অসম

ধুবুৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ৩ বাইক আৰোহীৰ, হেলমেট নিপিন্ধাৰ বাবেই এই অঘটন…

ধুবুৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ৩ বাইক আৰোহীৰ, হেলমেট নিপিন্ধাৰ বাবেই এই অঘটন…

বৃহস্পতিবাৰে বিয়লি ধুবুৰী জিলাৰ অন্তৰ্গত বেলগুৰিত এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত তিনিজন বাইক আৰোহীৰ থিতাতে মৃত্যু ঘটে। জানিব পৰা মতে, একেখন বাইকত যাত্ৰা কৰা যুৱক তিনিজনক বিপৰীত দিশৰ পৰা এখন ট্ৰাকে খুন্দা মৰাত তিনিওজনৰ থিতাতে মৃত্যু হয়। বেলগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে এই দুৰ্ঘটনা সংঘটিত কৰাৰ সময়ত মৃত যুৱকসকলৰ কোনো এজনেই হেলমেট পিন্ধা নাছিল। ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীৰ চাৰিওফালে সামান্য জনসমাগম হৈ স্থানীয় আৰক্ষীক খবৰ দিয়ে। মৃত যুৱক কেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
Read More
২ বছৰত ৬০ শতাংশ বৃদ্ধি কৰা হৈছে MBBSৰ আসনৰ সংখ্যাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২ বছৰত ৬০ শতাংশ বৃদ্ধি কৰা হৈছে MBBSৰ আসনৰ সংখ্যাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যোৱা ২ বছৰত অসমৰ ৰাজ্য চৰকাৰে স্বাস্থ্যৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। তদুপৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰত চৰকাৰে ৫৬ লাখ পৰিয়ালক ৫ লাখ টকাৰ বীমা কভাৰেজ প্ৰদান কৰিছে। ইয়াৰ লগতে ৭খন কেন্সাৰ চিকিৎসালয় আৰু উপলব্ধ এমবিবিএছৰ আসন ৬০ শতাংশ বৃদ্ধি পাই ১৫০০লৈ বৃদ্ধি পাইছে কাৰণ ২৪খন পৰিকল্পিত চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ১২খনে কাৰ্যক্ষম হৈ উঠিছে। আগতে চিকিৎসা বৃত্তিত অৰ্জন কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে অন্য ৰাজ্য বা বিদেশলৈ যাবলগীয়া হৈছিল, অৱশ্যে এই চৰকাৰৰ কার্যকালত ভালে সংখ্যক চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে যাৰ ফলত অসমৰ ছাত্র-ছাত্রীসকল উপকৃত হৈছে৷ ইফালে উত্তৰ-পূর্বাঞ্চলৰ প্রথমখন এইমছৰ লগতে ৯খন চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূর্ণ হোৱাৰ বিভিন্ন পর্যায়ত…
Read More
ঘোচ লৈ এইবাৰ জালত পৰিল আন এগৰাকী চৰকাৰী বিষয়া, গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা…

ঘোচ লৈ এইবাৰ জালত পৰিল আন এগৰাকী চৰকাৰী বিষয়া, গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা…

একেদিনাই দ্বিতীয়টো ঘোচ কাণ্ড। এইবাৰ মহানগৰীৰ কৰ ভৱনত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্তক। ধৃত ঘোচখোৰ বিষয়াগৰাকীৰ নাম মিনাক্ষী কাকতি কলিতা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে আজি নগৰবেৰাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল ঘোচখোৰ লাট মণ্ডল মহেন্দ্ৰ নাথ।
Read More
SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CIDৰ হাতত! দুৰ্ঘটনাস্থলীত উপস্থিত তিনিজনীয়া দল

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CIDৰ হাতত! দুৰ্ঘটনাস্থলীত উপস্থিত তিনিজনীয়া দল

ৰহস্যজনক পৰিস্থিতিত পথ দুৰ্ঘটনাত উপ-পৰিদৰ্শক জোনমনি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে কলিয়াবৰত উপস্থিত হৈছে অপৰাধ অনুসন্ধান বিভাগৰ তিনিজনীয়া এটা দল। সূত্ৰ অনুসৰি বুধবাৰে পুৱা পথ দুৰ্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিছে চি আই ডিৰ দলটোৱে। চি আই ডিৰ দলটোৰ সৈতে উপস্থিত থাকে ৰাজহুৱা কাম-কাজ বিভাগ আৰু নগাঁও আৰক্ষীৰ বিষয়াসকল। কলিয়াবৰৰ উপ-পৰিদৰ্শক জোনমনি ৰাভাৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ পিছতে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে জনাইছিল যে অসম আৰক্ষীৰ চি আই ডিক তদন্ত অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) জোনমনি ৰাভাৰ মৃত্যুৰ গোচৰত ৰহস্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে আৰক্ষী বিষয়াগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলিছে।
Read More
নিশা পথ দুৰ্ঘটনাত অকাল মৃত্যু ‘লেডী সিংঘম’ৰূপে পৰিচিত SI জোনমণি ৰাভাৰ…

নিশা পথ দুৰ্ঘটনাত অকাল মৃত্যু ‘লেডী সিংঘম’ৰূপে পৰিচিত SI জোনমণি ৰাভাৰ…

নিশা দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যু নগাঁও থানাৰ মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ। নিশা জখলাবন্ধাৰ সমীপত সৰুভগীয়াত সংঘটিত হয় দুৰ্ঘটনা। এছআই জোণমনি ৰাভাৰ মাৰুতী বাহনখনৰ সৈতে এখন কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষ ঘটাত থিতাতে মৃত্যু ঘটে আৰক্ষী বিষয়াগৰাকীৰ। জানিব পৰা মতে, নিশা নগাঁৱৰ পৰা যোৰহাট অভিমুখে গৈ আছিল জোনমণি ৰাভা। সেই সময়তে নিশা প্ৰায় ২ বজাত বিপৰীত দিশৰ পৰা আহি থকা কণ্টেইনাৰ ট্ৰাকখনৰ সৈতে সংঘৰ্ষ ঘটে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Read More
শৈক্ষিক অৰ্হতা জালিয়াতিৰ গোচৰত AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

শৈক্ষিক অৰ্হতা জালিয়াতিৰ গোচৰত AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা তথা বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ শৈক্ষিক অৰ্হতা জাল কৰাক লৈ অহা ১৮ মে’ত ভাৰতৰ উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব। খবৰ অনুসৰি কৰিমুদ্দিনে নিৰ্বাচনী শপতনামাত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা বি এ উত্তীৰ্ণ হোৱাৰ তথ্য দিছিল। কিন্তু সোণাইৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে সোণাইৰ বিধায়কে প্ৰদান কৰা এই তথ্য ভুল বুলি কৈ গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। কৰিমুদ্দিন বৰভূঞাক এই তথ্য গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ কোৱা হয়। ইফালে কৰিমুদ্দিন বৰভূঞাই ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। ইতিমধ্যে আৰ টি আইৰ অধীনত লাভ কৰা তথ্য অনুসৰি ২০১৯ চনত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা…
Read More
ৰাজ্যত ৪১ শতাংশ হ্ৰাস পাইছে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত ৪১ শতাংশ হ্ৰাস পাইছে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিগত ২ বছৰত বিক্ষিপ্ত হিংসাৰ ঘটনাৰ মাজতে অসম চৰকাৰে মহিলাসকলৰ বাবে এক সুৰক্ষিত স্থান সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৪১ শতাংশ হ্ৰাস পাইছে আৰু বাল্যবিবাহৰ ওপৰত অভূতপূৰ্ব দমন ঘটিছে। ইয়াত উল্লেখ কৰিব পাৰি যে বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক বিগত সময়ত ৩২০০ জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰাখিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ৰাজ্যখনত শিশুৰ বিৰুদ্ধে অপৰাধৰ দৃষ্টান্তও হ্ৰাস পাইছে যিটো যোৱা দুবছৰত ১৮ শতাংশ আছিল। ইয়াৰ পূৰ্বে ২০২২ চনত ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ ২০২১ বৰ্ষৰ ৬৯ সংখ্যক সংস্কৰণৰ প্ৰতিবেদন অনুসৰি একেৰাহে পঞ্চমবাৰৰ বাবে অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৰ্বাধিক…
Read More
লামডিং ৰে’লৱে ষ্টেছনত গাঞ্জাসহ আটক ৪ মহিলাক

লামডিং ৰে’লৱে ষ্টেছনত গাঞ্জাসহ আটক ৪ মহিলাক

লামডিং ৰেলৱে ষ্টেচনত গাঞ্জা সৰবৰাহৰ অপৰাধত ৰে’ল সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’ল আৰক্ষীৰ যুটীয়া দল এটাই আটক কৰিছে চাৰিগৰাকী মহিলাক। গোপন গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দলটোৱে বিহাৰৰ বাসিন্দা বুলি কোৱা মহিলাকেইগৰাকীক আটক কৰে। ৪ নং প্লেটফৰ্মত ৰৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ (ট্ৰেইন নং- ১৩১৭৪)ৰ পৰা অভিযুক্তক আটক কৰা হয়। সূত্ৰ অনুসৰি বিহাৰৰ বিভিন্ন জিলাৰ পৰা অহা এই চাৰিটা সৰবৰাহকাৰী। তালাচীৰ সময়ত তেওঁলোকৰ শৰীৰৰ বিভিন্ন অংশৰ পৰা মুঠ ৭ কেজি গাঞ্জা উদ্ধাৰ কৰা হয়। সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Read More
ডাম্পাৰ আৰু বলেৰ’ৰ ভয়ংকৰ সংঘৰ্ষত মৃত্যু মহিলাসহ ৩ জনৰ

ডাম্পাৰ আৰু বলেৰ’ৰ ভয়ংকৰ সংঘৰ্ষত মৃত্যু মহিলাসহ ৩ জনৰ

ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৩ জন লোক। ড০ ভূপেন হাজৰিকা সেঁতুৰ সমীপৰ বোকাপথাৰত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত আছে এগৰাকী মহিলাও। জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বলেৰ’খনত আছিল মুঠ ৫ জন যাত্ৰী। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যাত্ৰী। আহত দুজনক স্থানীয় লোক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে অসম চিকিৎসা মহাবিদ্যালয়লৈ। দুৰ্ঘটনাত নিহত তিনিওগৰাকী একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে।
Read More
অসম শীঘ্ৰে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম শীঘ্ৰে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) শীঘ্ৰে কাৰ্যকৰী হ’ব আৰু বহুবিবাহৰ অন্ত পৰিব। তেলেংগানা বিজেপিৰ সভাপতি তথা লোকসভাৰ সাংসদ বন্দী সঞ্জয় কুমাৰে আয়োজন কৰা কৰিমনগৰত অনুষ্ঠিত “হিন্দু একতা যাত্ৰা”ৰ সময়ত তেওঁ এইদৰে কয়। “ভাৰতৰ কিছুমান ব্যক্তিয়ে বিশ্বাস কৰে যে তেওঁলোকে চাৰিগৰাকী মহিলাক বিয়া কৰাব পাৰে। সেইটো তেওঁলোকৰ চিন্তা আছিল। কিন্তু মোৰ বিশ্বাস আপুনি চাৰিখন বিয়া চম্ভালিব নোৱাৰিব। সেই দিনবোৰ শেষ হ’বলৈ ওলাইছে। সেই দিনটো বহু দূৰত নহয়। “ইউনিফৰ্ম চিভিল কোড (ইউচিচি) ভাৰতলৈ আহি আছে, আৰু ভাৰতক সঁচাকৈয়ে ধৰ্মনিৰপেক্ষ জাতি হিচাপে গঢ়ি তোলাৰ সময় আহি পৰিছে।’-শৰ্মাই মন্তব্য কৰে। অসমৰ মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে যে বহুবিবাহ নিষিদ্ধ…
Read More