উত্তৰ-পূৱ

এন এফ ৰে’লৱেৰ মজদুৰ ইউনিয়নৰ মে’দিৱসৰ প্ৰস্তুতি

এন এফ ৰে’লৱেৰ মজদুৰ ইউনিয়নৰ মে’দিৱসৰ প্ৰস্তুতি

এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে সমূহ শ্রমজীৱী জনসাধাৰণলৈ ঐতিহাসিক মে’ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে ১৮৮৬ চনত আমেৰিকাৰ চিকাগো চহৰত শ্ৰমিকৰ হকে প্রাণ আহুতি দিয়া মহান শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। এক বিজ্ঞপ্তিত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশিস বিশ্বাস আৰু যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে কয় যে শ্রমিক শ্রেণীৰ ওপৰত চলি থকা শোষণ-নিষ্পেষণৰ অৱসান ঘটাই এখন শোষণমুক্ত সমাজ ব্যবস্থা গঢ়ি তোলাই হৈছে মে দিৱস পালনৰ তাৎপর্য।  বিগত সময়ছোৱাত কেইবা নিযুত কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। বৃহৎ বৃহৎ কোম্পানীবোৰৰ পৰা হাজাৰ হাজাৰ কৰ্মচাৰী ছাটাই হ'বলগীয়া হৈছে। কেন্দ্রীয় তথা ৰাজ্যিক চাকৰিয়ালে পাই থকা সা-সুবিধাসমূহ কৰ্তন কৰা হৈছে। পদ কর্তন কৰা হৈছে, নতুন…
Read More
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম্প’লয়িজ এছোচিয়েছনৰ নিৰ্বাচন সম্পন্ন  ; ফলাফল ঘোঘণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম্প’লয়িজ এছোচিয়েছনৰ নিৰ্বাচন সম্পন্ন ; ফলাফল ঘোঘণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম্প'লয়িজ এছোচিয়েছনৰ  ( জি ইউ ই এ ) ২০২২ - বৰ্ষৰ বিষয়ববীয়াৰ বাছনি ( চি - গ্ৰেড )  সন্দৰ্ভত কালি ষ্টুডেন্টছ ডে হোমত নিৰ্বাচন অনুষ্ঠিত হয় । পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ২ বজালৈ তিনিটা বিষয়ববীয়া  আৰু সাতোটা সদস্যৰ  বাছনিৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ২১৫ টা ভোটাৰ কৰ্মচাৰীৰ ভিতৰত ১৯৬ জনে ভোটদান কৰে । ভোটদানৰ হাৰ আছিল ৯১ শতাংশ । আনহাতে নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াৰ দায়িত্বত আছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি । ইফালে বিয়লি প্ৰায় ৩ বজাৰ পৰা অনুষ্ঠিত ভোটগণনাৰ অন্তত সন্ধিয়া ফলাফল সমূহ ঘোষণা কৰা হয় । সেই অনুসৰি সাধাৰণ সম্পাদক পদত অঞ্জনজ্যোতি পাটোৱাৰী ,…
Read More
৮ মে’ত বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ বাৰ্ষিক অধিবেশন

৮ মে’ত বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ বাৰ্ষিক অধিবেশন

দক্ষিণ কামৰূপৰ অন্যতম পথিকৃৎ সাহিত্যানুষ্ঠান "বঙৰা আঞ্চলিক সাহিত্য মঞ্চ"ৰ সপ্তম বৰ্ষীয় অধিবেশনখনি অহা ৮ মে' তাৰিখে দিনযোৰা কাৰ্যসূচীৰে বঙৰাস্থিত "শ্রী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়" প্ৰাংগণত আয়োজন কৰা হৈছে বুলি মঞ্চৰ সম্পাদক ধৰণীধৰ নাথে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে। উক্ত দিনা পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব মঞ্চৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ গৌৰীকান্ত নাথে। ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰিব বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই। ১০ বজাৰ পৰা চিত্ৰাংকণ প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দিনৰ ১১ বজাত স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানৰ অন্তত আবেলি ২:৩০ বজাত হ'বলগীয়া মুকলি সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী…
Read More
দিশপুৰ কলেজত কেৰিয়াৰ কাউনছিল প্ৰগ্ৰেম

দিশপুৰ কলেজত কেৰিয়াৰ কাউনছিল প্ৰগ্ৰেম

 দিশপুৰ কলেজৰ বাণিজ্য বিভাগ আৰু কেৰিয়াৰ কাউনছিল এণ্ড  এৱাৰনেচ  কোষৰ সহযোগত ইন্সটিটিউত অব কোম্পানী চেক্ৰেটাৰী দ্বাৰা কেৰিয়াৰ কাউনছিলৰ  সজাগতা অনুষ্ঠিত কৰা হয় ।শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সজাগতা অনুষ্ঠান বাণিজ্য বিভাগৰ প্ৰতিষ্ঠাপক  অধ্যাপক ড: জ্যোতিষ গোস্বামীয়ে কয় যে বৰ্তমান গোলকীকৰণৰ তথা  প্ৰতিযোগিতামূলক জগতত শৈক্ষিক পৰিবেশ উত্তৰণৰ দিশত সজাগতা অনুষ্ঠানৰ জৰিয়তে বিভিন্ন দিশ সাঙুৰি লৈ ছাত্ৰ-ছাত্ৰীয়ে নিষ্ঠাৰে কঠোৰ পৰিশ্ৰমী হব লাগিব । সমল ব্যক্তি কোম্পানী চেক্ৰেটাৰী ড: মোহিত শ্ব জনোৱা মতে  বৰ্তমান পৰিস্থিতিত কোম্পানী চেক্ৰেটাৰী পাঠ্যক্ৰম  অধ্যয়ন কৰি কৰ্পোৰেটত নিশ্চিত নিয়োগ সুবিধা প্ৰাপ্তি একমাত্ৰ পাঠ্যক্ৰম বুলি কয় । চৰকাৰী বেচৰকাৰী  কোম্পানী তথা চৰকাৰী খণ্ডত কোম্পানী  চেক্ৰেটাৰী হিচাপে সংস্থাপন কৰিবলৈ সুচল হেতুকে…
Read More
প্ৰথম বাৰৰ বাবে  এক  নং ৱাৰ্ডত অগপক এক হাজাৰৰো অধিক সংখ্যালঘু  ভোটাৰৰ ভোটদান ; বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ধন্যবাদ জ্ঞাপন

প্ৰথম বাৰৰ বাবে এক নং ৱাৰ্ডত অগপক এক হাজাৰৰো অধিক সংখ্যালঘু ভোটাৰৰ ভোটদান ; বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ধন্যবাদ জ্ঞাপন

পশ্চিম গুৱাহাটী সমষ্টিৰ  গুৱাহাটী পৌৰ নিগমৰ এক নং ৱাৰ্ডৰ  ৰাজনৈতিক ইতিহাসত  প্ৰথম বাৰৰ বাবে   সদ্যসমাপ্ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত  পূৰ্বৰ নিৰ্বাচনৰ তুলনাত  ৱাৰ্ডটোত  সংখ্যালঘূ সম্প্ৰদায়ৰ   সহস্ৰাধিক ভোটাৰে  মিত্ৰজোঁটৰ  হৈ প্ৰতিদ্বন্দ্বিতা কৰা অগপৰ প্ৰাৰ্থী ৰঞ্জন পাটোৱাৰীক ভোটদান কৰি  উৎসাহিত কৰা বাবে পশ্চিম  গুৱাহাটীৰ বিধায়ক আৰু অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই  ধন্যবাদ জ্ঞাপন কৰিছে ।  এটা বিবৃতিত বিধায়ক কলিতাই কয় এক নং ৱাৰ্ডৰ  সংখ্যালঘূ সম্প্ৰদায়ৰ  শতাধিক যুৱকে নিৰ্বাচনকালীন সময়ছোৱাত কঠোৰ পৰিশ্ৰম কৰি মিত্ৰজোটৰ অগপ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰিবলৈ নিৰলস প্ৰচেষ্টা কৰিছিল ।  অৱশ্যে  নগণ্যসংখ্যক ভোটত  পৰাজিত হলেও  জনতাৰ এই ৰায় আমি মানি লৈ আমাৰ দলৰ প্ৰতি অকুণ্ঠ সমৰ্থন জনোৱা প্ৰতিগৰাকী ভোটাৰক  আন্তৰিক…
Read More
ডিব্ৰুগড়লৈ প্ৰধানমন্ত্ৰী মোডী

ডিব্ৰুগড়লৈ প্ৰধানমন্ত্ৰী মোডী

কাৰ্বিআংলঙৰ পৰা প্ৰধানমন্ত্ৰী মোডী ৰাওনা হ’ল ডিব্ৰুগড়লৈ। কাৰ্বিআংলঙত ৫০০ কোটি ধন ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কেইবাখনো শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিলে মোডীয়ে। আনহাতে ডিব্ৰুগড়ত ১-৪৫ বজাত আৰম্ভ হ’ব মোডীৰ সভা। এই সভাত উপস্থিত থাকিব টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা। ডিব্ৰুগড়ৰ পৰাই ৰাজ্যৰ আন কেইবাখনো জিলাত নিৰ্মাণ সম্পূৰ্ণ হোৱা কেঞ্চাৰ হাস্পতাল ভাৰ্ছুুৱেলী উদ্বোধন কৰিব মোডীয়ে। অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত মুঠ ১৭ খনকৈ কেঞ্চাৰ হাস্পতাল নিৰ্মাণ কৰিব।
Read More
ট্ৰাক খুন্দা প্রধানমন্ত্রী সভালৈ যোৱা যাত্রীবাহীৰ

ট্ৰাক খুন্দা প্রধানমন্ত্রী সভালৈ যোৱা যাত্রীবাহীৰ

প্রধানমন্ত্রী সভালৈ যোৱা যাত্রীবাহী ট্রেভেলাৰৰ খুন্দা ট্রাকত। নগাঁৱৰ কঠিয়াতলী চাৰিআলিত দুৰ্ঘটনা। আহত কেইবাজনো লোক। পশ্চিম কাৰ্বি আলংঙৰ পৰা আহিছিল যাত্রীবাহী ট্রেভেলাৰখন।
Read More
ড্ৰাগছৰ ৬ সৰবৰাহকাৰী আটক

ড্ৰাগছৰ ৬ সৰবৰাহকাৰী আটক

ড্ৰাগছৰ বিৰুদ্ধে হোজাই জিলা আৰক্ষী প্ৰশাসনে অভিযান চলাই থকা সময়তে মঙলবাৰে নিশা মোৰাঝাৰ আৰক্ষীয়ে এক আভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । মোৰাঝাৰ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা মুঠ ৬ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ১২০ গ্ৰাম সন্দেহজনক হেৰইন জব্দ কৰে । যোৱা নিশা গোপণ সূত্ৰৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে কৰৈয়নী গাঁৱৰ জিয়াবুৰ ৰহমানৰ ঘৰত তালাচী চলাই আটক কৰে আৰু তাৰ জিম্মাৰ পৰা ১১ টা চাবোন কেইচ ভৰ্তি সন্দেহজনক হেৰইন ১২০ গ্ৰাম উদ্ধাৰ কৰে । জিয়াবুৰৰ পিছত ৫ নং উদালীৰ ওৱাহিদুৰ ৰহমানক আটক কৰে আৰক্ষীয়ে । দুয়োজনক সোধপোচ কৰি মোৰাঝাৰ স্বপুৰগাওঁৰ বাসিন্দা তাজ উদ্দিনক আটক কৰে ।
Read More
জুৰ’ড বিদ্যাপীঠ হাইস্কুলত পুথিভঁৰাল আৰু গ্ৰন্থ উন্মোচন সম্পন্ন

জুৰ’ড বিদ্যাপীঠ হাইস্কুলত পুথিভঁৰাল আৰু গ্ৰন্থ উন্মোচন সম্পন্ন

প্ৰগতিশীল লিখক  ,কবি -সাহিত্যিক সদ্য প্ৰয়াত জ্যোতিষ পাটোৱাৰীৰ প্ৰথম মৃত্যুবাৰ্ষিকী  উপলক্ষে  কালি তেওঁৰ  স্মৃতিত  জুৰ'ড বিদ্যাপীঠ হাইস্কুলত  পুথিভঁৰাল , অধ্যয়ন কক্ষ আৰু "মন্থন"শীৰ্ষক   গ্ৰন্থখন আনুষ্ঠানিক ভাৱে  উন্মোচন কৰা হয়। উল্লেখযোগ্য যে প্ৰয়াত জ্যোতিষ  পাটোৱাৰীৰ পৰিয়াল বৰ্গই তেখেতৰ  স্মৃতিত শৈক্ষিক প্ৰতিষ্ঠান খনলৈ আগবঢ়াই এই পুথিভঁৰাল আৰু অধ্যয়ন কক্ষ।  ইপিনে আজিৰ এই বিশেষ অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকি গ্ৰন্থ অধ্যয়ন ইয়াৰ উপকাৰীতাৰ বিদ্যালয়ত পুথিভঁৰালৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ গুৰুত্বৰ ওপৰত সাৱলীল মন্তব্য আগবঢ়াই কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন কুমাৰ বৰাই। ইপিনে অনুপম চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ  বিশেষ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যোতিষ পাটোৱাৰীৰ কৰ্মৰাজিৰ লগতে কি দৰে প্ৰয়াত…
Read More
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাদ পৰিব ভাৰতৰ বহু শীৰ্ষ খেলুৱৈ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাদ পৰিব ভাৰতৰ বহু শীৰ্ষ খেলুৱৈ

 এই মুহূৰ্তত সমগ্ৰ বিশ্বতে আই পি এলৰ ১৫ তম ছিজনৰ ধুমুহা বলি আছে। অনুৰাগীসকলে ইযাৰ উপভোগ কৰাত ব্যস্ত আছে। আই পি এল ২০২২ সামৰণি পৰিবলৈ মাত্ৰ কেইসপ্তাহমান বাকী আছে। আই পি এল ২০২২ ৰ সমাপ্তিৰ লগে লগে ভাৰতীয় দলটোৱে জুনৰ দ্বিতীয় সপ্তাহৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা খেলিব। কিন্তু ইয়াৰ মাজত খবৰ প্ৰকাশ হ'ব ধৰিছে যে টীম ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পৰা বাদ দিব। উল্লেখ্য যে আই পি এল ২০২২ ৰ সমাপ্তিৰ পিছত, টীম ইণ্ডিয়াই জুনৰ দ্বিতীয় সপ্তাহৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা খেলিব। শৃংখলাটোৰ পিছত, টীম ইণ্ডিয়া আয়াৰলেণ্ড আৰু ইংলেণ্ড…
Read More