02
May
নিৰ্ব্বাচনৰ সময়ত কংগ্ৰেছ দলে ধৰ্মীয় সংখ্যালঘূ লোকৰ ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হয় ৷ কিন্তু নিৰ্ব্বাচন গলেই সংখ্যালঘূ লোক সকলক পিঠি দিয়ে ৷ স্বাধীনতাৰ পিচৰ পৰাই ইয়াত বসবাস কৰা বহু লোক আছে ৷ এই লোক সকলক কিয় মাটিৰ পট্টা দিয়া নহ'ল ৷ যাৰ বাবে ১ কৌটি ৩০ লাখ সংখ্যালঘূ লোকৰ আজিও বিশেষ পৰিৱৰ্তন হোৱা নাই ৷"- এই মন্তব্য অগপ দলৰ সভাপতি অতুল বৰাৰ৷ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কাৱৈমাৰীত আজি অনুষ্ঠিত এক বিশাল নিৰ্ব্বাচনী সভাত মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ তলাই অগপৰ সভাপতি গৰাকীয়ে কয় যে, সংখ্যালঘূ ৰাইজ যথেষ্ট সচেতন ৷ কিন্তু নিৰ্ব্বাচনৰ সময়ত আমি সেই সচেতনতা প্ৰতিফলন আপোনালোকৰ মাজত…
