উত্তৰ-পূৱ

দল তথা প্ৰাৰ্থীসকলে মানিব লাগিব সমূহ নীতি নিয়ম

দল তথা প্ৰাৰ্থীসকলে মানিব লাগিব সমূহ নীতি নিয়ম

ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে সংবাদ মেলৰ জৰিয়তে গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে নিৰ্বাচন সংক্ৰান্তিয় বিভিন্ন নীতি, নিয়ম প্ৰকাশ কৰিছে। আয়োগে প্ৰকাশ কৰা মতে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন। আনহাতে ভোটগণনা অনুষ্ঠিত হ’ব ২১ এপ্ৰিলত। নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা নিয়ম অনুসৰি কোনো দল বা প্ৰাৰ্থীয়ে নিশা ৯ বজাৰ পিছত প্ৰচাৰ অভিযান চলাব নোৱাৰিব। নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰচাৰ অভিযান নিষিদ্ধ থাকিব। মুঠ ৬০ টা ৱাৰ্ডত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে ৭৮৯ টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। ৬০ টা সমষ্টিত মুঠ ভোটাৰ আছে ৭,৯৬,৮২৯ গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৩, ৯৬,৮৯১ গৰাকী। আনহাতে মহিলা…
Read More
মন্ত্ৰীপীয়ুষ হাজৰিকাৰ মন্তব্য

মন্ত্ৰীপীয়ুষ হাজৰিকাৰ মন্তব্য

৩১ মাৰ্চত অনুষ্ঠিত হ’ব ২ খন আসনৰ বাবে অসমত ৰাজ্যসভাৰ নিৰ্বাচন।  বিজেপি মিত্ৰজোঁটে ২ খন আসনত আৰু কংগ্ৰেছ তথা বিৰোধী মিত্ৰ শক্তিয়ে এখন আসনত প্ৰাৰ্থীত্ব আগবঢ়াইছে। মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, মুখ্যমন্ত্ৰীৰ বহু সমৰ্থক কংগ্ৰেছ দলত আছে। ৰাজ্যসভাৰ নিৰ্বাচন আমাৰ বাবে ডাঙৰ খেল নহয়। আনহাতে তেওঁ বিৰোধী কংগ্ৰেছক সমালোচনা কৰি কয় যে, কংগ্ৰেছ নেতৃত্বই অসমীয়াৰ চৰিত্ৰ হেৰুৱাইছে। অসমীয়া মানুহৰ ঘৰলৈ গ’লে বেয়া পাই কংগ্ৰেছ নেতৃত্বই।
Read More
৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি স্থায়ী কৰাৰ সিদ্ধান্ত

৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি স্থায়ী কৰাৰ সিদ্ধান্ত

ৰাজ্যখনৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিত কৰ্মৰত প্ৰায় ৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীক স্থায়ী কৰাৰ বাবে আগন্তক বিধানসভা অধিৱেশনৰ পূৰ্বে সম্পূৰ্ণ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। আম আদমী পাৰ্টীয়ে নিৰ্বাচনৰ সময়ত চৰকাৰী বিভাগ সমূহত অস্থায়ী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি স্থায়ী বা নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই ভগৱন্ত মানে এই ৩৫ হাজাৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে।
Read More
ইউৰিয়াৰ ক’লা বজাৰ, চি আই ডিয়ে কৰিছে ৯ জনক গ্ৰেপ্তাৰ

ইউৰিয়াৰ ক’লা বজাৰ, চি আই ডিয়ে কৰিছে ৯ জনক গ্ৰেপ্তাৰ

চি আই ডিৰ আৰক্ষী থানাত 02/2022 ইউ/এছ 120বিৰ অধিনত পঞ্জীয়ন হোৱা এই গোচৰৰ অধিনত সাৰ কেলেংকাৰীৰ পুংখানুপুংখ তদন্ত কৰিব। ৰাজ্যত সংঘটিত হোৱা ইউৰিয়া ক্ৰয় আৰু বিতৰণত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্দেশ প্ৰদান কৰিছিল। এতিয়ালৈকে মুঠ ৯ জন অভিযুক্তক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে। এই ৯ জন ব্যক্তিৰ ভিতৰত ৮ জন হৈছে বিভিন্ন খুচুৰা আৰু পাইকাৰী বিপনীৰ মালিক। এই ৮ জনে চৰকাৰে নিৰ্ধাৰিত হাৰতকৈ অধিক মূল্যত ইউৰিয়া সাৰ বিক্ৰী কৰিছে। ইয়াৰ উপৰিও আন এজন ট্ৰাকৰ মালিককো চি আই ডিয়ে গ্ৰেপ্তাৰ এইসকল অভিযুক্তক গুৱাহাটী চি জে এম আদালতত হাজিৰ কৰোৱা হৈছে আৰু আদালতে…
Read More
মন্দিৰ নিৰ্মাণৰ বাবে  মুছলিম পৰিয়ালৰ মূল্ দান

মন্দিৰ নিৰ্মাণৰ বাবে মুছলিম পৰিয়ালৰ মূল্ দান

দেশত চলি থকা ধৰ্মীয় বিবাদৰ মাজতে বিহাৰৰ পৰা পোহৰলৈ আহিছে এক ভাল খবৰ। এটা মন্দিৰৰ বাবে ভূমি দান কৰিলে এটি মুছলমান পৰিয়ালে। বিশ্বৰ সৰ্ববৃহত মন্দিৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকাৰ ভূমি দান কৰে পৰিয়ালটোৱে।বিহাৰৰ কৈঠৱালিয়াক নিৰ্মাণ হৈ থকা ‘বিৰাত ৰামায়ণ মন্দিৰ’ৰ বাবে ভূমি দান কৰিলে পৰিয়ালটোৱে।  আচাৰ্য কিশোৰে কয় যে ইষ্টিয়াক আহমদ খানৰ এই কৰ্মই ভাতৃত্ববোধৰ এক বিৰল উদাহৰণ দাঙি ধৰিছে।
Read More
খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ ৩ জন শিক্ষাৰ্থী

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ ৩ জন শিক্ষাৰ্থী

প্ৰথম বাৰৰ বাবে অসমৰ ৩ গৰাকী কাৰাটে খেলুৱৈয়ে খেল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰিছে। বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০২১ চনতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোভিডৰ বাবে পিছুৱাই দিয়া হৈছিল। ইতিমধ্যে এই প্ৰতিযোগিতাৰ এটা ছিজন অনুষ্ঠিত হৈ গৈছে যদিও অসমৰ কোনো কাৰাটে খেলুৱৈয়ে সেইবাৰ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা নাছিল। অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আছাম ষ্টেট কাৰাটে এচ’ছিয়েশ্যনৰ এই তিনিওগৰাকী কাৰাটে খেলুৱৈৰ ভিতৰত ২ গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু আনগৰাকী ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলুৱৈ ২ গৰাকী ক্ৰমে জোনমণি দাস ( কুমিটে-৬৮ কেজি) আৰু চান্দনি জৈন (কাটা)। আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলুৱৈগৰাকী ইমন গগৈ (কুমিটে-৬৮ কেজি)
Read More
১৩ বছৰীয়া কিশোৰক থানাৰ ভিতৰত চলালে নিৰ্মম অত্যাচাৰ

১৩ বছৰীয়া কিশোৰক থানাৰ ভিতৰত চলালে নিৰ্মম অত্যাচাৰ

সোমবাৰে লাহৰীঘাট থানাত যেন আৰক্ষীৰ বৰ্বৰতাই চৰম সীমা অতিক্ৰম কৰিলে। এটা ১৩/১৪ বছৰীয়া কিশোৰক আৰক্ষীয়ে বেতেৰে নিৰ্মম ভাৱে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। লাহৰীঘাট আৰক্ষী থানাৰ এগৰাকী বিষয়াই এটি কিশোৰক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে ব্যৱহাৰ কৰি কিশোৰটিক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ কাৰণ জানিলে সকলোৰে চকু কপালত উঠিব। এই কিশোৰটিয়ে আৰক্ষী থানাৰ চৌহদত থকা এখন বাহনৰ পৰা বিস্কুট চোৰ কৰি খাইছিল। এই অপৰাধৰ বাবেই কিশোৰটিক নিৰ্মম ভাৱে প্ৰহাৰ কৰিলে আৰক্ষী বিষাজনে। তাৎপৰ্যপূৰ্ণ ভাৱে কিশোৰটিক প্ৰহাৰ কৰাৰ সময়ত আৰক্ষী বিষয়াজনে নাছিল কৰ্তব্যৰ অৱস্থাত। তেওঁৰ দেহত নাছিল আৰক্ষীৰ পোচাক। বিষয়াজনে সেই সময়ত পৰিধান কৰি আছিল এখন গামোচা আৰু…
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  বিশেষ আহ্বান

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ আহ্বান

৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন। এই নিৰ্বাচনক লৈ মনোনয়ন দাখিল কৰে শাসক-বিৰোধী পক্ষই। মুখ্যমন্ত্ৰী কয় যে, ”এআইইউডিএফৰ ভোট নালাগে। মই আশা কৰো সকলো কংগ্ৰেছ বিধায়কে আমাক ভোট দিয়ক। কাৰণ দেশত বৰ্তমান কংগ্ৰেছৰ যি অৱস্থাত পৰৱৰ্তী সময়ত বিধায়ক পদতো জয় হোৱাৰ সম্ভাৱণা নাই । এআইইউডিএফৰ বাহিৰে যিবোৰ আছে তেওঁলোকে আমাক ভোট দিয়াৰ বাবে আহ্বান জনাইছো”।
Read More
অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষি মেলা আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষি মেলা আৰম্ভ

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত হোৱা আঞ্চলিক কৃষি মেলা উন্মোচন কৰি এই মত ব্যক্ত কৰে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই । উত্তৰ পূৰ্বাঞ্চল ভিত্তিক সৰ্ববৃহৎ এই মেলাখনৰ উন্মোচনী বক্তব্যত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন প্ৰজন্ম কৃষি আৰু আনুসংগিক ক্ষেত্ৰত সংযোজিত হোৱাটো ভাল খবৰ । ৰাজ্যৰ কৃষিখণ্ডক আগবঢ়াই নিবলৈ বহু সুস্থ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে কৃষি অৰ্থনীতিৰ বিকাশ হব বুলি আমা আশাবাদী ।উত্তৰ পূৱৰ সাতখন ৰাজ্য তথা ছিকিমৰ অংশগ্ৰহণেৰে অনুষ্ঠিত মেলাখনৰ উন্মোচনী অনুষ্ঠানত আদৰণি ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এক কৃষি আচনি তৈয়াৰ কৰি একত্ৰিত ভাবে আগবাঢ়ি যাব লাগিব…
Read More
বটদ্ৰৱা আৰক্ষীক গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

বটদ্ৰৱা আৰক্ষীক গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বটদ্ৰৱাৰ আমলখিৰ পৰা গ্ৰেপ্তাৰ আজমল হুছেইন নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটো। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৩.২০ গ্ৰাম ড্ৰাগছৰ লগতে বহু কেইটা কন্টেইনাৰ। বৰ্তমান বটদ্ৰৱা আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোক জেৰা অব্যাহত ৰাখিছে।
Read More