অসম

প্ৰেমিকৰ সৈতে মিলি স্বামীক নৃশংসভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা পত্নীৰ, গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে মিলি স্বামীক নৃশংসভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা পত্নীৰ, গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ জাগীৰোডত নিজ স্বামীক নৃংশসভাৱে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী মহিলাৰ লগতে তেওঁৰ কথিত প্ৰেমিকক। তথ্য অনুসৰি মহিলাগৰাকী আৰু তেওঁৰ কথিত প্ৰেমিকে মহিলাগৰাকীৰ স্বামী আছাদুৰ ৰহমানক প্ৰথমে নিচাজাতীয় সামগ্ৰী খুৱাই অচেতন কৰি তাৰ পিছত নৃশংসভাৱে হত্যা কৰে। পিছত দুয়োজনে মৃতদেহটো যোৰাবাটৰ শিলভাঙাত এখন গাড়ীৰ ভিতৰত থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অভিযোগ অনুসৰি, দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলাই ফিৰোজা খাতুন আৰু তেওঁৰ কথিত প্ৰেমিক ছফিকুল ইছলামে মৃতদেহটো ঘাইপথৰ কাষত গাড়ীৰ ভিতৰত ৰাখিছিল। সূত্ৰই জনোৱা মতে, পৰিত্যক্ত বাহনখনৰ ভিতৰত মৃতদেহটো উদ্ধাৰ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে উদ্ধাৰ…
Read More
মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি বিষয়ক লৈ সদনত আলোচনাৰ বাবে অস্বীকাৰ অধ্যক্ষৰ, প্ৰতিবাদ কৰি সদন ত্যাগ বিৰোধীৰ

মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি বিষয়ক লৈ সদনত আলোচনাৰ বাবে অস্বীকাৰ অধ্যক্ষৰ, প্ৰতিবাদ কৰি সদন ত্যাগ বিৰোধীৰ

বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি অধিগ্ৰহণৰ বিষয় আলোচনা কৰিবলৈ অধ্যক্ষই অনুমতি প্ৰদান নকৰাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী দলে ৱাক আউট কৰে। ইয়াৰ পিছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে শ্লোগান দি সদনৰ মজিয়া উত্তাল কৰি তোলে বিৰোধীয়ে। ইফালে, এই বিষয়ক লৈ বিৰোধীয়ে প্ৰতিবাদ কৰি সদনৰ পৰা ৱাক আউট কৰাৰ সিদ্ধান্ত লোৱাত অধ্যক্ষই ১৫ মিনিটৰ বাবে সদন স্থগিত ৰাখে। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই নগাঁৱৰ কলিয়াবৰত অবৈধভাৱে প্ৰায় এশ বিঘা মাটি ক্ৰয় কৰাৰ লগতে ফুড প্ৰচেছিং ইউনিট স্থাপনৰ বাবে চৰকাৰৰ পৰা ১০ কোটি টকা ৰাজসাহায্য লাভৰ তথ্য দ্য ক্ৰছ কাৰেণ্টৰ অনুসন্ধানত পোহৰলৈ আহিছিল। পূৰ্বেও ভূমি…
Read More
পাঁচজনীয়া তদন্ত সমিতিৰ প্ৰতিবেদন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হব APSC নিযুক্তি কেলেংকাৰীৰ..

পাঁচজনীয়া তদন্ত সমিতিৰ প্ৰতিবেদন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হব APSC নিযুক্তি কেলেংকাৰীৰ..

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত বিৰোধী পক্ষৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে অসম লোকসেৱা আয়োগ (  APSC) নিযুক্তি কেলেংকাৰীৰ এতিয়াও চূড়ান্ত প্ৰতিবেদন দাখিল কৰা নাই। চৰকাৰৰ সঁহাৰিত উল্লেখ কৰা হৈছে যে দুয়োটা প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে সকলো অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। সৰভোগ সমষ্টিৰ বিধায়ক তথা চি পি আই (এম) নেতা মনোৰঞ্জন তালুকদাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা অসম চৰকাৰৰ গৃহ বিভাগক বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰাৰ পিছতে এই কথা প্ৰকাশ কৰিছে। প্ৰশ্নটো এপিএছচি চিচিই ২০১৩ চক্ৰত অন্যায় উপায়েৰে নিযুক্তি লাভ কৰা ৩৪ জন অভিযুক্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ…
Read More
মহানগৰীত নিচা মুক্তি কেন্দ্ৰৰ চাদৰ পৰা পৰি মৃত্যু যুৱকৰ…

মহানগৰীত নিচা মুক্তি কেন্দ্ৰৰ চাদৰ পৰা পৰি মৃত্যু যুৱকৰ…

মঙলাবাৰে গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ এটা নিচামুক্তি কেন্দ্ৰৰ চাদৰ পৰা পৰি এজন যুৱকৰ মৃত্যু ঘটাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহানগৰীৰ পাঞ্জাবাৰী অঞ্চলত অৱস্থিত নিচামুক্তি কেন্দ্ৰ উইলিং ৱে ৱেলনেছ ছ’চাইটিত সংঘটিত হয় এই শোকাবহ ঘটনা নিহত যুৱকজনক নাম ভাস্কৰ মুচাহাৰী বুলি জানিব পৰা গৈছে। যুৱকজন কিদৰে চাদৰ পৰা তললৈ বাগৰি পৰে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Read More
আমিনগাঁৱত ১৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, ৬ জনক আটক

আমিনগাঁৱত ১৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, ৬ জনক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে সোমবাৰে আমিনগাঁৱত চলোৱা বিশেষ ড্ৰাগছ বিৰোধী অভিযানত চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১৮ কোটি টকাৰ ২.২ কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব প্ৰদান কৰে ডিআইজি ডাঃ পাৰ্থসাৰথি মহন্ত আৰু কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে। সূত্ৰ অনুসৰি জব্দকৰণৰ সৈতে জড়িত মুঠ ৬ জন লোকক আটক কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সফল অভিযানৰ বাবে অসম আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে।
Read More
ঘোচ লৈ গ্ৰেপ্তাৰ হাত দাঙিলে মঙ্গলদৈ জিলা কৃষি বিষয়াই…

ঘোচ লৈ গ্ৰেপ্তাৰ হাত দাঙিলে মঙ্গলদৈ জিলা কৃষি বিষয়াই…

ৰাজ্যত পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ আন এজন চৰকাৰী বিষয়া। মঙলাবাৰে দৰং জিলাত ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোতে গ্ৰেপ্তাৰ হয় জিলা কৃষি বিষয়া। ধৃত কৃষি বিষয়া গৰাকীক বিদ্যুত কুমাৰ তালুকদাৰ বুলি জানিব পৰা গৈছে। মঙ্গলদৈ জিলা কৃষি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল তেওঁ। সূত্ৰ অনুসৰি অভিযোগকাৰীৰ নাম প্ৰশিক্ষণৰ বাবে মনোনীত কৰাৰ বাবে উৎকোচ গ্ৰহণ কৰাৰ সময়তে তালুকদাৰ ধৰা পৰে।
Read More
তীব্ৰ লোডশ্বেডিঙৰ বিৰুদ্ধে হাতত লেম্প আৰু বিচনী লৈ বিধানসভাৰ বাহিৰত প্ৰতিবাদ বিধায়ক অখিল গগৈৰ

তীব্ৰ লোডশ্বেডিঙৰ বিৰুদ্ধে হাতত লেম্প আৰু বিচনী লৈ বিধানসভাৰ বাহিৰত প্ৰতিবাদ বিধায়ক অখিল গগৈৰ

আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ৰাজ্যত বৰ্তমান অব্যাহত লোডশ্বেডিঙৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। দিছপুৰৰ নতুন অসম বিধানসভা ভৱনৰ বাহিৰত বিধায়ক গৰাকীয়ে হাতত লেম্প আৰু বিচনী লৈ উৎকট গৰমৰ মাজত হৈ থকা লোডশ্বেডিঙ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, বিগত কেইসপ্তাহমানৰ সমগ্ৰ ৰাজ্যজুৰি হৈ থকা তীব্ৰ লোডশ্বেডিঙে হাৰাশাস্তি কৰিছে সাধাৰণ জনতাক। ইফালে উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে বৰ্তমান বিদ্যুতৰ প্ৰয়োজনীয়তা ২৫০০ মেগাৱাটৰ ওপৰত। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ নতুন দিল্লীত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সৈতে সাক্ষাৎ কৰি অৰ্থনীতিৰ উৎপাদনশীল…
Read More
জি-২০ত অসমীয়াৰ বিহুক বিকৃতকৰণ কৰাক লৈ বিজেপিক সমালোচনা TMCৰ নেতা ৰিপুণ বৰাৰ…

জি-২০ত অসমীয়াৰ বিহুক বিকৃতকৰণ কৰাক লৈ বিজেপিক সমালোচনা TMCৰ নেতা ৰিপুণ বৰাৰ…

দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত বিহুক ‘বিকৃত’ ৰূপত উপস্থাপন কৰা ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি টিএমচিৰ নেতা ৰিপুন বৰাই কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিব লাগে। ৰিপুন বৰাই বিজেপি চৰকাৰে একাধিক অসমীয়াৰ জীৱনৰেখা স্বৰূপ বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ তুলি সমালোচনা কৰে। বৰাই উল্লেখ কৰে যে ইয়াৰ পূৰ্বেও ২০২২ চনত মালদ্বীপৰ ৰাষ্টপতি ভাৰতলৈ অহাৰ সময়ত বিহুক বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল। "গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে ১০০ কোটিতকৈ অধিক টকা খৰছ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰধানমন্ত্ৰীয়েও এই দৰ্শনীত অংশগ্ৰহণ কৰাৰ লগে লগে এইবাৰ সেই বিহুটো কিয় বিকৃত কৰা হৈছে? মুখ্যমন্ত্ৰীয়ে কিয় কোনো প্ৰতিক্ৰিয়া…
Read More
PSO বিচাৰি আহ্বান বিধায়ক শ্বেৰমান আলীৰ, উত্তৰ মুখ্যমন্ত্ৰীয়ে ক’লে কি?

PSO বিচাৰি আহ্বান বিধায়ক শ্বেৰমান আলীৰ, উত্তৰ মুখ্যমন্ত্ৰীয়ে ক’লে কি?

আজি গুৱাহাটীৰ দিছপুৰত নৱনির্মিত বিধানসভা ভৱনত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্রথম দিন আৰম্ভ হোৱাৰ লগে লগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অধিৱেশনত ভাষণ দি পাঁচদিনীয়া এই কার্যসূচীত কেতবোৰ আলোচনাৰ ইংগিত প্ৰদান কৰে৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে তেওঁৰ পি এছ অ’ (ব্যক্তিগত নিৰাপত্তা বিষয়া) পুনৰুদ্ধাৰ বিচাৰি নিজৰ প্ৰশ্ন উত্থাপন কৰে যাৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আৰক্ষী অধীক্ষকৰ পৰা পোৱা প্ৰতিবেদনে তেনেকুৱা কথা প্ৰকাশ কৰিছে কাৰণ বিধায়কজনে ৰাইজক উচটনি দিছিল আৰু পি এছ অ’ক নিৰ্দেশ দিছিল শ্বুট কৰক, সেয়েহে পিএছঅ’ আঁতৰোৱা হৈছে। ৰাজনৈতিক শত্ৰুতাৰ বাবে জীৱনলৈ ভাবুকি আৰু শেহতীয়াকৈ সংঘটিত হোৱা আন কেইবাটাও আক্ৰমণৰ কথা উল্লেখ কৰি বাঘবৰৰ বিধায়কগৰাকীয়ে…
Read More
যোৰাবাটত প্ৰায় আঢ়ৈ কেজি হেৰ’ইনসহ ৩ জনক আটক…

যোৰাবাটত প্ৰায় আঢ়ৈ কেজি হেৰ’ইনসহ ৩ জনক আটক…

অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই অসম আৰক্ষীয়ে দেওবাৰে যোৰাবাটত সন্দেহযুক্ত হেৰ’ইন থকা ১৯৮টা চাবোনৰ বাকচ জব্দ কৰে। আৰক্ষী জোৱানৰ এটা দলে অভিযান চলাই যোৰাবাটত তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰু ২.৫২৭ কেজি ওজনৰ চালানটো জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে চুৰাইবাৰী আউট পোষ্টত অসম আৰক্ষীয়ে ভাৰত পেট্ৰলিয়াম নিগমৰ এখন তেল টেংকাৰ ব্যৱহাৰ কৰি ভাং সৰবৰাহ কৰি থকা অৱস্থাত ত্ৰিপুৰাৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় ১.৫ কোটি টকা মূল্যৰ যথেষ্ট পৰিমাণৰ ভাং জব্দ কৰে। গোপনীয় তথ্যৰ ভিত্তিত কাম কৰি চুৰাইবাৰী আৰক্ষী চকীদাৰৰ দায়িত্বত থকা প্ৰণৱ মিলিয়ে দেওবাৰে পুৱা নিজৰ দলটোক নেতৃত্ব দি এক সফল অভিযান চলায়। তেওঁলোকে…
Read More