19
Apr
পুনৰ উত্তপ্ত হৈ পৰিছে যোৰহাট জিলাৰ অসম – নাগালেণ্ড সীমান্তৰ ‘ ই ‘চেক্টৰ অন্তৰ্গত বৰহোলাৰ নগাবাট পানীখেতি। সোমবাৰে পুৱা নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ ইম্পাঙ বস্তিৰ এটা সাতজনীয়া নগা দুৰ্বৃত্ত দলে নতুন পানীখেতি বি পি অৰ সন্মুখত অসমৰ ভূমি বেদখল কৰি পুনৰ ঘৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা কাৰ্যক প্ৰতিহত কৰি বৰহোলা আৰু বেকাজান আৰক্ষীয়ে খেদি পঠায় । ইয়াৰ পিছতেই সমগ্ৰ পানীখেতি সীমান্ত অঞ্চলত উত্তেজনা বিয়পি পৰে । জানিব পৰা মতে সোমবাৰে পুৱা ১০ মান বজাত নাগালেণ্ডৰ ইম্পাঙ বস্তিৰ ৭ জনীয়া এটা নগা দলে পানীখেতিত টিনৰ চালিৰ এটা ঘৰ নিৰ্মাণ কৰি থকা দেখা পাই স্থানীয় ৰাইজে বৰহোলা আৰক্ষীক খবৰ দিয়ে । লগে লগে…