09
May
প্ৰথমবাৰৰ বাবে ১৪ আৰু ১৭ মে' ত গুৱাহাটী ভাওনা সমাৰোহ- ২০২২ ,ৰ আয়োজন কৰা হৈছে।দেওবাৰে দিছ্পুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে 'ইত্যাদি'ৰ সাধাৰণ সম্পাদক প্রভাত বৰদলৈয়ে। তেওঁ কয়-অসমৰ সমাজ-সংস্কৃতিৰ বণ্যাঢ্য সম্পদৰাজিৰ চৰ্চা, প্ৰচাৰ, প্ৰসাৰৰ স্বাৰ্থত লগতে নতুন কর্মসূচী আৰম্ভণিৰ বাবে বেজবৰুৱা বৃদ্ধ সেৱা সংস্থা আৰু অভিযানিক শিক্ষা কেন্দ্ৰ, অসম'ৰ সমভাবাপন্ন কৰ্মকতাসকলে এবছৰ পূৰ্বে 'ইত্যাদি' নামাকৰণেৰে এক উমৈহতীয়া জনমঞ্চৰ জন্ম দিছে। এই ইত্যাদিৰ উদ্যোগত নৱপ্ৰজন্মৰ মাজত গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰৰ যোগেদি ভাষিক আৰু সাংস্কৃতিক সম্প্রীতি বঢ়োৱা, ভাওনাৰ আদৰ্শৰ যোগে যুব উচ্ছৃংখলতা নিবাৰণ আদি উদ্দেশ্য আগত ৰাখি পোন ভবিষ্যতে এই কাৰ্যসূচীৰ অনুষ্ঠানসমূহ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰাৰ মাজলৈ আগবঢ়াই নিয়াৰ…
