতীৰ

ফটো তুলি বিশ্ববাসীৰ লগত শ্বেয়াৰ কৰাটো নতুন প্ৰজন্মৰ অন্যতম আবেগ। কিন্তু এই ফটোশ্বুটৰে বাটত হেঙাৰ হৈ থিয় হ’ল পিতৃ-মাতৃ। নতুন বছৰৰ পহিলা দিনটোত শ্বপিং মলত ফটো উঠিব বিচাৰিছিল এগৰাকী তৰুণীয়ে। কিন্তু পিতৃ-মাতৃয়ে বাধা দিয়াৰ বাবেই অভিমানত আত্মহননৰ দৰে পথ বাচি ল’লে যুৱতীগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে বাংগালুৰুৰ সুধামনগৰ অঞ্চলত। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱতীগৰাকীৰ নাম হৈছে বৰ্ষিনী। ২১ বছৰীয়া যুৱতীগৰাকী আছিল বাংগালুৰৰ এখন মহাবিদ্যালয়ৰ স্নাতকৰ ছাত্ৰী। অধ্যয়নৰ লগতে ফটোগ্ৰাফীৰো প্ৰশিক্ষণো লৈছিল যুৱতীগৰাকীয়ে। তেওঁ নতুন বছৰত শ্বপিং মলত ফটো শ্বুট কৰাৰ সিদ্ধান্ত লৈছিল যদিও অভিভাৱকে আপত্তি ব্যক্ত কৰে। এই বিষয়ক লৈ পিতৃ-মাতৃৰ সৈতে কিছু সময় কথাৰ কটাকটি হোৱাৰ পিছত নিজৰ কোঠালৈ…
Read More
বাৰাণসীত প্ৰধামন্ত্ৰী মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক

বাৰাণসীত প্ৰধামন্ত্ৰী মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক

যদি সকলো ঠিকে থাকে তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক। বিজেপিৰ সাংসদ ব্রিজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিঙে শেহতীয়াকৈ ভাৰতীয় মল্লযুঁজ সন্থাৰ নতুন সমিতিৰ সভাপতি নির্বাচিত হোৱাৰ দিনাই নিজৰ জোতা টেবুলত থৈ মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে সাক্ষী মালিকে৷ তেতিয়াই সাক্ষীক বাৰাণসীৰ পৰা মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইণ্ডিয়া এলায়েন্সে প্ৰস্তাৱ দিছিল আৰু তেওঁ সেই কথাত সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। চলিত মাহত ৰাজধানী দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাৰাণসীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ কোনোবা…
Read More
বছৰৰ শেষত যোগীৰাজ্যত নিৰ্মম কাণ্ড! যৌন নিৰ্যাতনৰ বিৰোধিতা কৰাৰ বাবেই দলিত যুৱতীক কঠোৰ শাস্তি

বছৰৰ শেষত যোগীৰাজ্যত নিৰ্মম কাণ্ড! যৌন নিৰ্যাতনৰ বিৰোধিতা কৰাৰ বাবেই দলিত যুৱতীক কঠোৰ শাস্তি

যৌন নিৰ্যাতনৰ প্ৰতিবাদ কৰাৰ বাবেই এগৰাকী ১৮ বছৰীয়া দলিত যুৱতীক বিহা হ’ল নিৰ্মম শাস্তি। বছৰৰ বিদায় বেলাত পুনৰ এবাৰ এই লোমহৰ্ষক ঘটনা সংঘটিত হ’ল যোগী ৰাজ্য উত্তৰ প্ৰদেশত। নিৰ্যাতনৰ বিৰোধিতা কৰাৰ বাবেই উতলা তেলৰ কেৰাহীত ভৰাই কঠোৰ শাস্তি বিহা হয় যুৱতীগৰাকীক। বৰ্তমান সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি হৈ আছে দলিত যুৱতীগৰাকী। আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে যোগীৰাজৰ বাঘপাটত। যুৱতীগৰাকীৰ ভাতৃয়ে আৰক্ষীক অভিযোগ কৰে যে তেওঁৰ ভগ্নীয়ে ধনুদাৰ ছিলভাৰনগৰ গাঁৱৰ এটা তৈল মিলত কাম কৰিছিল। মিলৰ মালিক প্ৰমোদ, তেওঁৰ সংগী ৰাজু আৰু সন্দীপে যুৱতীগৰাকীক নিৰ্যাতন চলায়। প্ৰতিবাদ কৰাৰ সময়ত অভিযুক্তই জাতি উত্থাপন কৰি অশ্ৰাব্য ভাষাত গালি-গালাজ কৰে। ইয়াৰ পিছতে যুৱতীগৰাকীক…
Read More
২২ জানুৱাৰীত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি পালন কৰক দীপাৱলী- দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ

২২ জানুৱাৰীত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি পালন কৰক দীপাৱলী- দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ

২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যাক ৰেল ষ্টেচন আৰু বিমানবন্দৰ উপহাৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে অযোধ্যাবাসীৰ বাবে এই ৰেল ষ্টেচন উচৰ্গা কৰে। বিমানবন্দৰৰ পৰা ৰেল ষ্টেচনলৈকে এটা ৰোড শ্ব’ও কৰা হৈছিল আৰু তাৰ পিছত বুটামটো টিপি বিমানবন্দৰটো অযোধ্যাৰ হাতত গতাই দিয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪০ কোটি দেশবাসীক ২২ জানুৱাৰীত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি সকলোকে দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ২২ জানুৱাৰীৰ সন্ধিয়া চৌদিশ উজ্বলি থকা উচিত। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ জানুৱাৰীৰ ঐতিহাসিক মুহূৰ্তলৈ, এনে পৰিস্থিতিত অযোধ্যাবাসীৰ মাজত এই উৎসাহ অতি স্বাভাৱিক।…
Read More
ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত অংশ ল’লে ছোনীয়া গান্ধীৰ পাপ হ্ৰাস পাবঃ হিমন্ত বিশ্ব শৰ্মা

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত অংশ ল’লে ছোনীয়া গান্ধীৰ পাপ হ্ৰাস পাবঃ হিমন্ত বিশ্ব শৰ্মা

অযোধ্যাত ৰাম মন্দিৰৰ অভিষেকৰ পূৰ্বে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাও তীব্ৰতৰ হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি ছোনিয়া গান্ধী অযোধ্যালৈ যায় তেন্তে হয়তো তেওঁৰ পাপ কমি যাব। ৰাম মন্দিৰৰ অভিষেক আৰু প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবেও বহু বিৰোধী নেতাক নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে কথা পাতি হিমন্ত শৰ্মাই কয় যে কংগ্ৰেছৰ নেতা ৰাম মন্দিৰৰ অনুষ্ঠানলৈ যাওক বা নাযাওক, সকলো কংগ্ৰেছ কৰ্মীয়ে নিশ্চিতভাৱে যাব। হিমন্ত শৰ্মাই কয় যে ‘২২ জানুৱাৰীৰ পিছত কংগ্ৰেছৰ হিন্দু বুথ নেতা, মণ্ডল নেতা আৰু তেওঁৰ পৰিয়াল ৰাম মন্দিৰলৈ যাব।’ কংগ্ৰেছৰ নেতা মন্দিৰলৈ যাব নেকি বুলি সোধাত অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে ‘যদি নাযায়, যদি…
Read More
দিল্লীত স্বাক্ষৰিত আলফাৰ চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি

দিল্লীত স্বাক্ষৰিত আলফাৰ চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি

শুকুৰবাৰে আলফাৰ আলোচনাপন্থী গোটে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰি হিংসা পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ বাবে সন্মতি প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিখন আৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ আলোচনাপন্থী গোট আৰু চৰকাৰৰ মাজত ১২ বছৰ ধৰি বিনাচৰ্ত আলোচনাৰ অন্তত সম্পন্ন হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। শান্তি চুক্তিৰ ফলত অসমত দশক দশক পুৰণি বিদ্ৰোহৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। কিন্তু পৰেশ বৰুৱাৰ নেতৃত্বত আলফাৰ স্বাধীন গোট এই চুক্তিৰ অংশ নহয়। বৰুৱা চীন-ম্যানমাৰ সীমান্তৰ এঠাইত বাস কৰা বুলি অনুমান কৰা হৈছে। ১৯৭৯ চনত “সাৰ্বভৌম অসম”ৰ দাবীৰে আলফা গঠন…
Read More
মৰ্মান্তিক! ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে দাউদাউকৈ জ্বলি উঠিল যাত্ৰীবাহী বাছ, ১৩ জনৰ মৃত্যু

মৰ্মান্তিক! ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে দাউদাউকৈ জ্বলি উঠিল যাত্ৰীবাহী বাছ, ১৩ জনৰ মৃত্যু

মধ্যপ্ৰদেশৰ গুনাত ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে এখন যাত্ৰীবাহী বাছত সংঘটিত অগ্নিকাণ্ডত জীৱন্তে জ্বলি মৃত্যুক সাৱটিবলগীয়া হ’ল ১৩ জনকৈ যাত্ৰীয়ে। বুধবাৰে নিশা প্ৰায় ৯ বজাত গুনা-আৰন পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত আন সোতৰজন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে মৃতকৰ আত্মীয়ক ৪ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰে। এই মৰ্মান্তিক বাছ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা লোকসকলক সাক্ষাৎ কৰিবলৈ আজি গুনালৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰীগৰাকী। ইফালে গুনা জিলা উপায়ুক্ত তৰুণ ৰাথীয়ে মৃতকৰ সংখ্যা নিশ্চিত কৰি আহতসকল সংকটমুক্ত বুলি জানিবলৈ দিয়ে। জিলা উপায়ুক্তগৰাকীয়ে কয় যে, “বৰ্তমান জিলা চিকিৎসালয়খনত…
Read More
দেশত কোভিডৰ JN.1 ভেৰিয়েণ্টৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক, মৃত্যু ৪ জনৰ

দেশত কোভিডৰ JN.1 ভেৰিয়েণ্টৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক, মৃত্যু ৪ জনৰ

দেশত পুনৰবাৰ আতংক বিয়পাবলৈ আৰম্ভ কৰিছে কোভিড মহামাৰীয়ে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এদিনতে দেশত কোভিড-১৯ত আক্ৰান্ত হৈছে ৭০২ জনকৈ লোক। এই পৰিসংখ্যাকে ধৰি সমগ্ৰ দেশতে কোৰোনা আক্ৰান্তৰ সংখ্যা ৪০৯৭ লৈ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত স্বাস্থ্য মন্ত্ৰালয়ে ৰাইজক বিশেষভাৱে সতৰ্ক হ’বলৈ আহ্বান জনাইছে। স্বাস্থ্য মন্ত্ৰালয়ে পুৱা ৮ বজালৈকে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত নতুনকৈ ৬ জন ৰোগীৰ মৃত্যু হৈছে। ইয়াৰে মহাৰাষ্ট্ৰত দুজন আৰু কৰ্ণাটক, কেৰালা, পশ্চিম বংগ আৰু দিল্লীত এজনকৈ ৰোগীৰ মৃত্যু হৈছে। দিল্লীত স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে অসুস্থ লোকক ভিৰত যোৱাৰ পৰা বিৰত থাকিবলৈ কয়। ইয়াৰ পূৰ্বে ২২ ডিচেম্বৰত দেশৰ ভিতৰতে সৰ্বাধিক ৭৫২ জন নতুনকৈ কোভিড আক্ৰান্ত…
Read More
গাড়ীৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ অস্কাৰজয়ী ছবি ‘পেৰাচাইট’ৰ অভিনেতা লী-ছান-কিউনক

গাড়ীৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ অস্কাৰজয়ী ছবি ‘পেৰাচাইট’ৰ অভিনেতা লী-ছান-কিউনক

অস্কাৰ বিজয়ী ছবি 'পেৰাচাইট’ৰ চৰিত্ৰৰ বাবে জনপ্ৰিয় দক্ষিণ কোৰিয়াৰ অভিনেতা লি ছান-কিউনক বুধবাৰে এখন গাড়ীৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। খবৰ অনুসৰি, লী (৪৮)ক চেণ্ট্ৰেল ছিউল পাৰ্কত এখন গাড়ীত মৃত অৱস্থাত উদ্ধাৰ হয়। অভিনেতাগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পূৰ্বে তেওঁৰ পত্নীয়ে আৰক্ষীক অভিনেতাগৰাকীক ঘৰৰ পৰা হঠাৎ ওলাই যোৱাৰ কথা অৱগত কৰিছিল। লগতে ছুইচাইড নোট ধৰণৰ এক পত্ৰও ঘৰত লাভ কৰা বুলি অৱগত কৰিছিল পত্নীয়ে। উল্লেখ কৰিব পাৰি যে গাঞ্জা আৰু অন্যান্য মনোসক্ৰিয় ড্ৰাগছৰ ব্যৱহাৰৰ অভিযোগত লীয়ে আৰক্ষীৰ তদন্তৰ অধীনত আছিল। চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে তদন্তকাৰীৰ সৈতে সাক্ষাৎ কৰিবলৈ ইঞ্চিয়ান আৰক্ষী থানাত প্ৰৱেশ কৰাৰ পূৰ্বে লীয়ে সাংবাদিকৰ আগত কৈছিল, “এনে অপ্ৰীতিকৰ…
Read More