উত্তৰ-পূৱ

শচীন তেণ্ডুলকাৰৰ সৈতে আনএকাডেমীৰ নতুন সহযোগিতা

শচীন তেণ্ডুলকাৰৰ সৈতে আনএকাডেমীৰ নতুন সহযোগিতা

ভাৰতৰ সৰ্ববৃহৎ শিক্ষণ মঞ্চ আনএকাডেমীয়ে 'আনএকাডেমী আইকন' নামৰ এটা নতুন শিক্ষণ সামগ্ৰী মুকলি কৰাৰ কথা ঘোষণা কৰিছে – উদ্যোগৰ আইকনসকলে শিকোৱা এক সংগঠিত পাঠ্যক্ৰম প্ৰদান কৰাৰ বাবে নিৰ্মাণ কৰা এখন মঞ্চ। ই সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ পৰা একক সদস্যতাৰে শিকাৰ সুযোগ প্ৰদান কৰিব আৰু বিভিন্ন সুবিধা যেনে ইন-শ্ব' গ্ৰাফিক্স আৰু এনিমেচন প্ৰদান কৰিব যি পাঠবোৰ আকৰ্ষণীয় আৰু আন্তঃক্ৰিয়ামূলক কৰি তোলে। প্ৰথম আইকন খণ্ড - 'শচীনৰ সৈতে ক্ৰিকেট' - বিশ্ববিখ্যাত কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ ভাতৃ অজিত তেণ্ডুলকাৰৰ সহযোগত বিকশিত কৰা হৈছে। তেওঁ আনএকাডেমী শিক্ষাৰ্থীসকলক সাত ঘণ্টাতকৈও অধিক সময়ৰ একত্ৰিশটা ইন্টাৰেক্টিভ পাঠৰ জৰিয়তে পৰামৰ্শ দিব। আইকনৰ বাবে প্ৰি-বুকিং ২৩ ফেব্ৰুৱাৰীত…
Read More
নগাঁও জিলাত নতুন সমিতি গঠন

নগাঁও জিলাত নতুন সমিতি গঠন

নগাঁও চহৰৰ অসম ৰাজ্যিক পৰিবহন নিগম (এ.এছ.টি.ছি)ধাবাৰ সভাকক্ষত নগাঁও জিলা ৰেষ্টলিং সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়াৰ সভাপতিত্বত বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত হয় সাধাৰন সভা। এই সভাত আগন্তুক কাৰ্যকালৰ বাবে নগাঁও জিলা ৰেষ্টলিং সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতখন গঠন কৰা হৈছে । এই সভাত কাছমাৰী অঞ্চলৰ বিপ্লৱ কোঁৱৰ আৰু ৰহাৰ জোনমণি দাস আদিক সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক অসম ৰেষ্টলিং সন্থাৰ সাধাৰণ সভাখন নগাঁৱত আয়োজন কৰিবলৈ অনুৰোধ জনোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে । তদুপৰি জিলাখনৰ গ্ৰামাঞ্চলসমূহত শীঘ্ৰে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিবৰ বাবে নতুন সমিতিখনক পদক্ষেপ ল’বলৈ আহ্বান জনায় ।
Read More
অসম-মেঘালয় সীমা বিবাদ বৈঠক

অসম-মেঘালয় সীমা বিবাদ বৈঠক

কামৰূপ জিলাৰ ছয়গাঁৱত বৃহস্পতিবাৰে কেইবাটাও গাৰো সংগঠনৰ এত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ছয়গাঁও বিধানসভা সমষ্টিৰ পাহাৰীয়া গাঁও শান্তিপুৰৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত শেহতীয়াকৈ অসম আৰু মেঘালয় ৰাজ্যৰ সীমাবিবাদ সন্দৰ্ভত মুকলি আলোচনা হয় । সীমান্তত থকা গাৰো বসতি প্ৰধান গাঁও সমূহ অসমত থাকিব নে মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত থাকিব তাৰেই চলিছে আলোচনা ।
Read More
ৰাছিয়াৰ আক্ৰমণ, ৭জন নিহত

ৰাছিয়াৰ আক্ৰমণ, ৭জন নিহত

ৰাছিয়াৰ আক্ৰমণত প্ৰায় ৭ জনৰ মৃত্যু আৰু ৯ গৰাকীকৈ লোক আহত ইউক্ৰেইনৰ নাগৰিক,ইউক্ৰেইন কৰ্তৃপক্ষই জাৰি কৰিছে এই তথ্য। বৃহস্পতিবাৰে ইউক্ৰেইনত আক্ৰমণ চলাই ৰাছিয়াই। তদুপৰি বৰ্তমানলৈ লাভ কৰৰা তথ্য অনুসৰি ১৯ গৰাকীকৈ লোক নিৰুদ্দেশ হৈ আছে ইউক্ৰেইনৰ নাগৰিক। বৃহস্পতিবাৰে ইউক্ৰেইনৰ বিৰু্দ্ধে সামৰিক অভিযান ঘোষাণা কৰাৰ পাছতেই ৰাষ্ট্ৰ সমূহৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে ইউৰোপীয় আয়োগৰ সভাপতি উৰসুলা ভন ডেৰ লেয়েনে ৰাছিয়াৰ ৰাজনৈতিক অৰ্থনৈতি দুৰ্বল কৰাৰ হুংকৰ প্ৰদান কৰে । লগতে ইউৰোপীয় ইউনিয়নত ৰাছিয়াৰ সম্পত্তি ফ্ৰীজ কৰাৰ লগতে ইউৰোপীয় বিত্তীয় বজাৰত ৰাছিয়ান বেংকৰ প্ৰৱেশাধিকাৰ বন্ধ কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি পুটিন ইউৰোপলৈ যুদ্ধ ঘূৰাই অনাৰ বাবে দায়বদ্ধ।
Read More
জামিন লাভ APSC কেলংকাৰী ৫ বছৰ ধৰি আছিল জেলত

জামিন লাভ APSC কেলংকাৰী ৫ বছৰ ধৰি আছিল জেলত

ভাঙাগড় থানাত ৰুজু হৈ থকা গোচৰত জামিন লাভ। ৫ বছৰ ধৰি আছিল কাৰাগাৰতে। ইয়াৰ পূৰ্বে ৩ টা গোচৰত জামিন লাভ কৰিছিল ৰাকেশ পালে। এপিএছচিৰ বৃহত কেলংকাৰীত নাম সাঙুৰ খাইছিল ৰাকেশ পালৰ।
Read More
মাজুলী জিলাৰ আগতীয়া প্ৰশাসন

মাজুলী জিলাৰ আগতীয়া প্ৰশাসন

সমাগত বাৰিষাৰ প্ৰতি লক্ষ্যৰাখি মাজুলী জিলাত সম্ভাব্য যিকোনো ধৰণৰ জৰুৰী পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ সকলো প্ৰস্তুতি আৰম্ভ কৰিছে জিলা প্ৰশাসনে। এই বিষয়ে মঙ্গলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা দুৰ্যোগ প্ৰশসন প্ৰাধিকৰণ( ডি ডি এম এ ) ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়। বাৰিষাৰত হ’ব পৰা যিকোনো ধৰণৰ আপাদকালীন পৰিস্থিতি সূচাৰুৰূপে চম্ভালিব পৰাকৈ প্ৰতিটো বিভাগকে শীঘ্ৰে নিজাববীয়াকৈ আগতীয়া কাৰ্য পৰিকল্পনা যুগুত কৰি ডি ডি এম এ‌ৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয়।
Read More
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিষয়ত গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিষয়ত গুৰুত্বপূৰ্ণ বৈঠক

অসম মাধ্যমিক স্বাস্থ্যসেৱা প্ৰণালী সংস্কাৰ প্ৰকল্প সম্পৰ্কত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকতে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, জি এম চি এইচ আৰু প্ৰস্তাৱিত কৰ্মচাৰী স্বাস্থ্য নিশ্চিতি আঁচনিৰ স্থিতিৰ বিষয়েও পৰ্যালোচনা কৰা হয়। এই বৈঠকতে সকলো চৰকাৰী কৰ্মচাৰীৰ চিকিৎসা বিল দাখিলৰ বাবে পৰ্টেল আধাৰিত জমা প্ৰৱৰ্তন কৰিবলৈ কোৱা হৈছে। এটল অমৃত অভিযান চ’চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত এখন এজনীয়া ব’ৰ্ড গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ব’ৰ্ডে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি হোৱা ৰোগীৰ মাচুল পৰিমাণ মুকলি তথা প্ৰমাণীকৰণ আৰু অন্যান্য প্ৰক্ৰিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ বাবে এটা প’ৰ্টেল তৈয়াৰ কৰিবলৈ উপযুক্ত নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ কোৱা…
Read More
বহু এপ, ৱেবছাইট বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে

বহু এপ, ৱেবছাইট বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে পুনৰ কেইবাটাও এপ, ৱেবছাইট সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰিছে। খালিস্তানি সংগঠন শিখ ফৰ জাষ্টিছৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে এই এপ, ৱেবছাইট, সামাজিক মাধ্যমৰ একাউণ্টসমূহ বন্ধ কৰি দিছে। ৰাজনীতি পাঞ্জাৱ টিভি’ৰ সকলো একাউণ্ট যোৱা ১৮ফেব্ৰুৱাৰীত বন্ধ কৰা হৈছিল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে কৈছে যে, এই এপ, ৱেবছাইট আৰু সামাজিক মাধ্যমৰ একাউণ্টসমূহৰ জৰিয়তে পঞ্জাৱ নিৰ্বাচনৰ সময়ছোৱাত ৰাইজক অনলাইম মাধ্যমত প্ৰভাৱিত কৰি আহিছিল ।
Read More
এন টি এছ ই পৰ্যায় সফলতা

এন টি এছ ই পৰ্যায় সফলতা

এন চি ই আৰ টিয়ে ঘোষণা কৰা এন টি এছ ই(NTSE) পৰ্যায়-২ৰ ফলাফলত এলেন, গুৱাহাটীয়ে অভূতপূৰ্ব সফলতা লাভ কৰে। ক্লাছৰোম ক’ৰ্ছৰ শিক্ষাৰ্থী তপস্যা শইকীয়া, ফ্ৰিচিয়া সজিব কুমাৰ ব্ৰহ্মা, অনন্যা ডেকা , আকাংক্ষা বৰগোহাঁই,ৰশিক দাস আৰু নীহাৰ ৰঞ্জন কঞ্চ কৰ্মশালা পাঠ্যক্ৰমৰ(workshop course)পৰা উত্তীর্ণ হৈছে।
Read More
নগাঁৱত জনগোষ্ঠীয় ভাষা শিক্ষণ

নগাঁৱত জনগোষ্ঠীয় ভাষা শিক্ষণ

 নগাঁও কলেজ (অট’নমাচ)ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি এক বৰ্ক্তৃতা অনুষ্ঠানৰ লগতে নতুনকৈ প্ৰতিষ্ঠা কৰা জনগোষ্ঠীয় ভাষা-শিক্ষণ প্ৰশিক্ষণাগাৰ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। অসমীয়া বিভাগৰ মুৰব্বী ধনদা দেৱীয়ে আঁত ধৰা এই সভাত সভাপতিত্ব কৰে অসমীয়া বিভাগৰ অধ্যাপক দীপক কুমাৰ বৰাই। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। ড০ বৰকটকীয়ে মাতৃভাষা দিৱসৰ তাৎপর্য ব্যক্ত কৰি মাতৃভাষা বিকাশৰ বাবে গ্ৰন্থ প্ৰণয়নকে ধৰি বিভিন্ন কাৰ্যসূচীৰ কথা ব্যক্ত কৰে। নগাঁও কলেজৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়া। শইকীয়াই বক্তব্যত মাতৃভাষাৰ গভীৰ সংকটৰ কথা উল্লেখ কৰি বিশ্বত প্ৰায় বৃহৎ সংখ্যক…
Read More