অসম

সংগীতা দত্তৰ কুকাণ্ড! বমি চেলেকিবলৈ বাধ্য কৰাইছিল কণমানি শিশুক, CCTVৰ ফুটেজত বন্দী হৈছিল দৃশ্য…

সংগীতা দত্তৰ কুকাণ্ড! বমি চেলেকিবলৈ বাধ্য কৰাইছিল কণমানি শিশুক, CCTVৰ ফুটেজত বন্দী হৈছিল দৃশ্য…

পোহৰলৈ আহিছে গুৱাহাটীৰ চিকিৎসক দম্পতীৰ ইটোৰ পিছত সিটো ক’লা অধ্যায়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, চিচিটিভি ফুটেজত ওলাই পৰিছে চিকিৎসক দম্পতীৰ পাশৱিকতাৰ ভয়ংকৰ তথ্য। জানিব পৰা মতে, বমি কৰিলে শিশুক বমি চেলেকিবলৈ বাধ্য কৰাইছিল সংগীতা দত্তই। বিচনাত প্ৰস্ৰাৱ কৰিলে দিছিল চৰম শাস্তি। ইমানেই নহয়, চকুত জলকীয়া গুড়ি সনাৰ কথাও পোহৰলৈ আহিছে। চিচিটিভিত বন্দী হৈছে আতিশয্যৰ কথোপকথন। প্ৰতিটো চিচিটিভিৰ ভিজুৱেল পৰীক্ষা কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে। হয়টো উদ্ধাৰ হ’ব অধিক ন ন তথ্য। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে চিকিৎসক দম্পতী। তোলনীয়া সন্তানক নিৰ্মম আতিশয্যাৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। চাইল্ডলাইনৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুয়োকে।
Read More
ফৰ্মেলিনযুক্ত চালানী মাছ বিক্ৰী সম্পৰ্কত উচ্চ ন্যায়ালয়ৰ শুনানি, অসম চৰকাৰ, মীন বিভাগ আৰু খাদ্য সুৰক্ষা বিভাগলৈ জাননী জাৰি

ফৰ্মেলিনযুক্ত চালানী মাছ বিক্ৰী সম্পৰ্কত উচ্চ ন্যায়ালয়ৰ শুনানি, অসম চৰকাৰ, মীন বিভাগ আৰু খাদ্য সুৰক্ষা বিভাগলৈ জাননী জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে ফৰ্মেলিনযুক্ত চালানী মাছ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি জনস্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰ, মীন বিভাগ, খাদ্য সুৰক্ষা বিভাগক অধিসূচনা জাৰি কৰে। অধিবক্তা পি আগৰৱালে প্ৰতিনিধিত্ব কৰা জনস্বাৰ্থৰ মামলা (পিআইএল)ৰ শুনানি গ্ৰহণ কৰাৰ পিছত, অসমৰ আমদানিকৃত (চালানী) মাছত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি সম্পৰ্কীয় গোচৰটোত উচ্চ ন্যায়ালয়ে আগ্ৰহী পক্ষক ২১ মে’ৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ অধিসূচনা জাৰি কৰে। তিনিজন উত্তৰদাতাক প্ৰতিনিধিত্ব কৰি অতিৰিক্ত জ্যেষ্ঠ চৰকাৰী অধিবক্তা এম ভট্টাচাৰ্জীয়ে উত্তৰদাতাৰ হৈ নিৰ্দেশনা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। উত্তৰদাতা চাৰিজন হ’ল- অসম চৰকাৰ, অসম চৰকাৰৰ আয়ুক্ত আৰু সম্পাদক, মীন বিভাগৰ আয়ুক্ত আৰু সচিব আৰু নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ। ইয়াৰ উপৰিও পিআইএলত…
Read More
কণ্ঠশিল্পী, অধিবক্তা তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভাগিন ঋষিৰাজ শৰ্মা আৰু নাই

কণ্ঠশিল্পী, অধিবক্তা তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভাগিন ঋষিৰাজ শৰ্মা আৰু নাই

ৰাজ্যৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী ঋষিৰাজ শৰ্মা আৰু নাই। যশস্বী সংগীত শিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মাৰ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটে। দীৰ্ঘদিন ধৰি বৃক্কৰোগত আক্ৰান্ত হৈ আছিল শৰ্মা। বহুদিনীয়া চিকিৎসাৰ অন্তত বৃক্ক সংৰোপন কৰাৰ পিছত তেওঁ কিছু পৰিমাণে সুস্থও হৈছিল। শনিবাৰে হোটেল ৰেডিশ্বনত তেওঁ অনুষ্ঠানো পৰিৱেশন কৰিছিল। কিন্তু হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ৰাতিপুৱা ৭ বাজি ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ভৰ্তি কৰোৱা হৈছিল। ইয়াতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। কণ্ঠশিল্পীগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বুলি চিকিৎসকৰ সূত্ৰত প্ৰকাশ।
Read More
তোলনীয়া কন্যাক নিৰ্যাতন! পলাতক চিকিৎসক ডা০ সংগীতা দত্তক গ্ৰেপ্তাৰ আৰক্ষীৰ…

তোলনীয়া কন্যাক নিৰ্যাতন! পলাতক চিকিৎসক ডা০ সংগীতা দত্তক গ্ৰেপ্তাৰ আৰক্ষীৰ…

অসম আৰক্ষীয়ে শনিবাৰে শিশু নিৰ্যাতনৰ গোচৰত মেঘালয় সীমান্তৰ পৰা গুৱাহাটীৰ চিকিৎসক সংগীতা দত্তক গ্ৰেপ্তাৰ কৰে। স্বামী ডাঃ ৱালিউল ইছলামৰ সৈতে ডাঃ সংগীতাই তেওঁলোকৰ তোলনীয়া কণমানি কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইফালে ডাঃ সংগীতাই পলাতক হৈ মেঘালয়ৰ ৰিভয়ৰ উমছনিঙৰ এটা ঘৰত আত্মগোপন কৰি আছিল। কিন্তু আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু নিশা পল্টন বজাৰ থানালৈ লৈ আহে। সংগীতাৰ স্বামী ডাঃ ৱালিউলক এই গোচৰৰ সন্দৰ্ভত পাঁচ দিন ধৰি আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছে। ইয়াৰ মাজতে এই গোচৰৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা কেয়াৰটেকাৰ লক্ষ্মী ৰায়ক আদালতে জিম্মাত লৈছে। অভিযোগ অনুসৰি, ডাক্তৰ দম্পতীহালে দুষ্টামি কৰাৰ শাস্তি হিচাপে তীব্ৰ গৰমত নিজৰ তোলনীয়া…
Read More
বকোত বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ৩ যুৱকৰ

বকোত বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ৩ যুৱকৰ

বকোৰ শিংৰাত ভয়ংকৰ দুৰ্ঘটনা। বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ৩ যুৱকৰ। নগৰবেৰাৰৰ পৰা বকোৰ ৰায়পাৰা মেধীপাৰালৈ বিবাহ সম্পন্ন কৰিবলৈ গৈছিল। বিবাহ শেষ কৰি ওভতাৰ পথতে দুৰ্ঘটনাত পতিত হয় বৰযাত্ৰীৰ এখন এল্ট’ বাহন। এই ভয়ংকৰ দুৰ্ঘটনাত নিহত যুৱক তিনিজনক ৰূপেশ চৌধুৰী (৪৩), ভাস্কৰ ঠাকুৰীয়া (৩১) আৰু মানস পাঠক (৩১) বুলি চিনাক্ত কৰা হৈছে। নিহত তিনিওজন নগৰবেৰাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, তেওঁলোকে বৰযাত্ৰী হৈ যাত্ৰা কৰা এল্ট’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰি বিধ্বস্ত হৈ পৰে। এই দুৰ্ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।
Read More
নগাঁৱত বৃহৎ নকল নোটসহ এজনক আটক আৰক্ষীৰ…

নগাঁৱত বৃহৎ নকল নোটসহ এজনক আটক আৰক্ষীৰ…

অসম আৰক্ষীয়ে নগাঁও জিলাত ২.২৫ লাখ টকাৰ নকল ভাৰতীয় মুদ্ৰা নোট জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰিছে। ধৃত ব্যক্তিজনক ৰছিদুল হুছেইন বুলি চিনাক্ত কৰা হৈছে। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা আৰক্ষীৰ এটা দলে নগাঁও চহৰৰ সমীপৰ বৰঘাট অঞ্চলত অভিযান আৰম্ভ কৰি নকল নোটসমূহ জব্দ কৰে। নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাই কয় যে, “আমি বৰঘাট বাইপাছ এলেকাত নকল নোট বিক্ৰী কৰিবলৈ অহাৰ তথ্য লাভ কৰিছিলো আৰু সেই তথ্যৰ ভিত্তিত আমি অভিযান আৰম্ভ কৰিছিলো। আমি এজন ব্যক্তিক ধৰি জেৰা চলাইছিলো।” তেওঁ লগতে কয় যে আমি চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰী অঞ্চলত থকা ফাইজুল হোকৰ এটা ঘৰত তালাচী চলাই ২.২৫ লাখ টকাৰ…
Read More
কলেজীয়া কিশোৰীৰ প্ৰেমৰ জালত প্ৰৌঢ়, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আত্মহত্যা

কলেজীয়া কিশোৰীৰ প্ৰেমৰ জালত প্ৰৌঢ়, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আত্মহত্যা

এক মৰ্মান্তিক ৰূপত অসমৰ যোৰহাটৰ এজন ৭২ বছৰীয়া ব্যক্তিয়ে কলেজীয়া ছোৱালীৰ সৈতে আপোচ কৰা অৱস্থাত দেখা পোৱা ভিডিঅ’ অনলাইনত প্ৰকাশ পোৱাৰ পিছতে আত্মহত্যা কৰি মৃত্যুক সাৱটি লয়। সূত্ৰসমূহে জনোৱা মতে, কিশোৰীগৰাকীয়ে বৃদ্ধজনক ফান্দত পেলাই তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ভিডিঅ’ তেওঁ পৰ্ণ চাইটত আপলোড কৰিছিল। দৰ্শনা ভৰালী নামৰ অভিযুক্ত কিশোৰীগৰাকীয়ে গোপনে নিজৰ মোবাইল ফোনত ৰেকৰ্ডিং কৰি পৰ্ণ চাইটত আপলোড কৰা বুলি অভিযোগ উঠিছে। ইয়াৰ পিছতে স্থানীয় অঞ্চলটোত ভিডিঅ’টো ভাইৰেল হৈ পৰে, যাৰ ফলত বৃদ্ধজনে এই চৰম পদক্ষেপ ল’বলৈ বাধ্য হয় কাৰণ ই তেওঁৰ পৰিয়ালৰ বাবে যি লাজ কঢ়িয়াই আনিছে সেয়া সহ্য কৰিব নোৱাৰিলে বুলি সূত্ৰই…
Read More
নাজিৰাত তীব্ৰবেগী বলেৰ’ৰ খুন্দাত নিহত বন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া

নাজিৰাত তীব্ৰবেগী বলেৰ’ৰ খুন্দাত নিহত বন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া

শুকুৰবাৰে পুৱা শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰাত সংঘটিত হিট এণ্ড ৰাণ দুৰ্ঘটনাত নিহত হয় বন বিভাগৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া। নিহত লোকজনৰ নাম মুনিন শইকীয়া। তথ্য অনুসৰি মঠিয়াছিগা গোহাঁই গাঁৱৰ সমীপত তীব্ৰবেগী বলেৰো গাড়ীয়ে খুন্দা মৰাৰ ফলত শইকীয়া থিতাতে নিহত হয়। সূত্ৰই জনোৱা মতে, তীব্ৰ বেগত লোকজনৰ সৈতে খুন্দা মৰাৰ ফলত গাড়ীখনে দ্ৰুতগতিত গুচি যায়, যাৰ ফলত লোকজনৰ মৃত্যু হয়। ইফালে, কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰা হৈছে।
Read More
তিনিচুকীয়া ধৰ্ষণ আৰু হত্যা গোচৰ! এমাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব আৰক্ষীয়ে…

তিনিচুকীয়া ধৰ্ষণ আৰু হত্যা গোচৰ! এমাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব আৰক্ষীয়ে…

তিনিচুকীয়া আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলিপে মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত এমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰাৰ আশ্বাস দিছে। ইয়াৰ উপৰিও শীৰ্ষ জিলা আৰক্ষী বিষয়াগৰাকীয়ে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তেও কাৰ্য্যবিধি গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। তিনিচুকীয়া আৰক্ষীয়ে এই ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্ত অনন তাঁতীৰ ভৰিত গুলীৰ আঘাত পোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে তিনিচুকীয়া আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ জয়নগৰত থকা চেপ্টিক টেংকৰ পৰা এগৰাকী ভুক্তভোগী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰিছিল। ইয়াৰ পিছতে মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযানৰ অন্তত ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্ত অনন তাঁতীক…
Read More
মাৰ্ঘেৰিটা কাণ্ডৰ অপৰাধীক এনকাউণ্টাৰ…

মাৰ্ঘেৰিটা কাণ্ডৰ অপৰাধীক এনকাউণ্টাৰ…

মাৰ্ঘেৰিটাৰ কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অপৰাধী অনন তাঁতীক এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত অপৰাধীজন। পলায়নৰ চেষ্টা চলাওঁতেই গুলিবিদ্ধ অপৰাধী আনন্দ তাঁতী। পুৱা অৰুণাচলত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
Read More