উত্তৰ-পূৱ

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা ২৮ গৰাকীক প্ৰদান কৰে সাহিত্য অকাডেমী বঁটা

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা ২৮ গৰাকীক প্ৰদান কৰে সাহিত্য অকাডেমী বঁটা

বিশিষ্ট  সাহিত্যিক  অনুৰাধা  শৰ্মা  পূজাৰীৰে  নতুন  দিল্লীত  প্ৰদান  কৰে  সাহিত্য  অকাডেমী  বঁটা। সাহিত্য অকাডেমী  বঁটা  গ্রহণ  ডাঃ দেৱকান্ত  ৰামচিয়াৰীৰ।  মুঠ  ২৮ গৰাকী  সাহিত্যিকক  প্রদান  কৰা  হয়  এই বঁটা ডিয়া হয়।
Read More
বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

আদালতৰ বিশেষ ন্যায়াধীশ চি চতুৰ্বেদীয়ে শুকুৰবাৰে দুই বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিছে । ইয়াৰোপৰি অপৰাধী দুটাক ৫০ হাজাৰ টকা জৰিমণা বিহে , জৰিমনা অনাদায়ে অতিৰিক্ত দুই বছৰৰ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব বুলি বিশেষ আদালতৰ বিশেষ ন্যায়াধীশ চি চতুৰ্বেদীয়ে নিজৰ ৰায়দানত উল্লেখ কৰিছে । প্ৰাপ্ত বাতৰি অনুসৰি ২০১৭ চনৰ ২১ জুলাইৰ সন্ধিয়া নিৰ্যাতিতা ছোৱালী জনীয়ে আইতাকৰ ঘৰত গৈ থকা অৱস্থাত আচামী ক্ৰমে নাছিৰ হুছেইন (২৪) আৰু শুকুৰ আলি(২২) ৰাস্তাতে বলাৎকাৰ কৰিছিল । আইতাকৰ ঘৰত থকা নিজৰ ভাইটীক আনিবলৈ যাওঁতে ৰাস্তাতে দুই পাষণ্ডই কৰা উক্ত ঘটনাক লৈ সেইসময়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।
Read More
উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ ফলাফল

উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ ফলাফল

উত্তৰ গুৱাহাটীৰ ৩ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয় লাভ ।পলাশবাৰীৰ ৭ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী, ২ টা ৱাৰ্ডত এজেপি আৰু এটা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয় লাভ।      উত্তৰ গুৱাহাটীৰ ৭ টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে  বিজেপিৰ  প্ৰাৰ্থীকেইগৰাকী  বিজয়ী হৈছে৷ আজি পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ নিৰাপত্তা  ব্যৱস্থাৰ মাজত উত্তৰ গুৱাহাটীৰ ৩ টা আৰু পলাশবাৰীৰ আটাইকেইটা ৱাৰ্ডৰ ভোট গণনা আৰম্ভ কৰা হয়৷ গণনাৰ অন্তত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ উত্তৰ গুৱাহাটীৰ তিনিওটা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় আৰু এনেদৰে উত্তৰ গুৱাহাটীৰ দহোটা ৱাৰ্ডতে বিজেপিয়ে জয়লাভ কৰে৷ আনহাতে পলাশবাৰী পৌৰসভাৰ…
Read More
মৰাণ পৌৰসভাৰ ফলাফল

মৰাণ পৌৰসভাৰ ফলাফল

চৰাইদেউ জিলা মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি মৰাণত ১ নং ৱাৰ্ডত মৌচুমী দুৱৰা (বিজেপি) ২৬১ টা আৰু জয়ন্তী ফুকন চেতিয়া (কংগ্ৰেছ) ১৪৬ টা ভোট লাভ কৰে । ২ নং ৱাৰ্ডত অৰূপ দত্ত (বিজেপি) ই ৪৫৩ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰিয়ংকা বিশ্বাস ধৰে (কংগ্ৰেছ ) ১৬০ টা ভোট লাভ কৰে । ৩ নং ৱাৰ্ডত সুনেইনা শ্বাহ (বিজেপি) ২৪৪ টা আৰু আশা চাহু (কংগ্ৰেছ) ২৪০ টা ভোট লাভ কৰে । ৪ নং ৱাৰ্ডত উদয় শংকৰ গগৈ (বিজেপি) ৪৪৫ টা আৰু হৰ্ষবৰ্ধন বৰগোঁহাই (জাতীয় পৰিষদ) ১২২ টা ভোট লাভ কৰে । ৫ নং ৱাৰ্ডত পুৱালী বৰগোঁহাই গগৈ (বিজেপি)…
Read More
পানীৰো দাম বাঢ়িব ৫০ শতাংশ

পানীৰো দাম বাঢ়িব ৫০ শতাংশ

কেৱল পে’ট্ৰল, ডিজেল বা আন সামগ্ৰীৰেই মূল্য বৃদ্ধি হ’ব বা হোৱা নাই। বাঢ়িব পানীৰো মূল্য। ১০ টকা দি আধা লিটাৰ পানী বটল এটা লোৱাৰ দিন প্ৰায় অন্ত পৰাৰ দিশে। আমাৰ বহুতৰে প্ৰায় অভ্যাস হৈ গৈছে। পানীৰ ব্ৰেণ্ড নাচাই, আমি দোকান এখনৰ সন্মুখত ৰৈ কৈছিলো- ১০ টকাৰ পানী বটল এটা দিয়ক। শ্ৰমিক, সাধাৰণ লোক, ছাত্ৰ-ছাত্ৰী বহুতৰ বাবে ১০ টকীয়া পানীৰ বটলৰ গুৰুত্ব আছিল। এজন মানুহৰ পিয়াহ পূৰাবৰ বাবে ১০ টকাৰ পানীৰ বটলটোৱেই যথেষ্ট আছিল। ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে। যিসকলে পানীৰ ব্যৱসায় কৰে, যিসকলে পানী বিক্ৰী কৰে তেওঁলোকৰ বাবে এইয়া বেয়া খবৰ নহয়। কিন্তু যিসকলে পিয়াহত ১০ টকা দি পানীৰ বটল এটা…
Read More
প্ৰধান শিক্ষয়িত্ৰীৰ দৌৰাত্ম্যত শৈক্ষিক পৰিৱেশ

প্ৰধান শিক্ষয়িত্ৰীৰ দৌৰাত্ম্যত শৈক্ষিক পৰিৱেশ

ঢকুৱাখনা মহকুমাৰ শৈক্ষিক ইতিহাস বহনকাৰী বিদ্যালয় হিচাবে পৰিগণিত নলতলী বলাহী প্ৰাথমিক বিদ্যালয় । ১৯৭৭ চনতে  প্ৰতিষ্ঠা লাভ কৰা বৰদলনী  শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন প্ৰাথমিক  বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নিৰ্বিচাৰ দৌৰাত্ম্যত এতিয়া অতিষ্ঠ  হৈ পৰিছে শিক্ষাৰ্থী আৰু অভিভাৱক ৰাইজ। অঞ্চলটোৰ একমাত্ৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানখনত প্ৰধান শিক্ষয়িত্ৰী ৰুনুমাই চুতীয়াই দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত কৰাৰ উপৰিও মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি আহিছে । বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আবন্তিত পুঁজিৰ অপ ব্যৱহাৰ কৰা, শিক্ষাৰ্থীক সমসাজ বিতৰণ নকৰা আদি সীমাহীন মইমতালিৰে  শৈক্ষিক পৰিৱেশ কলুষিত কৰি আহিছে বুলি মংগলবাৰে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে একাংশ ক্ষুব্ধ অভিভাৱকে । সংবাদ মাধ্যমৰ আগত ৰাইজৰ অভিযোগ,…
Read More
ঢকুৱাখনাত মহিলা সংগঠনৰ নাৰী দিৱস পালন

ঢকুৱাখনাত মহিলা সংগঠনৰ নাৰী দিৱস পালন

“বহনক্ষম ভৱিষ্যতৰ বাবে বৰ্তমানৰ লিংগ সমতা” শীৰ্ষক বাণীৰে মঙলবাৰে ঢকুৱাখনা মহকুমাত বিভিন্ন নাৰী বাদী সংগঠনৰ উদ্যোগত  আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ।  সাম্প্ৰতিক সমাজ সভ্যতাৰ পৰা লিংগ বৈষম্য আৰু লিংগ প্ৰভেদ  আঁতৰ কৰি এখন পুৰুষ মহিলাৰ প্ৰভেদবিহীন, শ্ৰেণীহীন  সমাজ গঢ়াৰ মূলমন্ত্ৰৰে মঙ্গলবাৰে ঢকুৱাখনা জিলা মিচিং মহিলা সমিতিৰ উদ্যোগত আৰু সন্মিলিত নাৰী শক্তি অসমৰ ঢকুৱাখনা ব্লক সমিতিৰ  সহযোগত আন্তৰ্জাতিক নাৰী দিৱসটো মাতমৰাত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । জনাকীৰ্ণ সভাত  জাতীয় নেতা ক্ৰমে সুনীল কুমাৰ পেগু, ইন্দ্ৰ কুমাৰ চুংক্ৰাং, ইন্দিৰা চিন্তে কুম্বাং, প্ৰবীন দলে,  যতিন পেগু,খনিদ্ৰ মেদক আদিয়ে বক্তব্য ৰাখি  লিংগ বৈষম্য হীন এখন সমাজেহে  দেশ জাতিৰ সৰ্বাংগীন  সৱলীকৰণ আৰু…
Read More
মাতৃ-কন্যাক বলৎকাৰ কৰি হত্যা, ৪ বছৰ পাছত ন্যায়

মাতৃ-কন্যাক বলৎকাৰ কৰি হত্যা, ৪ বছৰ পাছত ন্যায়

গুজৰাটৰ সুৰত আদালতে ধৰ্ষণ আৰু হত্যা কাণ্ড সন্দৰ্ভত ৭ মাৰ্চত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে। আদালতে পাণ্ডেশৰা চহৰত মাতৃ-কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত হৰ্ষ চাহাই ৰামৰাজ গুৰ্জৰ আৰু তেওঁৰ সহযোগী হৰিওম গুৰ্জাৰক দোষী সাব্যস্ত কৰে। আদালতে হৰ্ষক ফাঁচী আৰু অন্য জনক আজীৱন কাৰাদণ্ড বিহে। ২০১৮ চনৰ এপ্ৰিল মাহত মহিলা আৰু তেওঁৰ কন্যা সন্তানক ধৰ্ষণ আৰু হত্যা কৰি পেলাই দিছিল জংঘলৰ মাজত। আৰক্ষীয়ে এক চিচিটিভি ফুটেজৰ জৰিয়তে তদন্তত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱা অভিযুক্তই আৰক্ষীক জনাইছিল যে ৰাজস্থানৰ পৰা দুয়ো গৰাকী মাতৃ, কন্যাক কাম দিয়াৰ চলেৰে লৈ আহিছিল।
Read More
৪ চহৰত যুদ্ধ বিৰতিৰ পিছত আৰম্ভ তৃতীয়খন বৈঠক

৪ চহৰত যুদ্ধ বিৰতিৰ পিছত আৰম্ভ তৃতীয়খন বৈঠক

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি স্থাপনৰ বাবে আৰম্ভ হৈছে তৃতীয় খন বৈঠক। পূৰ্বে দুখনকৈ বৈঠক ব্যৰ্থ হোৱাৰ পিছত সোমবাৰে বেলাৰুছত পুনৰ আৰম্ভ হৈছে তৃতীয়খন বৈঠক। ইতিমধ্যে ৰাছিয়াই বিভিন্ন দেশৰ হেঁচাত ইউক্ৰেইনৰ ৰাজধানী কিয়েভকে ধৰি মুঠ চাৰিখন চহৰত যুদ্ধ বিৰতি ঘোষণা কৰিছে। ইয়াৰ পিছতে আৰম্ভ হোৱা এই তৃতীয়খন বৈঠক সেয়ে বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই বৃহস্পতিবাৰে তুৰস্কৰ এণ্টালিয়াত সাক্ষাৎ কৰিব। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ দ্বাৰা এই বিষয়ে অৱশ্যে কোনো নিশ্চিত তথ্য ৰাজহুৱা কৰা নাই।
Read More
চাৰিখন দেশৰ মাজত অনুষ্ঠিত হ’ব খেল

চাৰিখন দেশৰ মাজত অনুষ্ঠিত হ’ব খেল

সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ অসমে প্ৰতি বছৰে জিলা ভিত্তিক খেল অনুষ্ঠিত কৰিব । অতি শীঘ্ৰেই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত, ভূটান, নেপাল, বাংলাদেশ আদি দেশৰ মাজত অনুষ্ঠিত হ’ব আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল। সোমবাৰে বাক্সা জিলাৰ মুছলপুৰ ওচৰৰ বাথৌফুৰিত থকা স্পৰ্টচ কমপ্লেক্সত খেলুৱৈ বাচনিৰ বাবে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ভাগ লৈ সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰ অসমৰ ৰাজ্যিক খেল প্ৰমুখ কুলেন নাথে এইদৰে কয়। তেখেতে কয় যে ন টা ইভেন্টত দুদিনীয়াকৈ চলিব লগাীয় এই বাচনি খেলত মুঠ চাৰিশ জন খেলুৱৈৱে অংশগ্ৰহণ কৰিব। এই বাচনিৰ জড়িয়তে অহা ২৫ ৰ পৰা২৭ মাৰ্চলৈ গুৱাহাটীৰ সৰুসজাইত প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱত ভাগ ল’ব পাৰিব বুলি জানিবলৈ দিয়ে।
Read More