10
Feb
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (এআইএফএফ) গ্ৰাছৰুট্ছ বঁটা ২০২৩-২৪ৰ বাবে মনোনীত হৈছে গুৱাহাটী চিটী এফচি (জিচিএফচি) ৷ দেশৰ গ্ৰাছৰুট্ছ ফুটবলৰ উন্নয়নৰ ক্ষেত্ৰত জড়িত ক্লাব তথা সংস্থাসমূহক উৎসাহ দিবলৈ এআইএফএফে প্ৰদান কৰা এই বঁটাৰ 'অপাৰেচন্ছ' শাখাত শ্ৰেষ্ঠ গ্ৰাছৰুট্ছ কৰ্ম আঁচনি বঁটাৰ বাবে জিচিএফচিক মনোনীত কৰা হৈছে । অসমৰ একমাত্ৰ ক্লাবৰূপে মনোনীত জিচিএফচিৰ লগত মনোনীত হৈছে কৰ্ণাটকৰ নাম্মা ছকাৰ স্কুল্ছ, এফচি মাংগালোৰ আৰু বাইচুং ভূটীয়া ফুটবল স্কুল্ছ ৷ ২০১৭ চনত মূলতঃ গ্ৰাছৰুট্ছ আৰু যুৱ ফুটবলৰ উন্নয়নৰ বাবে স্থাপিত জিচিএফচি জন্মলগ্নৰেপৰা অসমৰ ফুটবল ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে অগ্ৰণী ভূমিকা লৈ আহিছে ৷ ২০১৮ চনত ই আৰম্ভ কৰিছিল এআইএফএফৰ দ্বাৰা অনুমোদিত অসমৰ প্ৰথমটো গ’ল্ডেন বেবী লীগ (গ্ৰেটাৰ…
