03
Mar
একে দিনাই ঘোচ লৈ গ্ৰেপ্তাৰ দুজনকৈ চৰকাৰী কৰ্মচাৰী। নগাঁৱৰ কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক হাতে-লোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ। ভূমি বিক্ৰীৰ অনুমতি প্ৰদানৰ নামত উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় লাট মণ্ডল প্ৰাঞ্জল বৰা। ইফালে একেদিনাই ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলিল খানাপাৰাস্থিত সমবায় ভৱনতো। পেঞ্চন ফাইল নিষ্পত্তিৰ বাবে উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক বিদ্যাধৰ দাস।
