অসম

ট্ৰাক আৰু টেম্পোৰ ভয়ংকৰ সংঘৰ্ষত ২ জনৰ মৃত্যু

ট্ৰাক আৰু টেম্পোৰ ভয়ংকৰ সংঘৰ্ষত ২ জনৰ মৃত্যু

ধুবুৰী জিলাৰ বিলাসীপাৰাত এখন দ্ৰুতবেগী ট্ৰাক আৰু দুখন টেম্পো ভ্যানৰ সংঘৰ্ষত দুজন লোক নিহত হোৱাৰ বিপৰীতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়। নিহত দুজনক আব্দুল অজিত আৰু মমৰ আলী বুলি চিনাক্ত কৰা হৈছে। আহত সকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। জানিব পৰা মতে, নয়াহাট গাঁৱৰ সমীপত এখন তীব্ৰবেগী ট্ৰাকে দুখন টেম্পো ভ্যানৰ সৈতে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই ঘটনাৰ পিছতে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যায়।
Read More
তিনিদিনীয়া ভ্ৰমনসূচীৰে অসমত উপস্থিত RSSৰ প্ৰধান মোহন ভাগৱত

তিনিদিনীয়া ভ্ৰমনসূচীৰে অসমত উপস্থিত RSSৰ প্ৰধান মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত তিনিদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হয়। তেওঁ স্বয়ংসেৱকৰ সৈতে যোগাযোগ কৰি সংঘ শিক্ষা ভাৰ্গ (দ্বিতীয় বৰ্ষ)ৰ উপস্থিতসকলক সম্বোধন কৰাৰ কথা আছে, যিটো প্ৰশিক্ষণ শিবিৰ ১২ জুলাইৰ পৰা আৰম্ভ হৈছিল আৰু ১ আগষ্টত সমাপ্ত হ’ব। বৃহস্পতিবাৰে গুৱাহাটী পোৱা ভাগৱতে হোজাই অভিমুখে ৰাওনা হয়। এক বিবৃতিত কোৱা হৈছে যে মুঠতে অসমত ১৫১ জন স্বয়ংসেৱকে, উত্তৰ অসম প্ৰান্তৰ ৯৫ জন, দক্ষিণ অসম প্ৰান্তৰ ১২ জন, অৰুণাচল প্ৰান্তৰ ৪ জন, ত্ৰিপুৰা প্ৰান্তৰ ৪৪ জন, আৰু মণিপুৰ প্ৰান্তৰ ৬ জন স্বয়ংসেৱকে অংশগ্ৰহণ কৰিছে।
Read More
নিশা সপোনত ককাদেউতাক দেখিছিলো…! বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে ভূপেন বৰাই

নিশা সপোনত ককাদেউতাক দেখিছিলো…! বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে ভূপেন বৰাই

মহাভাৰতত ‘লাভ জেহাদ’ সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত বিনাচৰ্তে ক্ষমা বিচাৰিলে কংগ্ৰেছ নেতা ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্য অনুসৰি নিশা তেওঁৰ সপোনত ককা দেউতাক আহি প্রার্থনা গাই ক্ষমা খুজিবলৈ কৈছিল। বৰাৰ বিতৰ্কিত মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতে এইদৰে নাটকীয় ভাৱত প্রার্থনা গাই ক্ষমা খোজে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয়, "মহাভাৰতত ঘটি থকা 'লাভ জেহাদ'ৰ বিষয়ে এনে শব্দ উচ্চাৰণ কৰি ভুল কৰিলোঁ। সপোনত ককা দেউতাক দেখিছিলো, আৰু তেওঁ ভুল কৰা বুলি আঙুলিয়াই দিছিল।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াই তেওঁক প্ৰভাৱিত কৰা যেন নালাগিলেও বৰাই তেওঁৰ ভুল স্বীকাৰ কৰাত সত্ৰাধিকাৰ—বৈষ্ণৱ মঠৰ আধ্যাত্মিক মুৰব্বীসকলৰ পৰা স্বীকৃতিৰ…
Read More
বাল্যবিবাহৰ গোচৰত হাইলাকান্দিত গ্ৰেপ্তাৰ এজনক, ১২ বছৰীয়া কিশোৰীক কৰাইছিল বিয়া

বাল্যবিবাহৰ গোচৰত হাইলাকান্দিত গ্ৰেপ্তাৰ এজনক, ১২ বছৰীয়া কিশোৰীক কৰাইছিল বিয়া

এগৰাকী ১৫ বছৰীয়া কিশোৰীক বাল্য বিবাহ কৰোৱাৰ এক গোচৰত হাইলাকান্দি আৰক্ষীয়ে আটক কৰে এজন লগে। সমান্তৰালভাৱে কিশোৰীগৰাকী আৰু তেওঁলোকৰ নৱজাতক সন্তানটিক মুকলি কৰি দিয়ে আৰক্ষীয়ে। গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অভিযান চলাই অভিযুক্ত লোকজনক ভিচিংচা গাঁৱত অৱস্থিত ঘৰৰ পৰা আটক কৰে। ধৃত লোকজনৰ নাম জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, নাবালিকা ছোৱালীজনীক মাত্ৰ ১২ বছৰ বয়সতে বিয়া কৰাইছিল লোকজনে। হুছেইনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
Read More
“লাভ জেহাদ”ৰ পৰিণতিত সংঘটিত গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ড! দাবী মুখ্যমন্ত্ৰীৰ…

“লাভ জেহাদ”ৰ পৰিণতিত সংঘটিত গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ড! দাবী মুখ্যমন্ত্ৰীৰ…

শেহতীয়াকৈ গোলাঘাটত সংঘটিত ত্ৰিপল মাৰ্ডাৰ 'লাভ জেহাদ'ৰ পৰিণতি বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ১৫ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰি দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি বিহাৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে, ২৪ জুলাইত পৰিয়ালৰ সমস্যাক লৈ এজন ২৫ বছৰীয়া যুৱকে পত্নী আৰু পিতৃ-মাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত গোলাঘাট জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল যুৱকজনে। মৃত পৰিয়ালটোৰ আত্মীয়ৰ ওচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে ত্ৰিপল মাৰ্ডাৰ গোচৰটোৱে ‘লাভ-জেহাদ’ এক “সত্য আৰু বাস্তৱিক ধাৰণা” বুলি প্ৰমানিত কৰিছে। ‘লাভ জেহাদ’ হৈছে সোঁপন্থী কৰ্মীসকলে মুছলমান পুৰুষে বিবাহৰ জৰিয়তে হিন্দু নাৰীক ধৰ্মান্তৰিত কৰিবলৈ প্ৰলোভিত কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিবলৈ…
Read More
২০২০ৰ SI নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক জামিন প্ৰদান উচ্চ ন্যায়ালয়ৰ

২০২০ৰ SI নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক জামিন প্ৰদান উচ্চ ন্যায়ালয়ৰ

২০২০ চনত অসম আৰক্ষীৰ এছ আই নিযুক্তি পৰীক্ষাৰ বৃহৎ কেলেংকাৰিৰ অন্যতম অভিযুক্ত নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে। প্ৰায় তিনি বছৰৰ পাছত নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক আদালতে জামিন প্ৰদান কৰে। সঞ্জিত কৃষ্ণক যোৱা ১৫ অক্টোবৰ, ২০২০ত SI পৰীক্ষাৰ কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখ কৰিব পাৰি যে ২০ ছেপ্টেম্বৰ, ২০২০ তাৰিখে অসম আৰক্ষীত উপ পৰিদৰ্শক নিযুক্তিৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত লিখিত পৰীক্ষা সম্পন্ন কৰা হৈছিল। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হোৱাত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ তদানীন্তন অধ্যক্ষ প্ৰদীপ কুমাৰে আই জি পি (চি আই…
Read More
গৰু চুৰিৰ অভিযোগত ৫ ব্যক্তিৰ ওপৰত আক্ৰমণ স্থানীয় লোকৰ, জ্বলাই দিলে বাহন

গৰু চুৰিৰ অভিযোগত ৫ ব্যক্তিৰ ওপৰত আক্ৰমণ স্থানীয় লোকৰ, জ্বলাই দিলে বাহন

মৰিগাঁও জিলাত এটা পৰিয়ালৰ ঘৰৰ পৰা গৰু চুৰিৰ অভিযোগত ক্ষুব্ধ স্থানীয় ৰাইজে ৫ ব্যক্তিক আক্ৰমণ কৰাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে। অভিযোগ অনুসৰি, কালিয়া দাস নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা চুৰি হৈছিল গৰু। ইয়াৰ পিছতে স্থানীয় ৰাইজে অভিযুক্ত কেইজনৰ বাহনতো অগ্নিসংযোগ কৰে। এই ঘটনাত এজন ব্যক্তিৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। প্ৰাথমিক খবৰ অনুসৰি কলিয়া দাসৰ ঘৰৰ পৰা গৰু চুৰি কৰি থকা অৱস্থাত ধৰা পৰে পাঁচটা চোৰ। আন্ধাৰৰ সুযোগ লৈ দুজন পলায়ন কৰাৰ বিপৰীতে তিনিওটা চোৰক স্থানীয় ৰাইজে আটক কৰে। ইফালে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত চোৰকেইটাক আটক কৰে। চোৰ কেইটাৰ পৰিচয় এতিয়াও…
Read More
মহানগৰীৰ ভাড়াঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ মণিপুৰৰ কিশোৰীৰ মৃতদেহ

মহানগৰীৰ ভাড়াঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ মণিপুৰৰ কিশোৰীৰ মৃতদেহ

দেওবাৰে গুৱাহাটীৰ ৰূপনগৰ অঞ্চলৰ এটা ভাড়াঘৰত ৰহস্যজনক পৰিস্থিতিত মণিপুৰৰ এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাথমিক খবৰ অনুসৰি, কিশোৰীগৰাকীক চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰি ঘটনাৰ সময়ত তেওঁৰ ভাড়াঘৰত অস্থায়ীভাৱে থকা প্ৰেমিকজনে তেওঁক নমাই আনিছিল। ভঙাগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়, ‘চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ছোৱালীজনী। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আমি হত্যাৰ কোণটো নুই কৰিব নোৱাৰো যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিব লাগিব। এই ঘটনাৰ আঁৰৰ প্ৰেমিকক আমি সন্দেহ কৰি আছো।। জানিবপৰা মতে, কিশোৰীগৰাকীৰ প্ৰেমিক লখিমপুৰৰ নিবাসী এজন অসমীয়া যুৱক। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু কিশোৰীগৰাকীৰ মৃত্যুৰ…
Read More
৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ! আটক নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক

৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ! আটক নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক

অসম আৰক্ষীয়ে দেওবাৰে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ এজন অধ্যাপকক ৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰে। এই কাণ্ডই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যদিও শিক্ষানুষ্ঠানখনে আন এক বিতৰ্কৰ সৃষ্টি কৰিছে। ড০ হেমন্ত শৰ্মা নামৰ অধ্যাপকজনৰ বিৰুদ্ধে ৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। শৰ্মা মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক। অধ্যাপকগৰাকীয়ে মদ্যপান কৰি শিক্ষাৰ্থীৰ শৰীৰত হাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে লখিমপুৰ আৰক্ষীয়ে অধ্যাপকগৰাকীক আটক কৰিছে।
Read More
আলফা (স্বা)ৰে সম্পৰ্ক থকাৰ অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মহিলাক আটক

আলফা (স্বা)ৰে সম্পৰ্ক থকাৰ অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মহিলাক আটক

ডিব্ৰুগড় আৰক্ষীৰ সৈতে ভাৰতীয় সেনাই অভিযান চলাই দেওবাৰে নিষিদ্ধ সশস্ত্ৰ উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰন্ট অফ আছম-ইণ্ডিপেণ্ডেণ্ট (আলফা-আই)ৰ সৈতে সন্দেহজনক সম্পৰ্ক থকাৰ অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী মহিলাক আটক কৰে। খবৰ অনুসৰি বিশ্ববিদ্যালয় চৌহদৰ ভিতৰৰ ৰংঘৰ অডিটৰিয়ামৰ পৰা আটক কৰা হয় মহিলাগৰাকীক। লগতে আৰক্ষীয়ে তেওঁৰ হাতৰ পৰা ৩ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰে। পুষ্পাঞ্জলি গগৈ নামৰ মহিলাগৰাকী তিনিচুকীয়া জিলাৰ লাইপুলীৰ নিবাসী বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি মহিলাগৰাকীয়ে এম আই লাইফষ্টাইল নামৰ এটা মাৰ্কেটিং ফাৰ্মতো কাম কৰে। অৱশ্যে এই সন্দৰ্ভত নিৰাপত্তা বাহিনী বা আৰক্ষীয়েও বিশেষ একো প্ৰকাশ কৰা নাই। আনহাতে মহিলাগৰাকীয়ে নিষিদ্ধ ফৈদৰ সৈতে তেওঁৰ দাবী কৰা সম্পৰ্ক স্বীকাৰ কৰা…
Read More