23
Dec
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন, ২০০৫ (এম জি এনৰেগা)ৰ অধীনত অকৰ্তৃত্বশীলভাৱে পুঁজি মোকোলোৱাৰ অভিযোগত শুকুৰবাৰে অসম চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কমেও ৮ গৰাকী ব্লক উন্নয়ন বিষয়াক নিলম্বন কৰে। অভিযোগ অনুসৰি এম জি এনৰেগাৰ অধীনত ঠিকাভিত্তিক কৰ্মচাৰীৰ পাৰিতোষিকৰ বিপৰীতে অনুমোদিত ধন অভিযুক্ত বিষয়াসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা উপযুক্ত আৰ্থিক অনুমোদন নোলোৱাকৈয়ে মোকোলাইছিল। এক চৰকাৰী অধিসূচনাত লিখা হৈছে, “চৰকাৰী পুঁজিৰ অকৰ্তৃত্বশীলভাৱে উলিওৱাটো এটা গুৰুতৰ উলংঘা আৰু কৰ্তৃপক্ষৰ অমান্যতা যিটো অসম অসামৰিক সেৱা (আচৰণ) নিয়ম ১৯৬৫ৰ নিয়ম ৩ উলংঘাৰ সমান।” নিলম্বিত বিষয়াকেইজন হৈছে ৰশ্মিৰেখা মহন্ত (বিশ্বনাথ), অৰুণ কুমাৰ দাস (ছয়দুৱাৰ ব্লক, বিশ্বনাথ), দ্বীপেন কুমাৰ বৰা (যোৰহাট পূৱ ব্লক), বৰ্ণালী ফুকন (কাকোপথাৰ…
