29
Oct
ৰেন’ল্ট নিছান এলায়েন্সৰ বাবে বিশ্বজুৰি সামগ্ৰী যোগান ধৰিবলৈ সমৰ্পিত অনন্য উৎপাদন কেন্দ্ৰ ৰেন’ল্ট নিছান অটোমোটিভ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(আৰএনএআইপিএল)-এ চেন্নাইৰ ওৰাগাদামস্থিত সুবিধা কেন্দ্ৰত ৪.৫ মিলিয়ন(৪৫ লাখ)তকৈ অধিক পাৱাৰট্ৰেইন নিৰ্মাণ কৰি গ্ৰাহকৰ বাবে আগবঢ়াই দিছে। ২০১০ চনত উৎপাদন আৰম্ভ হোৱাৰ পিছৰে পৰা বৰ্তমানলৈ ২.৮.৩ মিলিয়ন ইঞ্জিন আৰু ১.৬৭ মিলিয়ন গিয়েৰবক্স প্ৰস্তুত কৰিছে। এই বিষয়ে উৎসাহেৰে নিজৰ অভিমত ব্যক্ত কৰি আৰএনএআইপিএলৰ পৰিচালন সঞ্চালক কীৰ্তি প্ৰকাশে কয় যে, "৪.৫ মিলিয়ন পাৱাৰট্ৰেইন বাহনৰ উৎপাদন আৰএনএআইপিএলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। আমাৰ চেন্নাই প্লাণ্টত উৎপাদিত গাড়ীসমূহক শক্তি প্ৰদান কৰাৰ উপৰিও আমি পাৱাৰট্ৰেইন ইউনিট আৰু কম্পোনেণ্টসমূহ বিশ্বৰ অন্যান্য দেশলৈও ৰপ্তানি কৰিছোঁ।" বৰ্তমান আৰএনএআইপিএল-ৰ দ্বাৰা উৎপাদিত শীৰ্ষ…
