উত্তৰ-পূৱ

আজাৰাত বি এছ এফৰ পেঞ্চন আদালত সম্পন্ন

আজাৰাত বি এছ এফৰ পেঞ্চন আদালত সম্পন্ন

সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ অৱসৰপ্ৰাপ্ত বিষয়া - জোৱান সকলৰ লগতে তেওঁলোকৰ  পৰিয়ালৰ লোকৰ যিসকলে  পূৰ্বৰ বকেয়া বা এৰিয়াৰ ধন লাভৰ পৰা বঞ্চিত হোৱা ,  বেংক সংযোগ বা আন কিবা সৰু আনুষংগিক সমস্যাৰ বাবে    পেঞ্চন লাভ কৰা নাই তেওঁলোকৰ সমস্যা সমাধানৰ বাবে  বাহিনীটোৰ উৰ্ধতম কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।  ইয়াৰ অংশহিচাপে পেঞ্চন জনিত  সমস্যাৰ সমাধানৰ বাবে  আজি  আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত এক পেঞ্চন আদালতৰ আয়োজন কৰা  হয় ।   আদালত উদ্ধোধন কৰে  বাহিনীটোৰ  গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ডি আই জি আৰু  প্ৰিন্সিপাল ষ্টাফ  অফিচাৰ  আৰ চি সিঙে ।  এই…
Read More
অসম এথলেটিকচ্ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

অসম এথলেটিকচ্ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

অসম এথলেটিকচ্ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আজি গুৱাহাটীস্থ ভিভান্টা বাই তাজ হোটেলত সফলতাৰে সামৰণি পৰে। অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ আৰম্ভনিতে  অসম এথলেটিকচ্ সন্থাৰ প্ৰাক্তন উপ-সভাপতি  প্ৰয়াত ত্ৰৈলোক্য দুৱৰাৰ লগতে অকালতে মৃত্যুবৰন কৰা ৰাজ্যৰ ক্ৰীড়া সংগঠক সকললৈ সভাত উপস্থিত সকলোৱে সমবেদনা জ্ঞাপন কৰে।অসম এথলেটিকচ্ সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যখনৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিসলে অংশগ্ৰহন কৰা সভাত সভাপতি লক্ষ্য কোঁৱৰে আদৰণি ভাষনত কভিডৰ ভয়াবহ সময়ছোৱাত এথলেটিকছৰ বাবে সহযোগিতা আগবঢ়োৱা ক্ৰীড়া সন্থাসমূহক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ২০০মিঃ দৌৰত দেশৰ ভিতৰতে দ্ৰুততম মানৱ হিচাপে পৰিগণিত হোৱা অসমৰ অম্লান বৰগোঁহাই আগন্তুক এচিয়ান গেমছত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব বুলি আশা ব্যক্ত কৰে। ইপিনে উক্ত…
Read More
মহিলা কাব্যমঞ্চ,কামৰূপ  অসমৰ দ্বাৰা “ ইনসে হে হাম” গ্ৰন্থ প্ৰদান আৰু  বহু ভাষিক কবি সন্মিলন সম্পন্ন

মহিলা কাব্যমঞ্চ,কামৰূপ অসমৰ দ্বাৰা “ ইনসে হে হাম” গ্ৰন্থ প্ৰদান আৰু বহু ভাষিক কবি সন্মিলন সম্পন্ন

আন্তৰ্জাতিক মহিলা কাব্যমঞ্চৰ, কামৰূপ শাখা  অসম আৰু কটন বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সন্মিলিত প্ৰচেষ্টাত যোৱা ৩০ এপ্ৰিল তাৰিখে কটন বিশ্ববিদ্যালয়ৰ কনফাৰেঞ্চ হল(৩১১)ত বহুচৰ্চিত "ইনসে হে হাম" গ্ৰন্থ প্ৰদান অনুষ্ঠানৰ লগতে মহিলা কাব্যমঞ্চৰ বহুভাষিক কবি সন্মিলন খন অনুষ্ঠিত কৰা হয়, মহিলা কাব্যমঞ্চ অসমৰ ৰাজ্যিক মহাসচিব মালবিকা ৰায়মেধি দাস "মেধা"ৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা সভাখনত অধ্যক্ষতা কৰে অধ্যক্ষা বিৰজা দেৱীয়ে। মুখ্য অতিথিৰ  আসন শুৱনি কৰা কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া "ডিন"আৰু বড়ো বিভাগৰ অধ্যাপক  ড°ফুকন চন্দ্ৰ বসুমতাৰী দেৱে  বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।সৰস্বতী বন্দনা পৰিবেশন কৰে ৰীতামণি ভূঞাই। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাক্ষা ড°কুসুমকুঞ্জ মালাকৰ আৰু কটন বিশ্ববিদ্যালয়ৰ শিক্ষক…
Read More
ধনদা বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন

ধনদা বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে উন্মোচন কৰা হয় লেখিকা ধনদা বৰুৱাৰ দুখনকৈ  পুথি।কিমান ঘন হ'লে চাদৰেৰে ঢাকিব পাৰি বৰষুণ আৰু শিশুগ্ৰন্থ এজাক মৌ-মাখিৰ গুণগুণনি । নগাঁৱৰ আনন্দ  প্ৰকাশক আমিনুৰ ৰহমান  উপস্থিত থকা সভাত পাৰ্থপ্ৰতীম শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰে। বিদিশা ডেকাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি সৌস্তৱ বৃদ্ধি কৰে।ধনদা বৰুৱাই গ্ৰন্থ দুখনৰ সৃষ্টিৰ আঁৰৰ কথা অৱগত কৰে।গ্ৰন্থ উন্মোচন কৰি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই কয়,মই একোৱেই নহয়। কবি, গল্পকাৰ, সাহিত্যিক।অসমত লেখক-লেখিকাৰ পাঁচটামান শ্ৰেণী আছে।বহুতেই উদ্দেশ্যবিহীনভাৱে লিখি থাকে। এচামে প্ৰচুৰ অধ্যয়ণ কৰে। কোনোৱাই পঢ়ে নপঢ়ে সেয়া ভাবিবৰ সময় নাই। এচাম ধনী লেখক থাকে। ধনী চাম লেখকে ঠিকা দিয়ে লিখিবলৈ। ঠিকাদাৰী…
Read More
খানামুখত বহাগী উৎসৱ উদযাপনৰ  আয়োজন

খানামুখত বহাগী উৎসৱ উদযাপনৰ আয়োজন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখত ১৯৮২  চনত স্থাপিত  খানামুখ ৰঙালী বিহু বিদায়  ৰঙালী বিহু সন্মিলনীয়ে এইবেলি ৪০ সংখ্যক বর্ষ  সম্পূৰ্ণ কৰিছে ।  আনহাতে কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুটা বছৰৰ বিৰতিৰ অন্তত অহা ১৪ মে'ত এদিনীয়া  কাৰ্যসূচীৰে  খানামুখ খেলপথাৰত সন্মিলনীৰ  উদ্যোগত বহাগী উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা  হৈছে ।  উৎসৱৰ লগত সংগতি ৰাখি সিদিনা বিয়লি ৩ বজাৰ পৰা বহাগী উৎসৱৰ সাংস্কৃতিক মঞ্চত নৃত্য প্রতিযোগিতা অনুষ্ঠিত হব । প্ৰতিযোগিতাৰ প্ৰথম বিজয়ীক নগদ ৩ হাজাৰ এটকাসহ কুসুম কলিতা সোঁৱৰণী বঁটা ( দাতা : উৎপল কলিতা ) , দ্বিতীয় বিজয়ীক নগদ ২ হাজাৰ টকাসহ কমল বৈশ্য সোঁৱৰণী বঁটা ( দাতা : কনক চন্দ্ৰ বৈশ্য ) আৰু…
Read More
পল্টন বজাৰত ৰবীন্দ্ৰ জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি

পল্টন বজাৰত ৰবীন্দ্ৰ জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি

৯ মে’ত উদযাপন হ’ব কবি ৰবিন্দ্ৰ নাথ ঠাকুৰৰ ১৬১ সংখ্যক জন্মজয়ন্তীঃ মহানগৰীৰ  পল্টনবজাৰ বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অহা ৯ মে’ তাৰিখে বিশ্বগুৰু কবি ৰবিন্দ্ৰ নাথ ঠাকুৰৰ ১৬১ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হ’ব ৷ ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিয়ে  বৰ্নাধ্য কাৰ্য্যসূচীৰে উদযাপন কৰিব লগা কাৰ্য্যসূচীত বিভিন্ন নৃত্য ,কবিতা আবৃত্তি,ৰবীন্দ্ৰ সংগীত,কলা প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷ লগতে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় একত্ৰিত কৰনৰ  ধাৰনাৰে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হ’ব ৷ সমিতিৰ সাধাৰণ সম্পাদক ৰাজীব দাসে জানিবলৈ দিয়া অনুসৰি জন্মজয়ন্তী উদযাপন অনুষ্ঠান বিশিষ্ট অতিথি হিচাপে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,সাংসদ  কুইন ওঁজা, মেয়ৰ মৃগেন শৰনীয়া উপস্থিত থাকিব ৷৷উল্লেখ্য যে প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী প্ৰতিযোগীয়ে ৮০১১৪…
Read More
সংস্কাৰ ভাৰতীৰ মহানগৰ সমিতিৰ জৰুৰী বৈঠক অনুষ্ঠিত

সংস্কাৰ ভাৰতীৰ মহানগৰ সমিতিৰ জৰুৰী বৈঠক অনুষ্ঠিত

পল্টন বজাৰৰ কল্যান আশ্ৰমত ৰুমী ভূঞাৰ সভাপতিত্বত  সংস্কাৰ ভাৰতীৰ  মহানগৰ কমিটিৰ এখন জৰুৰী সভা কালি অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে সংস্কাৰ ভাৰতীৰ ধ্যেয়গীত পৰিবেশন কৰা হয় । সভাত উদ্দেশ্য বাখ্যা কৰে ড০ বেদব্ৰত শইকীয়াই । ইফালে  কাৰ্য্যকৰী সভাপতি ড০অসীম বৰাই  সংস্কাৰ ভাৰতীৰ বিষয়ে চমু বক্তব্য দাঙি ধৰে । উল্লেখযোগ্য যে আঠটা বিধাৰ সংগীতবিধা ,নাট্যবিধা , নৃত্য বিধা, চিত্ৰকলা বিধা , লোককলা বিধা , প্ৰাচীন কলা বিধা, সাহিত্য বিধা , ভূ-অলংকাৰ বিধা সমূহৰ সকলো প্ৰমুখ , নগৰসমূহৰ সংযোজক আৰু পৰ্য্যবেক্ষক সকলকে ধৰি সকলো বিষয়ববীয়াৰ মাজত ১২ খন নগৰ গঠন কৰি কেনেধৰনেৰে নগৰখন আগুৱাই নিব পাৰি সেই বিষয়ে কালিৰ জৰুৰী বৈঠকত আলোচনা…
Read More
ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছৰ প্ৰতিবেদন

ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছৰ প্ৰতিবেদন

ভাৰতত সাংবাদিকসকলৰ স্বাধীনতা নিৰন্তৰ হ্ৰাস পাই আহিছে আৰু ইয়াত তেওঁলোকে বহুতো ডাঙৰ বিপদৰ মাজেৰে অতিক্ৰম কৰিব লগা হয়। সেয়েহে, মঙলবাৰে জাৰি কৰা ৰিপ'ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ (আৰএছএফ)ৰ বাৰ্ষিক বিশ্লেষণ অনুসৰি, ১৮০ খন দেশৰ ভিতৰত আঠটা স্থান হ্ৰাস হোৱাৰ সৈতে বিশ্ব প্ৰেছ স্বাধীনতা সূচক-২০২২ত ভাৰত ১৫০ তম স্থানত আছে। যোৱা বছৰ, ভাৰত ১৪২ তম স্থানত আছিল আৰু সাংবাদিকতাৰ বাবে আটাইতকৈ সংকটপূৰ্ণ দেশবোৰৰ ভিতৰত স্থান পাইছিল। প্ৰতিবেদন অনুসৰি, সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত নৰৱেই একেৰাহে পঞ্চম স্থান দখল কৰি প্ৰথম স্থান দখল কৰিছে।সাংবাদিকতাৰ ক্ষেত্ৰত, এই দেশখন আটাইতকৈ সুৰক্ষিত। ইয়াৰ পিছত আছে ডেনমাৰ্ক দ্বিতীয়, চুইডেন তৃতীয়, এষ্টোনিয়া চতুৰ্থ, ফিনলেণ্ড পঞ্চম, আয়াৰলেণ্ড ষষ্ঠ, পৰ্তুগাল সপ্তম, কোষ্টা…
Read More
জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ দ্যানেশ্বৰী যাদৱৰ ব্ৰঞ্জৰ পদ

জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ দ্যানেশ্বৰী যাদৱৰ ব্ৰঞ্জৰ পদ

গ্ৰীচত চলি থকা আইডব্লিউএফ জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ দ্যানেশ্বৰী যাদৱে মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বিপৰীতে ভি ৰিতিকাই তৃতীয় স্থান লাভ কৰে। ছত্তীশগড়ৰ দনেশ্বৰীয়ে ১৫৬ কিলোগ্ৰাম (৭৩ আৰু ৮৩ কিলোগ্ৰাম) ভাৰোত্তোলন কৰে। একে সময়তে, ১৮ বছৰীয়া ৰিতিকাই ১৫০ কিলোগ্ৰাম (৬৯ কিগ্ৰা আৰু ৮১ কিগ্ৰা) ভৰাউত্তোলন কৰি ব্ৰঞ্জৰ পদক জিকে। এই শ্ৰেণীত মাত্ৰ ১০ জন প্ৰতিযোগী আছিল। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ইণ্ডোনেছিয়াৰ উইণ্ডি চি আইছাহে ১৮৫ কিলোগ্ৰাম ওজন তুলি সোণৰ পদক অৰ্জন কৰে। তেওঁৰ আৰু দ্যানেশ্বৰীৰ প্ৰদৰ্শনৰ মাজত ২৯ কিলোগ্ৰামৰ পাৰ্থক্য আছিল। চীন, উত্তৰ কোৰিয়া আৰু থাইলেণ্ডৰ দৰে অভিজ্ঞ দেশসমূহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই। এইটো…
Read More
ৰাছিয়াৰ ফুটবল দলক নিষিদ্ধ ঘোষণা উয়েফাৰ

ৰাছিয়াৰ ফুটবল দলক নিষিদ্ধ ঘোষণা উয়েফাৰ

ৰাছিয়াৰ ফুটবল দলসমূহ মহিলা ইউৰোপিয়ান চেম্পিয়নশ্বিপ, পুৰুষৰ চেম্পিয়নছ লীগ আৰু ২০২৩ চনৰ মহিলা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ পৰা বাহিৰ হৈছে। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সামৰিক আক্ৰমণৰ পৰিপ্ৰেক্ষিতত উয়েফাৰ দ্বাৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ফিফা আৰু উয়েফাই ৰাছিয়াৰ ৰাষ্ট্ৰীয় আৰু ক্লাব দলসমূহক পুৰুষৰ বিশ্বকাপ প্লে অফকে ধৰি আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলিবলৈ নিষিদ্ধ কৰে। ৰাছিয়ান ফুটবল ফেডাৰেচনে ক্ৰীড়া মধ্যস্থতাত সেই সিদ্ধান্তবোৰৰ বিৰুদ্ধে আপীল দাখিল কৰিছে। নতুন নিষেধাজ্ঞাৰ বিৰুদ্ধে আপীল দাখিল কৰাৰ সম্ভাৱনা আছে। উয়েফাই সোমবাৰে কৈছিল যে ইংলেণ্ডত জুলাইত অনুষ্ঠিত হ'বলগীয়া মহিলা ইউৰো ২০২২ ত পৰ্তুগালে ৰাছিয়াৰ স্থান ল'ব। ৰাছিয়াই প্লে অফত পৰ্তুগালক পৰাস্ত কৰি যোগ্যতা অৰ্জন কৰিছিল। একে সময়তে, চেম্পিয়নছ…
Read More