16
Jan
দেৰগাঁৱত সংঘটিত ইটোৰ পিছত সিটো দুৰ্ঘটনা। বালিজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হোৱাৰ পিছৰে পৰা দেৰগাঁৱত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ৫০ জনীয়া বনভোজকাৰী দলৰ বাছ এখনো দুৰ্ঘটনাত পতিত হয়, য’ত পিতৃ-জীয়ৰী গুৰুতৰভাৱে আহত হয়। এতিয়া দেৰগাঁৱত পুনৰ আন এক দুৰ্ঘটনা ঘটে। এখন বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ৰেলিং মহতিয়াই এজন বাইক আৰোহীক খুন্দা মাৰে। বলেৰ’ বাহনৰ খুন্দাত বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয়। এই ঘটনাৰ পিছতেই স্থানীয় লোকৰ সহযোগত বাইক আৰোহীজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দেৰগাঁৱৰ নগৰৰ লাহটি চাৰিআলিত এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত পতিত বলেৰ’ বাহনখন নামৰূপৰ পৰা নুমলীগড় তেল শোধনাগাৰ অভিমুখে…
