অসম

মহানগৰীত চিটি বাছৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে সংবাদ কৰ্মীৰ, মৃত্যু মুস্তাক আলমৰ…

মহানগৰীত চিটি বাছৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে সংবাদ কৰ্মীৰ, মৃত্যু মুস্তাক আলমৰ…

মহানগৰীত শোকাবহ দুৰ্ঘটনা। বশিষ্ঠত চিটি বাছৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে এগৰাকী সংবাদকৰ্মীৰ। স্কুটী আৰু চিটি বাছৰ সংঘৰ্ষত মৃত্যু সংবাদ কৰ্মী মুস্তাক আলমৰ। গুৱাহাটীৰ এটা ৱেব পৰ্টেলৰ সংবাদ কৰ্মী আছিল মুস্তাক। জানিব পৰা মতে, সংবাদ কৰ্মীগৰাকীয়ে পুৱা এএছ ০১ডিইউ ৫৬১২ নম্বৰৰ স্কুটীৰে কাৰ্যালয়লৈ গৈ থকা সময়তে পিছফালৰ পৰা খুন্দা মাৰে এএছ ০১এইচচি ৩৬৩৯ নম্বৰৰ তীব্ৰবেগী চিটি বাছখনে। ইফালে এই ভয়ংকৰ দুৰ্ঘটনাত পথৰ ওপৰত উফৰি পৰা মুস্তাক আলমৰ মূৰৰ ওপৰেৰে উঠি যায় চিটি বাছখনৰ চকা। যাৰ ফলত থিতাতে মৃত্যু ঘটে যুৱকজনৰ। দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে আটক কৰে অভিযুক্ত বাছ চালকজনক।
Read More
ডিব্ৰুগড়লৈ অনা হৈছে খালিস্তানী নেতা অমৃতপাল সিঙৰ ঘনিষ্ঠ সহযোগী পাপলপ্ৰীত সিঙক…

ডিব্ৰুগড়লৈ অনা হৈছে খালিস্তানী নেতা অমৃতপাল সিঙৰ ঘনিষ্ঠ সহযোগী পাপলপ্ৰীত সিঙক…

পলাতক খালিস্তানী নেতা তথা ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপল সিঙৰ ঘনিষ্ঠ সহযোগী পাপলপ্ৰীত সিঙক মঙলবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়। সোমবাৰে অমৃতসৰৰ কাঠু নংগল অঞ্চলৰ পৰা পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সিঙক। পঞ্জাৱৰ মুখ্য কাৰ্যালয়ৰ আৰক্ষী মহাপৰিদৰ্শক সুখচাইন সিং গিলে কয় যে পাপলপ্ৰীতক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্য আৰক্ষীয়ে তেওঁলোকৰ বাবে প্ৰেৰণ কৰা ড্ৰেগনেটৰ পৰা এই যুটিটোৱে পলায়ন কৰা কেইবাখনো ফটোত পাপলপ্ৰীতক দেখা গৈছিল। সূত্ৰ অনুসৰি, আৰক্ষীৰ খেদাৰ পৰা ৰক্ষা পোৱাৰ লগে লগে অমৃতপাল আৰু পাপলপ্ৰীতে বাহন সলনি কৰি একেলগে যাত্ৰা কৰিছিল। পঞ্জাৱৰ পৰা তেওঁলোকে পুনৰ পঞ্জাৱত প্ৰৱেশ কৰাৰ আগতেই চিচিটিভিৰ ফুটেজত বন্দী…
Read More
বকলিয়াঘাটত যমুনা নৈত পৰি সলিল সমাধি কণমানি শিশুৰ…

বকলিয়াঘাটত যমুনা নৈত পৰি সলিল সমাধি কণমানি শিশুৰ…

কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটত যমুনা নদীত পৰি এটি শিশুৰ সলিল সমাধি ঘটা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল ঋষভ বিশ্বাস নামৰ শিশুটি। শিশুটিক বিচাৰি পৰিয়াল আৰু স্থানীয় ৰাইজে সন্ধান চলাই থকাৰ সময়তে আজি পুৱা প্ৰায় ৯ বজাত ঋষভৰ মৃতদেহ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়ত শোকত ভাগি পৰে পৰিয়াল। শিশুটিয়ে নৈৰ পাৰত খেলি থকাৰ সময়তে ভৰি পিচলি নৈত বাগৰি পৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
Read More
ডিগবৈত সতীৰ্থ জোৱানক গুলীয়াই হত্যা AISF জোৱানৰ

ডিগবৈত সতীৰ্থ জোৱানক গুলীয়াই হত্যা AISF জোৱানৰ

মঙলবাৰে পুৱা এজন সতীৰ্থক গুলীয়াই হত্যা কৰাৰ অভিযোগত অসম ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ এজন জোৱানক গ্ৰেপ্তাৰ কৰা হয়। ডিগবৈ চহৰৰ মুলিয়াবাৰী পথত অৱস্থিত এ আই এছ এফৰ শিবিৰৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি উদেশ মাঝি নামৰ অভিযুক্ত জোৱানজনে আজি পুৱা শিবিৰ চৌহদৰ ভিতৰতে নিজৰ চাৰ্ভিচ ৰাইফলেৰে সহকৰ্মীক গুলীয়াই হত্যা কৰে। মৃত জোৱানজনৰ নাম বিমল ওৰাং। ইফালে স্থানীয় আৰক্ষীয়ে উদেশক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰে। ধৃত জোৱানজনক জেৰা কৰাৰ পিছত এই হত্যাকাণ্ডৰ কাৰণ নিৰ্ণয় কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Read More
লোকসভা নিৰ্বাচনত অসমত ১২ খন আসনেই লাভ কৰিব বিজেপিয়েঃ দাবী গৃহমন্ত্ৰী অমিত শ্বাহৰ…

লোকসভা নিৰ্বাচনত অসমত ১২ খন আসনেই লাভ কৰিব বিজেপিয়েঃ দাবী গৃহমন্ত্ৰী অমিত শ্বাহৰ…

২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি। মঙলবাৰে ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহে এক সভাত অংশ লৈ বজালে ২৪ৰ নিৰ্বাচনী দুন্দুভী। অমিত শ্বাহে এইবাৰ অসমৰ ১৪খন আসনৰ ভিতৰত ১২খন আসন বিজেপিয়ে দখল কৰিব বুলি দাবী কৰে। এইবাৰ ৩০০ৰো অধিক লোকসভাৰ আসনত বিজেপিয়ে জয়লাভ কৰি নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰে গৃহমন্ত্ৰীগৰাকীয়ে। উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ দখল অধিক শক্তিশালী হৈ আহিছে বুলি মন্তব্য কৰে অমিত শ্বাহে। তেওঁ কয়, “অসমৰ ৰাইজক অভিনন্দন জনাব বিচাৰিছো। আপোনালোকৰ ভোটেৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ঘটিছে।” ডিব্রুগড়ত বিজেপিৰ কার্যালয় উদ্বোধনী অনুষ্ঠানত এখন ৰাজহুৱা সভাত ভাষণ দি গৃহমন্ত্রী শ্বাহে কয় যে বিজেপি সংগঠন ভিত্তিক দল আৰু এই কার্যালয়…
Read More
গেট খোলাত পলম হোৱাৰ বাবেই কৰ্তব্যৰত গৃহৰক্ষী জোৱানক আক্ৰমণ SDPOৰ…

গেট খোলাত পলম হোৱাৰ বাবেই কৰ্তব্যৰত গৃহৰক্ষী জোৱানক আক্ৰমণ SDPOৰ…

বোকাখাত মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে কৰ্তব্যৰত গৃহৰক্ষী জোৱানক আক্ৰমণ কৰাৰ অভিযোগ। গেট খোলাত পলম হোৱাৰ বাবেই গৃহৰক্ষী জোৱান ৰাজু টাইডক আক্ৰমণ কৰাৰ অভিযোগ মহকুমা আৰক্ষী বিষয়া (এছ ডি পি অ’) ৰেনুকান্তলা শীতল কুমাৰ নামৰ বিষয়াগৰাকীৰ বিৰুদ্ধে। এই কাণ্ডৰ পিছতে শ্ৰমিক সংগঠন আৰু কেইবাটাও গোটৰ সৈতে টাইডৰ পৰিয়ালৰ সদস্যই এছডিপিঅ’ৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁৰ নিন্দনীয় কাৰ্য্যৰ উত্তৰ দাবী কৰে। ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাজু টাইদে কয়, ‘বিষয়াজনে সোনকালে আহিব বুলি সতৰ্ক কৰি দিয়াৰ বাবে মই গেটৰ ওচৰত ৰৈ আছিলো। তেওঁ আহি পোৱাৰ লগে লগে গেটখন খুলি দিলোঁ৷ মাত্ৰ ১-২ ছেকেণ্ডতে গেটখন খুলিলোঁ, কিন্তু পিছত অফিচৰ ভিতৰত মাতিলে। তাৰ…
Read More
ডিমা হাছাওক দুখন জিলাত বিভক্ত কৰাৰ দাবীত অনিৰ্দিষ্টকালীন বন্ধৰ আহ্বান খিলঞ্জীয়া জনগোষ্ঠী মঞ্চৰ…

ডিমা হাছাওক দুখন জিলাত বিভক্ত কৰাৰ দাবীত অনিৰ্দিষ্টকালীন বন্ধৰ আহ্বান খিলঞ্জীয়া জনগোষ্ঠী মঞ্চৰ…

পাহাৰীয়া জিলা ডিমা হাছাওক দুখন জিলাত বিভক্ত কৰাৰ দাবীত খিলঞ্জীয়া জনগোষ্ঠী মঞ্চই অনিৰ্দিষ্টকালীন ডিমা হাচাও বন্ধৰ আহ্বান জনাইছে। এন চি হিলছৰ খিলঞ্জীয়া ছাত্ৰ মঞ্চই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, “আমি ২৩ মাৰ্চত পি আৰ চি সম্পৰ্কীয় বিষয়ৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ সৈতে পাহাৰীয়া জিলাখনক দুভাগ কৰাৰ দাবীত এক সমাৱেশ অনুষ্ঠিত কৰিছো।” ইয়াৰ উপৰিও ছাত্ৰ মঞ্চই কয় যে যদি ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীক সম্বোধন কৰা আমাৰ দাবীৰ উত্তৰ ১০ দিনৰ ভিতৰত ব্যৰ্থ হয় তেন্তে ছাত্ৰ শাখাই অনিৰ্দিষ্টকালীন বন্ধৰ বাবে যাব। ছাত্ৰ মঞ্চই লগতে দৃঢ়তাৰে কয় যে চৰকাৰে দাবীসমূহ পূৰণ কৰাত ব্যৰ্থ হ’লে ৰে’ল আৰু পথ পৰিবহণ দুয়োটা দিশতে প্ৰভাৱ পৰিব।
Read More
পানীখাইটীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ বেপাৰীক আটক…

পানীখাইটীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ বেপাৰীক আটক…

অসম আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ মহকুমাৰ পানীখাইটী গাঁৱৰ পৰা এজন কুখ্যাত গাঞ্জা বেপাৰীক আটক কৰাৰ লগতে কেইবা কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। পানীখাইটিৰ খেৰবাৰীৰ পৰা আটক কৰা গাঞ্জা বেপাৰী হবিবুৰ ৰহমানৰ পৰা প্ৰায় ২৩ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে। হাবিজুৰ নামেৰে পৰিচিত হবিবুৰ ৰহমানে দীৰ্ঘদিন ধৰি গাঞ্জাৰ ব্যৱসায় চলাই আহিছিল। যোৱা কেইমাহমানৰ পৰা তেওঁৰ কাম-কাজৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছিল। গোপন সূত্ৰৰ ভিত্তিত কাম কৰি আৰক্ষী বিষয়াৰ এটা দলে তেওঁৰ আত্মগোপন স্থানত অভিযান চলাই তেওঁক আটক কৰে। জানিব পৰা মতে, হাবিজুৰক বিগত সময়তো গাঞ্জাৰ বেপাৰৰ অভিযোগত আটক কৰি কাৰাদণ্ড বিহা হৈছিল। ইয়াৰ পিছতো তেওঁ অবৈধ ব্যৱসায়ত লিপ্ত হৈ…
Read More
ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু জী-জোঁৱাইৰ

ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু জী-জোঁৱাইৰ

বহিঃৰাজ্যত অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীসহ পৰিয়ালৰ ৩ সদস্যৰ অকাল মৃত্যুৱে শোকৰ বন্যা নমাইছে বোকাখাতত। ৰাজস্থানৰ আলৱাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে নুমলীগড়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীৰ লগতে তেওঁৰ জী আৰু জোঁৱাইৰ। নিহত সকলক অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতিমালা গগৈ চৌধুৰী (৭৫), কন্যা মনমী বৰা গগৈ (৪২) আৰু জোঁৱাই অৰ্ণৱ বৰা (৪৫) বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে মনমী আৰু অৰ্ণৱৰ কণমানি পুত্ৰ আভি বৰাৰ। নিহত জ্যোতিমালা গগৈ চৌধুৰী বিহৰা বজাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আছিল। জানিব পৰা মতে, অৰ্ণৱ বৰাৰ ঘৰ লখিমপুৰৰ চাবতিৰ চৌখামত যদিও কৰ্মৰ খাতিৰত তেওঁ সপৰিয়ালে দিল্লীত বাস কৰিছিল। যোৱা ২৪ ফেব্ৰুৱাৰীত জী-জোঁৱাইৰ ঘৰলৈ গৈছিল অৱসৰী…
Read More
বিয়াৰ ৩ মাহ পিছতে বাথৰুমত উদ্ধাৰ মহিলাৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য…

বিয়াৰ ৩ মাহ পিছতে বাথৰুমত উদ্ধাৰ মহিলাৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য…

দুলীয়াজানৰ নিউ ডিৰিয়েল চাহ বাগিচাত দেওবাৰে পুৱা উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, নিহত মহিলাগৰাকীৰ পৰিচয় বসন্তী গোৱালা বুলি চিনাক্ত কৰা হৈছে। মাত্ৰ তিনি মাহ পূৰ্বে ৰাজীৱ গোৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বসন্তীক নিশা শৌচাগাৰত মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। সমগ্ৰ ঘটনাটো হত্যাকাণ্ড বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ঘটনাৰ পিছতে একাংশ উত্তেজিত লোকে ৰাজীৱ গোৱালাৰ বাসগৃহত আক্ৰমণৰ চেষ্টা চলায় যদিও সময়মতে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষী। পিছত এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে গোৱালা আৰু তেওঁৰ পিতৃক সোধা-পোছাৰ বাবে লৈ যায়।
Read More