21
May
শোণিতপুৰ জিলাত নকল সোণ সৰবৰাহত জড়িত থকা বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে আটক কৰে ১১ জন লোকক। এক গোপন সূত্ৰৰ ভিত্তিত শনিবাৰে শোণিতপুৰ জিলা আৰক্ষীয়ে অভিযান আৰম্ভ কৰি জিলাখনৰ ভিতৰৰ বিভিন্ন স্থানৰ পৰা ১১ জন লোকক আটক কৰে। শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসে দেওবাৰে এই বিষয়ে অৱগত কৰে। ধৃত লোক কেইজন হৈছে বাহাৰুল আলী, লিয়াকত আলী, হালিবুত আলী, ৰফিকুল ইছলাম, নিজামুদ্দিন, আব্দুল চেলেম, হাৰমুজ আলী, আব্দুল মাতলেব, হানিফ আলী, নুৰ আমিন, ৰফিকুল ইছলাম। অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘আমি বাহাৰুল আলী, লিয়াকত আলী, হালিবুত আলী, ৰফিকুল ইছলাম, নিজামুদ্দিন, আব্দুল চেলেম, হৰমুজ আলী নামৰ ১১ জন লোকক আটক কৰিছো, আটাইকেইজন চাৰিদুৱাৰ…
