ক্ৰীড়া

২১ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানে পুনৰ মুখামুখি

২১ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানে পুনৰ মুখামুখি

এছিয়া কাপত বুধবাৰে ইউ এ ইক পৰাস্ত কৰে পাকিস্তানে। ইয়াৰ দ্বাৰা নিশ্চিত হ’ল যে ২১ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানে পুনৰ প্ৰতিযোগিতাত মুখামুখি হ’ব। গ্ৰুপ পৰ্যায়ত পাকিস্তানক ৭ উইকেটত সহজে পৰাস্ত কৰে ভাৰতে। পাকিস্তানে ইউ এ ইক পৰাস্ত কৰি ভাৰতৰ সৈতে গ্ৰুপ এ-ৰ পৰা ছুপাৰ ৪ পৰ্যায়লৈ আগবাঢ়ি যায়। ছুপাৰ ৪ৰ বাকী দুটা দল এতিয়া গ্ৰুপ বি-ৰ হ’ব।এই ৰাউণ্ডত প্ৰতিটো দলে এখন এখন মেচ আনটোৰ বিৰুদ্ধে খেলিব। ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত আন এখন মেচ অনুষ্ঠিত হ'ব। এছিয়ান ক্ৰিকেট কাউন্সিলে ইতিমধ্যে প্ৰতিযোগিতাখনৰ পূৰ্বে ছুপাৰ ৪ পৰ্যায়ৰ সূচী চূড়ান্ত কৰিছিল। গ্ৰুপ এ-ৰ পৰা যোগ্যতা অৰ্জন কৰা দল দুটাক এ১ আৰু এ২,…
Read More
একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু

একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু

ভাৰতৰ বৈশালী ৰমেশবাবুৱে ফিডে ৱ'মেনছ গ্ৰেণ্ড চুইচ ২০২৫ৰ খিতাপ জয়লাভ কৰিছে।একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ তথ্য অনুসৰি এই জয়েৰে বৈশালীয়ে ৱমেন কেণ্ডিডেটচ ২০২৬ত নিজৰ স্থান নিশ্চিত কৰিছে। বৈশালীৰ বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে- এয়া এক বৃহৎ কৃতিত্ব। বৈশালী ৰমেশবাবুক অভিনন্দন। তেওঁৰ আবেগ আৰু নিষ্ঠা এক উদাহৰণ। ভৱিষ্যতৰ বাবে শুভেচ্ছা। একে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৈশালীক অভিনন্দন জনাই কয় যে এই বিজয় বিশ্ব পৰ্যায়ত দবাত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰমাণ।
Read More
স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি ভাৰতৰ

স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি ভাৰতৰ

স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ত একেলগে দুটা স্বৰ্ণ পদক লাভ কৰি ভাৰতে ইতিহাসৰ সৃষ্টি কৰিছে। আনন্দ কুমাৰ ভেলকুমাৰে ছিনিয়ৰ পুৰুষৰ ১০০০ মিটাৰ ইভেণ্টত সোণৰ পদক লাভ কৰাৰ বিপৰীতে কৃষ্ণ শৰ্মাই জুনিয়ৰ পুৰুষৰ ১০০০ মিটাৰ ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত কোনো ভাৰতীয়ই স্বৰ্ণ পদক লাভ কৰা নাছিল। স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে আনন্দ কুমাৰ ভেলকুমাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু মন্ত্ৰী আৰু নেতাই তেওঁৰ এই কৃতিত্বৰ প্ৰশংসা কৰিছে। নৰেন্দ্ৰ মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে-স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ৰ ছিনিয়ৰ পুৰুষৰ ১০০০ মিটাৰ ইভেণ্টত সোণৰ পদক লাভ কৰাৰ…
Read More
দেওবাৰে এছিয়া কাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ

দেওবাৰে এছিয়া কাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ

কাইলৈ এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব গ্ৰুপ ষ্টেজৰ হাইভল্টেজ মেচখন।ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ কৰি টিম ইণ্ডিয়াই অভিযান আৰম্ভ কৰিছে। আনহাতে, পাকিস্তানে প্ৰতিযোগিতাখনত প্ৰথমখন মেচ ওমানৰ বিৰুদ্ধে জয় লাভ কৰে। এই টুৰ্ণামেণ্ট ইতিহাসত দুয়োখন দেশে ইজনে আনজনৰ বিৰুদ্ধে ১৮খন মেচ খেলিছে। ভাৰতে ১০ আৰু পাকিস্তানে ৬ খনত জয়লাভ কৰে।কিন্তু যোৱা ১০ বছৰত এই প্ৰতিদ্বন্দ্বিতা একপক্ষীয় হৈ পৰিছে, য’ত পাকিস্তানে ৭খন মেচত মাত্ৰ এবাৰহে জয়লাভ কৰিছে। ১৯৮৪ চনৰ পৰা এছিয়া কাপ অনুষ্ঠিত হৈ আছে।ভাৰত ৮ টা খিতাপ আৰু পাকিস্তানে ২ টা খিতাপ জয় কৰিছে যদিও দুয়োটা দলে কেতিয়াও ফাইনেলত মুখামুখি হ’ব পৰা নাই। ১৯৮৪ চনত প্ৰথম…
Read More
টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ মিচেল ষ্টাৰকৰ

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ মিচেল ষ্টাৰকৰ

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰকে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ৩৫ বছৰীয়া ষ্টাৰকে এই সিদ্ধান্ত লৈছে ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া টেষ্ট আৰু এদিনীয়া বিশ্বকাপৰ ওপৰত গুৰুত্ব আৰোপ কৰি। ২০২৪ চনত তেওঁ বিশ্বকাপৰ শেষৰখন টি-২০ মেচ খেলিছিল। ষ্টাৰকে ৬৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল, য’ত তেওঁ ৭৯টা উইকেট দখল কৰিছিল। অষ্ট্ৰেলিয়াৰ হৈ টি-২০ত তেওঁ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০২২ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে (৪ উইকেট)। ২০২১ চনত ইউ এ ইত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ জয় কৰা অষ্ট্ৰেলিয়ান দলটোৰ অংশ আছিল ষ্টাৰক।তেওঁ কয়-অষ্ট্ৰেলিয়াৰ হৈ প্ৰতিখন টি-২০ মেচ, বিশেষকৈ ২০২১ চনৰ বিশ্বকাপ, কেৱল জয়ৰ বাবেই নহয়, সেই মহান…
Read More
আই পি এলৰ পৰাও অৱসৰ গ্ৰহণ ৰবিচন্দ্ৰন অশ্বিনৰ

আই পি এলৰ পৰাও অৱসৰ গ্ৰহণ ৰবিচন্দ্ৰন অশ্বিনৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে প্ৰবীণ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। এই বিষয়ে তেওঁ  ছ’চিয়েল মিডিয়াত অৱগত কৰে। অশ্বিনে লিখিছে- কোৱা হয় যে প্ৰতিটো শেষত নতুন আৰম্ভণি আছে, আই পি এল ক্ৰিকেটাৰ হিচাপে মোৰ সময় আজি শেষ হৈছে, কিন্তু আন বহু লীগত খেলাৰ সময় আজিৰ পৰা আৰম্ভ হৈছে। ২০২৫ চনৰ আই পি এলত চি এছ কে দলৰ অংশ আছিল অশ্বিন, কিন্তু তেওঁ বহু মেচ খেলা নাছিল। চলিত বৰ্ষৰ আই পি এলৰ অন্তিমখন মেচ ২০ মে’ত খেলিছিল। আই পি এলত ২২১ খন মেচ খেলা অশ্বিনৰ নামত ১৮৭ টা উইকেট (ইকনমি ৰেট ৭.২৯) আৰু ৮৩৩ ৰান (ষ্ট্ৰাইক ৰেট ১১৮)।…
Read More
এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ৩টা সোণসহ ৮ পদক ভাৰতৰ

এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ৩টা সোণসহ ৮ পদক ভাৰতৰ

কাজাখস্তানৰ শ্বিমকেণ্টত অনুষ্ঠিত হৈ থকা ১৬ সংখ্যক এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ অষ্টম দিনত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি ৩টা সোণ, ৩টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক লাভ কৰে। মহিলাৰ ট্ৰেপ ইভেণ্টত ভাৰতে ব্যক্তিগত আৰু দলীয় দুয়োটা ইভেণ্টতে স্বৰ্ণ পদক লাভ কৰে। ব্যক্তিগত প্ৰতিযোগিতাত নীৰু ধনদাই স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে জুনিয়ৰ মহিলা ২৫ মিটাৰ পিষ্টলত ভাৰতেও স্বৰ্ণ পদক লাভ কৰে।মহিলাৰ ট্ৰেপ ইভেণ্টত ভাৰতে লাভ কৰে তিনিটা পদক। অৰ্হতাত ১০৭ পইণ্ট লাভ কৰি পঞ্চম আৰু ষষ্ঠ স্থান দখল কৰে নীৰু ধনদা আৰু আছিমা আহলাৱাটে। অৰ্হতাত ১০৫ পইণ্টেৰে বাহিৰ হয় প্ৰীতি ৰজক। কাটাৰৰ ৰে বেচিলে ১১০ পইণ্টেৰে প্ৰথম স্থান দখল কৰে। ফাইনেলত নীৰুৱে উজ্জ্বল…
Read More
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য পৃষ্ঠপোষকৰ পৰা আঁতৰিল ড্ৰিম১১

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য পৃষ্ঠপোষকৰ পৰা আঁতৰিল ড্ৰিম১১

এছিয়া কাপ ২০২৫ৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য পৃষ্ঠপোষক হিচাপে আঁতৰি অহাৰ সিদ্ধান্ত লৈছে ড্ৰিম১১য়ে। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপত ভাৰতীয় দলৰ জাৰ্চিত ড্ৰিম১১ৰ ব্ৰেণ্ডিং দেখা পোৱা নাযাব। অনলাইন গেমিং বিল ২০২৫ গৃহীত হৈ আইনৰৰূপ লোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।এই আইনখনে ড্ৰিম১১ৰ দৰে ৰিয়েল মানি গেমিং প্লেটফৰ্ম নিষিদ্ধ কৰিছে। ড্ৰিম১১য়ে ২০২৩ চনত বিচিচিআইৰ সৈতে ৩৫৮ কোটি টকাত তিনি বছৰৰ পৃষ্ঠপোষকতা চুক্তি স্বাক্ষৰ কৰিছিল, যিটো ২০২৬ চনলৈ আছিল। এই চুক্তিৰ অধীনত বিচিচিআইয়ে ঘৰুৱা প্ৰতিখন খেলৰ বাবে ৩ কোটি টকা আৰু বহিঃৰাজ্যত খেলা প্ৰতিখন মেচৰ বাবে ১ কোটি টকা লাভ কৰিছিল। চুক্তি শেষ…
Read More
পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল ৱেষ্ট ইণ্ডিজৰ

পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল ৱেষ্ট ইণ্ডিজৰ

পাকিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাত ২-১ত জয়লাভ কৰিছে ৱেষ্ট ইণ্ডিজে। ইয়াৰ সৈতে আয়োজক দলটোৱে শৃংখলাত ৩৪ বছৰীয়া জয়ৰ অপেক্ষাৰ অন্ত পেলাইছে। কিন্তু, ছিৰিজৰ শেষৰখন মেচত ৱেষ্ট ইণ্ডিজৰ দলটোৱে পাকিস্তানক সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে, য’ত প্ৰথমে বেটিং কৰি তেওঁলোকে ২৯৪ ৰানৰ ডাঙৰ স্ক’ৰ অৰ্জন কৰে।ইয়াৰ পিছত মাৰাত্মকভাৱে বলিং প্ৰদৰ্শনৰে আলহী দলটোক ৯২ ৰানত অল আউট কৰে। পুৰুষৰ এদিনীয়াত ৱেষ্ট ইণ্ডিজে এইবাৰসহ চতুৰ্থবাৰলৈ ২০০ ৰো অধিক ৰানেৰে জয়লাভ কৰিছে। ট্ৰিনিদাদৰ ব্রায়ান লাৰা ষ্টেডিয়ামত খেলা এই মেচখন শৃংখলা মৰণপনৰ যুঁজ আছিল আৰু পাকিস্তান দলৰ অধিনায়ক মহম্মদ ৰিজৱানে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু, ৰিজৱানৰ এই সিদ্ধান্তই যেন তেওঁৰ দলটোক…
Read More
ইউ এছ অ’পেনৰ বিজেতাই লাভ কৰিব ৪৪ কোটি টকা

ইউ এছ অ’পেনৰ বিজেতাই লাভ কৰিব ৪৪ কোটি টকা

বছৰৰ অন্তিমটো গ্ৰেণ্ড শ্লেম প্ৰতিযোগীতা ইউ এছ অ’পেন ২০২৫ এইবাৰ ২৪ আগষ্টৰ পৰা নিউয়ৰ্কত আৰম্ভ হ’ব আৰু ৭ ছেপ্টেম্বৰত সমাপ্ত হ’ব।এইবাৰ এই গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ ইতিহাসৰ সৰ্বোচ্চ পুৰস্কাৰৰ ধন ঘোষণা কৰা হৈছে, যিটো হ’ল ৯০ মিলিয়ন ডলাৰ। আনহাতে, যোৱা বছৰ পুৰস্কাৰৰ ধন আছিল ৭৫ মিলিয়ন ডলাৰ। ২০ শতাংশ বৃদ্ধি কৰি খেলুৱৈসকলৰ উৎসাহ আৰু অধিক বৃদ্ধি কৰা হৈছে। ইউ এছ অ’পেন ২০২৫ৰ পুৰস্কাৰৰ ধন ৯ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৭৯০ কোটি টকা। এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলা একক শাখাৰ বিজয়ীক ৫ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৪৪ কোটি টকা দিয়া হ’ব। একে সময়তে ৰানাৰ্ছ আপক ২.৫ মিলিয়ন ডলাৰ অৰ্থাৎ ২২ কোটি টকা…
Read More