29
Mar
ৰাষ্ট্ৰীয় সীমা বিবাদৰ মুঠ বাৰখন ক্ষেত্ৰৰ ভিতৰৰ ছখন ক্ষেত্ৰৰ বিবাদ নিষ্পত্তি কৰিবলৈ আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন ঐতিহাসিক চুক্তিত হস্তাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধ পূৰ্বোত্তৰৰ ভিজন সম্পূৰ্ণ কৰাৰ দিশত এয়া আৰু এটা মাইলৰ খুটি। এই উপলক্ষে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, অসম চৰকা আৰু মেঘালয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আজিৰ দিনটো এক বিবাদমুক্ত নৰ্থইষ্টৰ বাবে ঐতিহাসিক দিন। তেওঁ কয় যে ২০১৪ত যেতিয়া নৰেন্দ্ৰ মোদীজী দেশৰ প্ৰধানমন্ত্ৰী হয়, তেতিয়াৰে পৰা মোদীজীয়ে নৰ্থইষ্টৰ শান্তি প্ৰক্ৰিয়া, বিকাশ, সমৃদ্ধি আৰু সাংস্কৃতিক ঐতিহ্যৰ সংবৰ্ধনৰ বাবে অনেক প্ৰয়াস কৰিছে, যাৰ আমি সকলো…