উত্তৰ-পূৱ

গোলকগঞ্জত ভয়কৰ দুৰ্ঘটনা

গোলকগঞ্জত ভয়কৰ দুৰ্ঘটনা

এখন ৰে’লে মহটিয়ালে চাৰিচকীয়া বাহন। উজনিমুৱা ডেম’ ৰে’লে মহটিয়ালে এল্ট’ বাহনখনক। এল্ট’ বাহনখনত দুজন আৰোহী থকাৰ সন্দেহ। আনহাতে এল্ট’খনৰ ভিতৰতে আবদ্ধ চালক দিলোৱাৰ হুছেইন। শিলিগুৰিৰ পৰা নিউ বঙাইগাঁও অভিমুখী আছিল ৰে’লখন। ক্রচিঙত ৰে’ল গেট নথকাৰ বাবেই সংঘটিত এই দুৰ্ঘটনা।
Read More
গুৱাহাটী ৰে’লৰ বিৰুদ্ধে যাত্ৰীৰ বিষোদগাৰ

গুৱাহাটী ৰে’লৰ বিৰুদ্ধে যাত্ৰীৰ বিষোদগাৰ

কলিয়াবৰৰ শিলঘাটৰ পৰা দৈনিক পুৱা গুৱাহাটীলৈ চলাচল কৰা ৰে’ল গাড়ীখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে যাত্ৰীসকলে । ৰে’লখনৰ যাত্ৰী স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক ইনতাজ আলিয়ে এই প্ৰতিবেদকক অভিযোগ কৰি কয় যে, গুৱাহাটীৰ পৰা শিলঘাটলৈ ওভতাৰ সময়ত সদায় বহু পলম হয়। শুক্ৰবাৰে ২ ঘন্টা ৩৮ মিনিট পলম হৈছে ৰেলখন। যাত্ৰীসকল ৪ বজাৰ পৰাই ৰৈ ৰৈ ভাগৰি পৰিল । লগতে ৰে’লখন পৰিস্কাৰৰ নামত একো নাই । এক্সপ্ৰেছৰ নাম দি দুগুণ ৭৫/-টকা ভাড়ালৈ যাত্ৰী সকলক যমৰ যাতনা ভোগাইছে। ৰে’ল কৰ্তৃপক্ষই এই দিশ বোৰত চকু নিদিয়াৰ ৰহস্য কি বুলিও আলিয়ে অভিযোগ কৰে। এই ক্ষেত্ৰত বিভাগীয় দাবী জনায়।
Read More
৩৫০ কেজি গাঞ্জা জব্দ, ট্ৰাক ভস্মিভূত

৩৫০ কেজি গাঞ্জা জব্দ, ট্ৰাক ভস্মিভূত

কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰীত পুণৰ এনকাউণ্টাৰ সংঘটিত হৈছে । বুধবাৰে নিশা ৮ বজাত কোকৰাঝাৰ আৰক্ষীয়ে গোপন সূত্ৰমৰ্মে ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে যোৱা এ এছ ০১ ডি ডি ৮৬৩৫ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে । জব্দকৃত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে ৫৫ পেকেট গাঞ্জা উদ্ধাৰ কৰে যাৰ ওজন ৩৫০ কেজি বুলি আৰক্ষীয়ে সদৰি কৰিছে । ইয়াৰ লগতে গাঞ্জা সৰবৰাহ কৰা ত্ৰিপুৰা সুন্দৰটিলাৰ সুমন নমো(২৬) আৰু ৰাহুল সৰকাৰ(২০)ক আৰক্ষীয়ে আটক কৰে । কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰি কৰা মতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক সোধপোছ কৰাত সুমন নমোই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভাওৰাগুৰীলৈ যোৱা পথৰ কাষত দুটা গাঞ্জাৰ পেকেট লুকুৱাই থোৱা বুলি…
Read More
কাজিৰঙাত গঁড় হত্যা

কাজিৰঙাত গঁড় হত্যা

কাজিৰঙাত শেহতীয়াকৈ গঁড় হত্যা কৰা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কেৰালাত। বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় চোৰাং চিকাৰীটোক। কাজিৰঙাত গঁড় হত্যা কৰি পলাই গৈছিল কেৰালালৈ। আচমতৰ ঘৰ বিশ্বনাথ চাৰিআলিত। কেৰালা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হয় চোৰাং চিকাৰীটোক। চোৰাং চিকাৰীটোৰ সন্ধান দিওঁতালৈ ২ লাখ টকা আৰু গঁড়ৰ খৰ্গৰ সন্ধান দিওটালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল অসম চৰকাৰে। কেৰেলা আৰক্ষীৰ সহযোগিতাৰ বাবে ধন্যবাদ জনালে জি পি সিঙে। টুইটাৰৰ জৰিয়তে চোৰাং চিকাৰীটো ধৰাৰ কথা সদৰি কৰিছে জি পি সিঙে।
Read More
শিশু-মহিলাসহ ১৩ গৰাকীয়ে কৰুণ মৃত্যু

শিশু-মহিলাসহ ১৩ গৰাকীয়ে কৰুণ মৃত্যু

উত্তৰ প্ৰদেশত সংঘটিত হ’ল এক শোকাবহ ঘটনা। বুধবাৰৰ নিশা ৮-৩০ বজাত এখন পকী শ্লেব খহি পৰাৰ ফলত ১৩ গৰাকীকৈ মহিলা আৰু শিশুৱে কৰুণ মৃত্যুক সাৱটি লয়। উত্তৰ প্ৰদেশৰ কুশী নগৰৰ নেগুৱা নোৰাংগিয়া নামৰ স্থানত সংঘটিত হৈছে এই ঘটনা। সেই সময়ত চলি থকা এক বিবাহ অনুষ্ঠানত অংশলৈ আনন্দত মছগুল হৈ থকাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হয়। এটা নাদৰ ওপৰত থকা শ্লেবত বহি থকাৰ সময়তে শ্লেবখন ভাঙি পৰাত এই শোকাবহ ঘটনা সংঘটিত হয়। এই ঘটনাত কেইবাজনো লোক আহত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শোক ব্যক্ত কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
Read More
হিমাংশু প্ৰসাদ দাসৰ চিনেমা ‘হিৰো’ মুক্তিৰ বাবে সাজু, OTT প্লেটফৰ্মতো কৰিব পাৰিব দৰ্শন

হিমাংশু প্ৰসাদ দাসৰ চিনেমা ‘হিৰো’ মুক্তিৰ বাবে সাজু, OTT প্লেটফৰ্মতো কৰিব পাৰিব দৰ্শন

গুৱেৰ্নিকাৰ বেনাৰত ২০১০ চনত হিমাংশু প্ৰসাদ দাসৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ নাটক ‘মই শ্বাহৰুখ খান হ'ব খোজো’ৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে নতুন অসমীয়া কথাছবি ‘হিৰো’। অহা ২৬ ফেব্ৰুৱাৰী শনিবাৰে জ্যোতি চিত্ৰবনত তিনিটা বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে 'হিৰো'ৰ। ইয়াৰ উপৰি কথাছবিখন জনপ্ৰিয় ওটিটি প্লেটফৰ্ম ৰীলড্ৰামাৰ জৰিয়তে দৰ্শকৰ বাবে মুকলি কৰি দিব বুলি জানিবলৈ দিছে কথাছবিখনৰ পৰিচালক হিমাংশুপ্ৰসাদ দাসে। এই চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা চন্দন দাস আৰু অভিনেত্ৰী সন্ধ্যা হাজৰিকাই। ইয়াৰ লগতে অতি গুৰুত্বপূৰ্ণ কেইবাটাও চৰিত্ৰত অভিনয় কৰিছে অসমৰ অভিনয় জগতৰ খ্যাতনামা অভিনেতা অৰুণ হাজৰিকা, জ্যোতি নাৰায়ন নাথ, অসীম কৃষ্ণ বৰুৱা, সিদ্ধাৰ্থ মুখাৰ্জী, আৰু প্ৰনামী…
Read More
চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত মধ্যভোগীৰ দপ-দপনি

চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত মধ্যভোগীৰ দপ-দপনি

অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত ধান ক্ৰয় কৰি কৃষকৰ বেংক একাউন্টৰ জৰিয়তে ৰাজ্য চৰকাৰে ধানৰ মূল্য কৃষকক পৰিশোধ কৰাৰ কথা ঘোষণা কৰিছে যদিও একাংশ মধ্যভোগী ধানৰ ব্যৱসায়ীয়ে গাঁৱে গাঁৱে কৃষকৰ পৰা প্ৰতি কুইন্টল ধান ১২০০ ৰ পৰা ১৪০০ টকা দৰত ক্ৰয় কৰি ১৯৪০ টকাত বিক্ৰী কৰিছে চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত। হাতত তথ্য মতে যি ১৫৬ গৰাকী কৃষকে ধান ক্ৰয় কেন্দ্ৰটিত ধান বিক্ৰী কৰিছে এই সকলৰ ভিতৰত আছে ৰাজনৈতিক ব্যক্তিৰ নাম। কোনো দিন পথাৰত নামি নোপোৱা কৃষকে শ শ কুইন্টল ধান বিক্ৰী কৰিছে কেন্দ্ৰটিত। তাৰোপৰি কৃষকৰ পৰিবৰ্তে আছে অধিকাংশ ধান ব্যৱসায়ীৰ নাম।
Read More
ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰী

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰী

মাজুলীত খৰালিও অব্যাহত আছে ভয়াবহ খহনীয়া। ভকত চাপৰি,কমলাবাৰী ঘাট, চুমৈমাৰী, শালমৰা, কামজান এলেঙীত বিঘাই বিঘাই ভূমি দিনৌ বিলীন হৈছে লুইতত। কুম্ভকৰ্ণ নিদ্ৰাত মাজুলী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ড, কানসাৰ নাই জিলা প্ৰশাসনৰ। আগন্তুক উপ-নিৰ্বাচন বৰ্জন, ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ আদি কঠোৰ সিদ্ধান্ত লৈছে মাজুলী ভকত চাপৰি ১৭ খন গাঁৱৰ গঞাই। যোৱা ৯ ফেব্ৰুৱাৰীত অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ ভোট বৰ্জনৰ লগতে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে। ১৫০০ ভোটাৰ আছে অঞ্চলটোত। অসম চৰকাৰ, জিলা প্ৰশাসন, কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ বিপৰীতে ব’ৰ্ড আৰু টি কে কোম্পানীয়ে ২৩৭ কোটি টকা লুতি আছে। বাৰিষা আহিলেই ব’ৰ্ডে ভৰা লুইতত জিঅ’ বেগ পেলাই কোটি টকা শৰাধ কৰা ব্ৰহ্মপুত্ৰ…
Read More
মহামৃত্যুঞ্জয় মন্দিৰত মাঘী পূৰ্ণিমা উপলক্ষে ভিৰ

মহামৃত্যুঞ্জয় মন্দিৰত মাঘী পূৰ্ণিমা উপলক্ষে ভিৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰৰ লগতে নগাঁও জিলাৰ বঢ়মপুৰৰ ভেৰভেৰীস্থিত নৰসিংহ ক্ষেত্ৰৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰতো পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ সমাগম। ২০০৩ চনত নিৰ্মাণ কৰা মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতিবছৰে এই মাঘী পূৰ্ণিমাৰ দিনটোৰ পৰায়ে আয়োজন কৰা হয় মহামৃত্যুঞ্জয় যজ্ঞৰ। এইবাৰো বাৰ্ষিক মহামৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰে ৫ দিনিয়াকৈ মন্দিৰ পৰিচালনা সমিতিয়ে।স্মৰ্তব্য যে আজিৰ এই দিনটোত অসমৰ মুখ্যমন্ত্রীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই অংশ গ্ৰহণ কৰি পূজা অৰ্চনা কৰে মহামৃত্যুঞ্জয় মন্দিৰত।
Read More
প্ৰেমৰ দিনাই গ্ৰেপ্তাৰ দুই যুৱক-যুৱতী

প্ৰেমৰ দিনাই গ্ৰেপ্তাৰ দুই যুৱক-যুৱতী

প্ৰেমৰ দিৱসৰ দিনাই মৰিগাঁৱত নকল টকা সহ আটক দুই যুৱক যুৱতী। জাগীৰোড শিলভঙাৰ মজিফা বেগম আৰু হোজাইৰ জইনাল উদ্দীন নামৰ দুয়ো যুৱক যুৱতীয়ে ব্যৱহাৰ কৰা AS01JC0536 নম্বৰৰ এখন চুইফট ডিজাইৰ গাড়ী জব্দ আৰক্ষীৰ। লগতে দুয়োৰে পৰা ১ লাখ ৬২ হাজাৰ ৫ শ নকল টকা সহ তিনিটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। ভেলেণ্টাইনদেৰ দিনা গুৱাহাটী খানাপাৰৰ পৰা মৰিগাঁও যাম বুলি ভাড়া কৰিছিল গাড়ীখন। দুই যুৱক আৰু এগৰাকী যুৱতী মিলি সুদৰ্শন বাৰ কম ৰেষ্টুৰেণ্টত খাই ওলাই আহোঁতে গোপন খবৰ ভিত্তিত খাপ পিটি থকা মৰিগাঁও আৰক্ষীয়ে নকল টকা সহ আটক কৰে দুই প্ৰেমিক প্ৰেমিকাক। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Read More