24
Aug
ভাৰতৰ অভিজ্ঞ অপেনাৰ শিখৰ ধাৱানে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। দুবছৰ পূৰ্বে দেশৰ হৈ অন্তিমখন খেল খেলা বাওঁহাতী ক্ৰিকেটাৰজনে কয় যে তিনিওটা ফৰ্মেটত দেশক প্ৰতিনিধিত্ব কৰাৰ পিছত তেওঁ এজন সন্তুষ্ট ব্যক্তি হিচাপে এই খেলক বিদায় জনাইছে। ৩৮ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০১০ চনত বিশাখাপত্তনমত অনুষ্ঠিত এখন এদিনীয়া খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ২০২২ চনত বাংলাদেশৰ বিৰুদ্ধে দেশৰ হৈ তেওঁৰ অন্তিমখন খেল খেলিছিল। তেওঁ কয় - মই মোৰ ক্ৰিকেট যাত্ৰাৰ এই অধ্যায়টো সমাপ্ত কৰি আছোঁ, কিন্তু মোৰ সৈতে আছে অগণন স্মৃতি আৰু মই বহুত কৃতজ্ঞ। মৰম আৰু সমৰ্থনৰ বাবে আপোনালোকক ধন্যবাদ। জয় হিন্দ। তেওঁ এই পোষ্টটোৰ মুকলি কৰা…
