11
Jan
ৰাজ্যিক মৰ্য্যদা লাভ কৰা অসমৰ প্ৰথম গৰাকী ফটো সাংবাদিক তৰনী কান্ত বৰ্মন। সনামধন্য ফটো সাংবাদিক গৰাকীৰ ১৭ জানুৱাৰীৰ জম্ম বাৰ্ষিকীত দিশপুৰৰ লোক নিৰ্মান প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ফটো জাৰ্ণেলিষ্ট তৰনী কান্ত বৰ্মন মেমৰিয়েল ট্ৰাষ্টে শিল্পী গৰিকীৰ নামত বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে। এইবাৰৰ "তৰনী কান্ত বৰ্মন বঁটা -২০২২" সম্মানৰ বাবে নিৰ্বাচিত হৈছে দ্যা আছাম ট্ৰিবিউন কাকতৰ বিশিষ্ট চিত্ৰশিল্পী- কাৰ্টুনিষ্ট প্ৰদীপ নাথ। ৰাজ্যৰ সকলো শ্ৰেনীৰ জনসাধাৰনৰ মাজত বিশেষ ভাৱে জনপ্ৰিয় ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ ২০২০ চনৰ ২২ ফেব্ৰুৱাৰীত পৰোলোক প্ৰাপ্তি ঘটে। দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূতত ফটো সাংবাদিকতা কৰা তৰনী কান্ত বৰ্মনে ফৰেনচিক বিজ্ঞানাগাৰৰ পৰা ফটোগ্ৰাফীত সহকাৰী বৈজ্ঞানিক হিচাপে অৱসৰ লৈছিল।…
