অসম

বঙাইগাঁৱত উজনিমুৱা ৰে’লৰ পৰা উদ্ধাৰ সজীৱ গুলীসহ পিষ্টল, দুজনক আটক

বঙাইগাঁৱত উজনিমুৱা ৰে’লৰ পৰা উদ্ধাৰ সজীৱ গুলীসহ পিষ্টল, দুজনক আটক

বৃহস্পতিবাৰে চৰকাৰী ৰে’ল আৰক্ষী (জি আৰ পি) আৰু চি বি আই (কেন্দ্ৰীয় তদন্ত ব্যুৰো)ৰ এটা দলে বঙাইগাঁও ৰে’ল ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইল (উজনিমুৱা-১৫৬৫৭)ৰ এটা ডবাৰ পৰা এটা পিষ্টল আৰু গুলী উদ্ধাৰ কৰে। চি বি আইৰ এছ আই দিগম্বৰ ডেকা আৰু জি আৰ পিৰ নেতৃত্বত এটা দলে ব্ৰহ্মপুত্ৰ মেইলৰ ডবাত তালাচী অভিযান চলাই ৬৭ নং চিটৰ তলত থকা এছ ৫ নং ডবাটোৰ পৰা বেগৰ ভিতৰত লুকুৱাই থোৱা ১০ ৰাউণ্ড সজীৱ গুলীসহ দুটা দেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰে। চোৰাংচোৱাই প্ৰদান কৰা তথ্যত ভিত্তিত নিউ বঙাইগাঁও জি আৰ পিয়ে দিল্লীৰ পৰা কামাখ্যালৈ যোৱা ১৫৬৫৭ নং ৰেল ( ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ)ত অস্ত্ৰ আৰু গোলাবাৰুদ থকা এটা…
Read More
বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী আৰক্ষী জোৱানৰ

বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী আৰক্ষী জোৱানৰ

বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী যাত্ৰীবাহী ভ্যানৰ সৈতে দুচকীয়া বাহন সংঘৰ্ষত এগৰাকী আৰক্ষীয়ে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাত নিহত আৰক্ষী কনিষ্টবলজনক বঙাইগাঁও জিলাৰ মাণিকপুৰৰ নিবাসী অৰ্জুন কুমাৰ ৰাজবৰ বুলি চিনাক্ত কৰা হৈছে। শিমুলতাপু আৰক্ষী থানাত কৰ্তব্যত যোগদান কৰিবলৈ ঘৰৰ পৰা ওলাই অহাত টাটা মেজিকৰ যাত্ৰীবাহী বাহনে তেওঁৰ বাইকত খুন্দা মাৰে। গুৰুতৰভাৱে আহত আৰক্ষী জোৱানজনক গোসাঁইগাঁও আৰ এন বি হাস্পতালত ভৰ্তি কৰাৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয়।
Read More
অহা ২৫ মে’ত ৰাজ্যৰ ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব অসম চৰকাৰে

অহা ২৫ মে’ত ৰাজ্যৰ ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব অসম চৰকাৰে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অৱগত কৰে যে ৰাজ্য চৰকাৰে ২৫ মে’ (বৃহস্পতিবাৰ) গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিযুক্তি পত্ৰ প্ৰাদন সমাৰোহ অনুষ্ঠিত কৰিব য’ত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। দিছপুৰৰ জনতা ভৱনত সংবাদমেল সম্বোধনৰ সময়ত এই কথা অৱগত কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো গুৱাহাটীত উপস্থিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। অসম চৰকাৰে ৪৫ হাজাৰ পৰীক্ষাৰ্থীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলৰ পুনৰ পৰীক্ষাৰ সময়ত কিছুমানে মেডিকেল টেষ্টত উত্তীৰ্ণ হ’ব নোৱাৰিলে। এই কাৰণেই তেওঁলোকৰ ফলাফল স্থগিত ৰখা হৈছে। এই সময়ত মুঠ ৪৪,৭০৩ জনক নিযুক্তি দিয়া হ’ব বুলিও তেওঁ কয়।…
Read More
UPSCত পঞ্চম স্থান লাভেৰে সফলতা অৰ্জন অসম সন্তান ময়ূৰ হাজৰিকাৰ…

UPSCত পঞ্চম স্থান লাভেৰে সফলতা অৰ্জন অসম সন্তান ময়ূৰ হাজৰিকাৰ…

গৌৰৱৰ এক মুহূৰ্তত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষা ২০২২ত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ ময়ুৰ হাজৰিকাই। তেজপুৰৰ নিৱাসী ময়ূৰ হাজৰিকা হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাতো ৰেংক হোল্ডাৰ আছিল। চৰকাৰী তথ্য অনুসৰি ইশিতা কিশোৰে পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। মঙলবাৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল ইউ পি এছ চিয়ে। তদুপৰি অসমৰ আৰু দুজন যুৱক মহম্মদ ইদুল আহমেদ আৰু মানস জ্যোতি দাসেও ইউ পি এছ চি পৰীক্ষাত ক্ৰমে ২৯৮ আৰু ৮৮১ নম্বৰ স্থান লাভ কৰে। ২০২২ চনৰ ৫ জুনত অনুষ্ঠিত হোৱা ইউ পি এছ চি চি এছ ইৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ২২ জুনত ঘোষণা কৰা হয়। ইফালে ১৮…
Read More
দায়িত্বভাৰ গ্ৰহণ কৰিয়েই লখিমপুৰত কঠোৰ এছপি আনন্দ মিশ্ৰ! আটক ৩ নকল সোনৰ সৰবৰাহকাৰীক

দায়িত্বভাৰ গ্ৰহণ কৰিয়েই লখিমপুৰত কঠোৰ এছপি আনন্দ মিশ্ৰ! আটক ৩ নকল সোনৰ সৰবৰাহকাৰীক

দায়িত্ব লোৱাৰ কেইঘণ্টামানৰ পাছতে লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নকল সোণ আৰু জালি নোটৰ বিৰুদ্ধে প্ৰথমটো অভিযান চলাই মঙলবাৰে ভুৱা সোণ সৰবৰাহৰ সৈতে জড়িত তিনিজন দুষ্কৃতিকাৰীক আটক কৰে। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বালিকাটা আৰু হৰিপুৰত অভিযান চলাই তিনিওটা সৰবৰাহকাৰীক আটক কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযুক্ত কেইজনৰ নাম ছাদ্দাম হুছেইন, ছাৰিফুল ইছলাম আৰু গুলজাৰ হুছেইন। কেইবাদিনো ধৰি ৰাজ্যত ভুৱা সোণ সৰবৰাহৰ অবৈধ ব্যৱসায়ত জড়িত হৈ আছিল অভিযুক্তসকল। সোমবাৰে আনন্দ মিশ্ৰই ৬০০০৮১৫৭৯৯ নম্বৰৰ নিৰ্দিষ্ট হেল্পলাইন নম্বৰ প্ৰৱৰ্তন কৰে, যাৰ লক্ষ্য হৈছে ব্যক্তিসকলক প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত কাণ্ডৰ ৰিপৰ্ট দিবলৈ ক্ষমতা প্ৰদান কৰা আৰু এনে অপৰাধৰ সৈতে…
Read More
জুলাই মাহত পুনৰ প্ৰকাশ কৰা হ’ব ২২,৭৭৬টা খালী পদৰ বিজ্ঞাপনঃ ঘোষণা মুখ্যমন্ত্ৰীৰ

জুলাই মাহত পুনৰ প্ৰকাশ কৰা হ’ব ২২,৭৭৬টা খালী পদৰ বিজ্ঞাপনঃ ঘোষণা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে ৰাজ্য চৰকাৰে ১ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে ব্যাপক নিযুক্তি অভিযানত নামিব। দিছপুৰৰ জনতা ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই বিভিন্ন বিভাগৰ ২২,৭৭৬টা পদৰ বিজ্ঞাপন প্ৰকাশৰ চৰকাৰৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে, যাৰ ফলত অভাৰলেপিং আৰু ৱেটিং লিষ্ট কাৰ্যকৰীভাৱে নাইকিয়া হ’ব। অধিক নিয়োগৰ সুযোগ সৃষ্টি আৰু চৰকাৰী যন্ত্ৰৰ সুদক্ষ কাম-কাজ সুনিশ্চিত কৰাৰ দৃষ্টিভংগীৰে অসম চৰকাৰে ৰাজ্যৰ ৰাজহুৱা খণ্ডত খালী পদৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ লক্ষ্য লৈছে। ২২,৭৭৬টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰি চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ লগতে দক্ষ কৰ্মীৰ চাহিদা আৰু উপলব্ধতাৰ মাজৰ ব্যৱধান দূৰ কৰাৰ মনস্থ…
Read More
এতিয়াই ঘোষণা কৰা নহয় উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল, জনালে শিক্ষামন্ত্ৰীয়ে…

এতিয়াই ঘোষণা কৰা নহয় উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল, জনালে শিক্ষামন্ত্ৰীয়ে…

আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শিক্ষা বিভাগে মে’ৰ শেষৰ ফালে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বিষয়ে জনাইছিল যদিও অপ্ৰত্যাশিতভাৱে আজিৰ দিনটোতে মেট্ৰিকৰ ফলাফল ঘোষণা কৰে ছেবাই। ইয়াৰ পিছতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাক লৈও উৎসুক হৈ পৰিছে শিক্ষাৰ্থীসকল। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে জনায় যে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিবলৈ আৰু কিছু দিনৰ প্ৰয়োজন হ’ব। সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে এদিন অগা পিছাকৈ মেট্ৰিক আৰু হায়াৰ চেকণ্ডাৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। কিন্তু শিক্ষাৰ্থীৰ সংখ্যা অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত ফলাফল ঘোষণা কৰাৰ কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।
Read More
কন্যাই মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ আনন্দত মিঠাই আনিবলৈ যোৱা পিতৃ দুৰ্ঘটনাত পতিত, হাস্পতালত ভৰ্তি

কন্যাই মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ আনন্দত মিঠাই আনিবলৈ যোৱা পিতৃ দুৰ্ঘটনাত পতিত, হাস্পতালত ভৰ্তি

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কন্যাৰ সাফল্যত আনন্দিত হৈ পৰা পিতৃয়ে মিঠাই আনিবলৈ যাওতেই পতিত হ’ল ভয়ংকৰ দুৰ্ঘটনাত। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কলিয়াবৰত। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় দেবেন ডেকা নামৰ এজন লোক। জানিব পৰা মতে, আজি ঘোষণা কৰা মেট্ৰিকৰ ফলাফলত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে দেবেন ডেকাৰ কন্যাই। অতি অভাৱী পৰিয়ালৰ হৈও কন্যাই মেট্ৰিকত উত্তীৰ্ণ হোৱাত আনন্দত আত্মহাৰা হৈ পৰে পিতৃৰ লগতে গোটেই পৰিয়াল। কন্যাৰ সাফ্যলৰ স্ফুৰ্তিত ওচৰ-চুবুৰীয়াক চাহ খাবলৈ ঘৰলৈ আমন্ত্ৰণ জনাব বিচাৰিছিল পৰিয়ালটোৱে। সেইবাবেই দেবেন ডেকাই মিঠাই আনিবলৈ যাওতেই এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে তেওঁক। পিছত এই দুৰ্ঘটনাত আহত দেবেন ডেকাক সংকটজনক অৱস্থাত জখলাবন্ধা হাস্পতালত ভৰ্তি…
Read More
অপৰাধৰ সৈতে আপোচ নকৰোঃ লখিমপুৰত উপস্থিত হৈ ক’লে আনন্দ মিশ্ৰই…

অপৰাধৰ সৈতে আপোচ নকৰোঃ লখিমপুৰত উপস্থিত হৈ ক’লে আনন্দ মিশ্ৰই…

বদলি হৈ লখিমপুৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্বগ্ৰহণ কৰা আইপিএছ আনন্দ মিশ্ৰই কয় যে এতিয়া কাৰ্যকৰী হোৱাৰ সময় আৰু অসামাজিক কাম-কাজৰ লেনদেন কৰাসকলক ৰেহাই দিয়া নহ’ব। দেওবাৰে সন্ধিয়া লখিমপুৰত উপস্থিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আনন্দ মিশ্ৰই কয়, লখিমপুৰবাসীৰ সেৱাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ। ইয়াত বহুত কাম কৰিবলগীয়া আছে। আইন অনুসৰি আৰু ইতিবাচকতাৰে কাম কৰিম। লগতে ইয়াত সকলোৱে সহযোগ কৰিব বুলি আশা কৰিলোঁ। কোনো ধৰণৰ ৰাজনৈতিক হেঁচা আছে বুলি মই নাভাবো৷ কোনো ধৰণৰ অসামাজিক আৰু অবৈধ কাৰ্যকলাপে সমাজ ধ্বংস কৰিবলৈ নিদিওঁ। এতিয়া কিছু কাৰ্য্যৰ সময় আহি পৰিছে।” উল্লেখযোগ্য যে, নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰি হাইলাকান্দিৰ…
Read More
বাথৰুমৰ ভিতৰত উদ্ধাৰ অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য

বাথৰুমৰ ভিতৰত উদ্ধাৰ অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য

‘স্প্লিটছভিলা ৯’ ছবিত অভিনয় কৰা টিভি অভিনেতা আদিত্য সিং ৰাজপুতক সোমবাৰে মুম্বাইৰ আন্ধেৰীত থকা নিজৰ ঘৰৰ বাথৰুমৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হয়। বন্ধুৱে তেওঁক বাথৰুমত পৰি থকা প্ৰত্যক্ষ কৰি চকীদাৰজনৰ সৈতে চিকিৎসালয়লৈ লৈ যায়, য’ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়। আদিত্যৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে। যুৱ অভিনেতাগৰাকীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Read More