অসম

দেৰগাঁৱত মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীক যৌন নিৰ্যাতন কনিষ্টবলৰ, গ্ৰেপ্তাৰ…

দেৰগাঁৱত মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীক যৌন নিৰ্যাতন কনিষ্টবলৰ, গ্ৰেপ্তাৰ…

গোলাঘাট জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত এগৰাকী মহিলা আৰক্ষী জোৱানক ধৰ্ষণ কৰাৰ অভিযোগ এজন পুৰুষ আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে। খবৰ অনুসৰি, যোৱা ২২ ফেব্ৰুৱাৰীত মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীগৰাকীক অসুস্থ হৈ থকাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদৰ ভিতৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নিশা কৰ্তব্যৰত বাবুল ভূঞা নামৰ পুৰুষ আৰক্ষী কনিষ্টবলজনে মহিলাগৰাকীক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত কৰ্তৃপক্ষক এই সন্দৰ্ভত খবৰ দিয়ে ভুক্তভোগীয়ে যদিও অভিযোগৰ পিছতো জ্যেষ্ঠ বিষয়াসকলে ব্যৱস্থা ল’বলৈ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। দেওবাৰে পুৱা কৰ্তব্যৰ সময়ত ভুক্তভোগী আৰক্ষী জোৱান অচেতন হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পিছতে দেৰগাঁও…
Read More
লেখিকা, অধ্যাপিকা শ্ৰুতিমালা দুৱৰাৰ বিয়োগ

লেখিকা, অধ্যাপিকা শ্ৰুতিমালা দুৱৰাৰ বিয়োগ

সন্দিকৈ গাৰ্লছ কলেজৰ সহযোগী অধ্যাপিকা, শিক্ষাবিদ, প্ৰখ্যাত লেখিকা শ্ৰুতিমালা দুৱৰাৰ সোমবাৰে গুৱাহাটীত মৃত্যু ঘটে। উত্তৰ-পূবৰ আঠটা অধ্যায় থকা সংস্থা নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য আছিল দুৱৰা। এগৰাকী দ্বিভাষিক লেখিকা, ইংৰাজী ভাষাৰ তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে তিনিখন উপন্যাস আৰু চাৰিখন চুটিগল্প সংকলন- দ্য ছানচেট আৱাৰ এণ্ড অদাৰ ষ্ট’ৰীজ (১৯৯৮), ৱেইটিং ফৰ দ্য লাষ্ট ব্ৰেথ (১৯৯৯), দ্য ঝুলন ইভিনিং (২০০০) আৰু দ্য মিছিং লিংক। খবৰ অনুসৰি কেইবছৰমান আগতে তেওঁৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পৰিছিল। শেহতীয়াকৈ তেওঁ- My Journey through Cancer শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰে, য’ত তেওঁ কেন্সাৰ ধৰা পৰাৰ পিছত তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিছে।
Read More
মহানগৰীত ৮ কোটি টকাৰো অধিক মূল্যৰ হেৰ’ইন জব্দ, ৩ জনক আটক

মহানগৰীত ৮ কোটি টকাৰো অধিক মূল্যৰ হেৰ’ইন জব্দ, ৩ জনক আটক

মহানগৰীৰ বশিষ্ঠত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। বশিষ্ঠৰ নলাপাৰাত গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ১.০৫৬ কিলোগ্ৰাম হেৰ’ইন। ইফালে এই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে তিনিজনকৈ লোকক। পূৱ গুৱাহাটী আৰক্ষী জিলাৰ এটা দলে চলোৱা এক বিশেষ অভিযানত ৮৮টা চাবোনৰ বাকচত ভৰ্তি হেৰ’ইনখিনি জব্দ কৰা হয়। লগতে AS01ES0766 আৰু AS01NC3769 নম্বৰৰ দুখন গাড়ীও জব্দ কৰা হৈছে। গুৱাহাটী আৰক্ষীৰ তথ্য অনুসৰি তিনিজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰী কেইজনক আব্দুল ৰছিদ, মুজামিল হক আৰু মোঃ জামাল আলী বুলি চিনাক্ত কৰা হৈছে।
Read More
মধ্যাহ্ন ভোজনৰ বাবে বেংকৰ পৰা ধন উলিয়াই অনাৰ সময়তে শিক্ষকৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ’ল ১ লাখ টকা…

মধ্যাহ্ন ভোজনৰ বাবে বেংকৰ পৰা ধন উলিয়াই অনাৰ সময়তে শিক্ষকৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ’ল ১ লাখ টকা…

সোমবাৰে ধুবুৰী জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ পৰা দিনৰ পোহৰতে অচিনাক্ত দুৰ্বৃত্তই লুটি লৈ গ’ল এক লাখ টকা। এয়াৰমাৰী বালিকা এল পি স্কুলত অধ্যাপনা কৰা মনোমোহন চন্দ্ৰ দাস নামৰ শিক্ষকগৰাকী ধুবুৰী জিলাৰ অন্তৰ্গত বিদ্যাদাবৰী চাহ বাগিচা পি-এলৰ হালাকুৰাৰ বাসিন্দা। দাসৰ মতে, ধুবুৰী চহৰৰ এ এছ টি চি বাছ ষ্টেণ্ডত মধ্যাহ্ন ভোজনৰ বাবে ধুবুৰীৰ ইউ চি অ’ বেংকৰ শালমাৰা শাখাৰ পৰা ১ লাখ টকা উলিওৱাৰ পিছতে এই ঘটনা সংঘটিত হয়। তেওঁ কয়, ''মই ইউচিঅ' বেংক শালমাৰা শাখাৰ পৰা প্ৰায় ১২ বজাৰ পৰা ১৩০ বজালৈ ধন উলিয়াই কিছু কামৰ বাবে এটা ঠাইলৈ গৈছিলো। সেই ঠাইৰ পৰা উভতি আহোঁতে কোনোবাই মোৰ শৰীৰত কিবা…
Read More
ঢকুৱাখনাত ৬টাকৈ দুষ্প্ৰাপ্য শগুনৰ অপমৃত্যু…

ঢকুৱাখনাত ৬টাকৈ দুষ্প্ৰাপ্য শগুনৰ অপমৃত্যু…

মাজুলীৰ পিছতে এইবাৰ মৃত্যু ঘটিল প্ৰকৃতিৰ জমাদাৰৰূপে পৰিচিত ৬টাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুনৰ। ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগিচা গাঁৱৰ এখন পথাৰত ৬টাকৈ শগুনৰ মৰাশ পৰি থকাৰ খবৰে মৰ্মাহত কৰিছে স্থানীয় নিৱাসীৰ লগতে প্ৰকৃতিপ্ৰেমীসকলক। জানিব পৰা মতে, পথাৰত ৬টা শগুন মৃত্যু হৈ পৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে শুকুৰবাৰে বিয়লি প্ৰায় ২ বজাত সেই স্থানত উপস্থিত হয় প্ৰকৃতি সংৰক্ষক ধ্ৰুৱজ্যোতি চেতিয়া, প্ৰকৃতি প্ৰেমী বিমান চেতিয়া, মানস দত্ত আদি কেইবাজনো লোক। ইয়াৰ পিছতে প্ৰকৃতি প্ৰেমীসকলে সেই স্থানত ৬টা হিমালয়ান গ্ৰীফন প্ৰজাতিৰ শগুনৰ মৰাশ উদ্ধাৰ কৰাৰ লগতে আন দুটা শগুনক সংকটজনক অৱস্থাত প্ৰত্যক্ষ কৰি মেগামিক্স প্ৰকৃতি সংঘ আৰু বন বিভাগক অৱগত কৰে। পৰৱৰ্তী…
Read More
কৰিমগঞ্জ প্ৰশাসনে বৃহস্পতিবাৰে বাংলাদেশৰ সৈতে থকা সীমান্তত ফৌজদাৰী বিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰে।

কৰিমগঞ্জ প্ৰশাসনে বৃহস্পতিবাৰে বাংলাদেশৰ সৈতে থকা সীমান্তত ফৌজদাৰী বিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰে।

জিলাখনৰ আইন-শৃংখলা বিঘ্নিত হোৱাৰ সম্ভাৱনা থকা বিধ্বংসী উপাদানৰ চলাচল ৰোধৰ বাবে এই নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও জিলাখনৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ মাজেৰে গৰু সৰবৰাহৰ ঘটনা ৰোধ কৰাৰো লক্ষ্য ৰাখিছে যিয়ে বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে। সূত্ৰ অনুসৰি এই নিষেধাজ্ঞা আদেশ অনিৰ্দিষ্টকাললৈ বলবৎ থাকিব। ইয়াৰ দ্বাৰা নিশা ৮ বজাৰ পৰা পুৱা ৫ বজাৰ ভিতৰত ৫০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সীমান্তৰে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। ইয়াৰোপৰি জিলা দণ্ডাধীশে কুছিয়াৰা নদীৰ কাষে কাষে মানুহৰ চলাচল আৰু ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়াত বাধা আৰোপ কৰে। ইফালে কোনো ব্যক্তিয়ে সংশ্লিষ্ট চক্ৰ বিষয়াৰ অনুমতি নোলোৱাকৈ কুছিয়াৰা নদীত মাছ ধৰাৰ বাবে কোনো ধৰণৰ নাও চলাব নোৱাৰিব। এই…
Read More
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, ৫ যুৱকৰ কৰুণ মৃত্যু

শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, ৫ যুৱকৰ কৰুণ মৃত্যু

নিষ্ঠুৰ নিয়তিয়ে অকালতে প্ৰাণ কাঢ়ি নিলে ৫ গৰাকীকৈ সুঠাম যুৱকৰ। নিশা প্ৰায় ১ মান বজাত শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু ৫ যুৱকৰ। নিহত সকলক ক্ৰমে গটংগাৰ দ্বীপেন বৰা, বালিপুখুৰীৰ ভাইকন পটংগীয়া, বেচেৰীয়াৰ বিদ্যুৎ নাথ, কাৱৈমাৰীৰ আকাশদ্বীপ বৰা আৰু ৰঙাপুখুৰীপাৰৰ বিশ্বজিৎ শইকীয়া বুলি চিনাক্ত কৰা হৈছে। AS 12R 2115 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলতে বাহনখনত থকা ৫ যুৱকৰ থিতাতে মৃত্যু হয়। নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহন। বালিপৰাৰ পৰা তেজপুৰ দিশে গৈ আছিল বাহনখন।
Read More
ওদালগুৰিত আৰক্ষীয়ে সংঘৰ্ষত নিহত দুৰ্ধৰ্ষ ডকাইত কিনাৰাম বড়ো…

ওদালগুৰিত আৰক্ষীয়ে সংঘৰ্ষত নিহত দুৰ্ধৰ্ষ ডকাইত কিনাৰাম বড়ো…

বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাত কেইবাটাও ডকাইতিৰ গোচৰত মষ্ট ৱাণ্টেড এজন ডকাইতক গুলীয়াই হত্যা কৰা হয়। ৰৌতা থানাৰ অন্তৰ্গত দৈফাং খুটিত এই ঘটনাৰ খবৰ পোৱা গৈছে। ভয়ংকৰ অপৰাধীজনৰ নাম কিনাৰাম বড়ো। আৰক্ষীৰ মতে, আৰক্ষীৰ দল আৰু ডকাইতৰ মাজত হোৱা গুলীয়াগুলিৰ সময়তে দুৰ্ধৰ্ষ ডকাইতজনৰ গুলীবিদ্ধ হৈ মৃত্যু ঘটে। এই ঘটনাত দুজন আৰক্ষীও গুলীত আঘাতপ্ৰাপ্ত হয়। ইফালে আৰক্ষীয়ে স্থানৰ পৰা এটা পিষ্টল আৰু সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে।
Read More
মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৩০টাকৈ বাসগৃহ…

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৩০টাকৈ বাসগৃহ…

গুৱাহাটীঃ বৃহস্পতিবাৰে নিশা গুৱাহাটী মহানগৰীৰ এখন বজাৰত ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈ কমেও ৩০টা ঘৰ ধ্বংস হয়। গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ অজন্তা পথত নিশা প্ৰায় ১০.১৫ বজাত সংঘটিত হয় এই ঘটনা। অৱশ্যে অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। সূত্ৰ অনুসৰি এই ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। ইফালে, এই অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ সন্দেহ। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। এই ঘটনাৰ পিছতে ১৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে তিনি ঘণ্টাৰো অধিক সময় সংগ্ৰাম কৰি জুই নিৰ্বাপন কৰে।
Read More
অসমৰ ৰাজ্যপালৰূপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰিয়াৰ…

অসমৰ ৰাজ্যপালৰূপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰিয়াৰ…

বুধবাৰে অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে গুলাব চান্দ কাটাৰিয়াই। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে ৭৮ বছৰীয়া কাটাৰিয়াই। ৰাজস্থানৰ উদয়পুৰৰ বাসিন্দা কাটাৰিয়াই কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত ১৯ ফেব্ৰুৱাৰীত কাৰ্যভাৰ ত্যাগ কৰা অধ্যাপক জগদীশ মুখীৰ উত্তৰাধিকাৰী হ’ব। ইয়াৰ পূৰ্বে কাটাৰিয়াই ৰাজস্থানৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাত ৰাজ্য বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
Read More