11
Apr
এখন সংবাদমেলত সন্থাৰ সভাপতি বিশ্বজিৎ ছেত্রীয়ে কয়-বিদ্যালয়খন প্রাদেশিকীকৰণ নোহোৱাৰ অৱস্থাতেই বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰথম আৰু দ্বিতীয় শিক্ষকৰ দৰেই নিযুক্তি দিছিল যদিও কোনো এখন চৰকাৰে পদ সমূহ প্রাদেশিকীকৰণৰ ব্যৱস্থা আজিকোপতি গ্ৰহণ নকৰিলে। প্রাদেশিকীকৰণ নোহোৱা অৱস্থাৰ পৰাই ইউ-ডি আই এছ ই (U-DISE)ত নাম অন্তর্ভুক্ত আছিল যদিও প্ৰাদেশিকীকৰণৰ পৰৱৰ্তী সময়ছোৱাত চক্রান্তমূলকভাৱে পদসমূহ নিচিহ্ন কৰাৰ উদ্দেশ্যে তৃতীয় সহকাৰী শিক্ষক কিছু সংখ্যকৰ নাম ইউ-ডি আই এছ ই (U-DISE) ৰ পৰা কৰ্ত্তন কৰিছে। ইয়াৰ সদুত্তৰ জিলা শিক্ষা বিষয়া বা খণ্ড শিক্ষা বিষয়া কাৰোৰে পৰা পোৱা নগ'ল। বিদ্যালয়ৰ সত্য আৰু শুদ্ধ তথ্যৰ আধাৰত তৃতীয় সহকাৰী শিক্ষক সকলৰ কথাও ইউ-ডি আই এছ ই (U-DISE) ত অন্তর্ভুক্ত হৈ থাকিব…
