অসম

জয়ন্ত কুমাৰ দাসক ৰাজ্যিক বিজেপিৰ অস্থায়ী ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি

জয়ন্ত কুমাৰ দাসক ৰাজ্যিক বিজেপিৰ অস্থায়ী ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি

অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অনুপস্থিতিত অসম বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাসক বিজেপিৰ সভাপতি (ভাৰপ্ৰাপ্ত) হিচাপে অস্থায়ী দায়িত্ব দিয়া হৈছে। মাতৃৰ মৃত্যুৰ পিছত ভৱেশ কলিতাৰ অনুপস্থিতিত এই দায়িত্ব অস্থায়ীভাৱে প্ৰদান কৰা হয় জয়ন্ত দাসক। উল্লেখযোগ্য যে, ভৱেশ কলিতাৰ মাতৃ যমুনা ডেকাৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত ১৬ ছেপ্টেম্বৰত ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
Read More
পুনৰ লাগিল খাকী পোছাকত দাগ। এইবাৰ ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কনিষ্টবল

পুনৰ লাগিল খাকী পোছাকত দাগ। এইবাৰ ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কনিষ্টবল

ৰাজ্যত ঘোচ লৈ কেইবাগৰাকীও চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সময়তে এইবাৰ দাবী কৰা ধন আদায় লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ এজন কনিষ্টবল। বঙাইগাঁৱৰ লেংটিছিঙা থানাৰ আৰক্ষী কনিষ্টবল পংকজ দাসক শুকুৰবাৰে ধন দাবীৰ অভিযোগত কৰা হয় গ্ৰেপ্তাৰ। সূত্ৰ অনুসৰি অভিযুক্ত কনিষ্টবলজনৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। বঙাইগাঁও আৰক্ষীয়ে পংকজ দাসক আটক কৰি অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰে।
Read More
আকৌ ঘোচকাণ্ড! দাবী কৰা ধন গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হ’ল এজন কনিষ্ঠ সহায়ক…

আকৌ ঘোচকাণ্ড! দাবী কৰা ধন গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হ’ল এজন কনিষ্ঠ সহায়ক…

ৰাজ্যত পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী। বৃহস্পতিবাৰে ৰঙিয়াত উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ জ্যোতিৰ্ময় বৰুৱা নামৰ চৰকাৰী কৰ্মচাৰীজন। জানিব পৰা মতে, তামুলপুৰৰ নাগ্ৰীজুলি আইচিডিএছ প্ৰকল্পত কনিষ্ঠ সহায়ক হিচাপে কৰ্মৰত জ্যোতিৰ্ময় বৰুৱাই নিজৰ আত্মীয়ক অংগনবাড়ী কৰ্মী হিচাপে বাছনি কৰাত সুবিধা প্ৰদানৰ নামত ধন দাবী কৰিছিল। ৰঙিয়াৰ এক্সিছ বেংক শাখাৰ সমীপত সেই উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়তে পূৰ্বৰে পৰা ফান্দ পাতি ৰৈ থকা দুৰ্নীতি নিবাৰক শাখাৰ দৰে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীজনক।
Read More
পাকিস্তানৰ সৈতে স্পৰ্শকাতৰ বিষয় শ্বেয়াৰ কৰাৰ অভিযোগত ওড়িশা আৰক্ষীৰ গ্ৰেপ্তাৰ অসমৰ যুৱকক

পাকিস্তানৰ সৈতে স্পৰ্শকাতৰ বিষয় শ্বেয়াৰ কৰাৰ অভিযোগত ওড়িশা আৰক্ষীৰ গ্ৰেপ্তাৰ অসমৰ যুৱকক

পাকিস্তানৰ এজন ব্যক্তিৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ অভিযোগত উড়িশা আৰক্ষীৰ চি আই ডিৰ এটা দলে অসমৰ নগাঁও জিলাৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। ইকবাল হুছেইন নামৰ অভিযুক্তজনক স্থানীয় আইন প্ৰয়োগকাৰী বাহিনীৰ সহযোগত ওড়িশা আৰক্ষীয়ে জিলাখনৰ বটদ্ৰৱা অঞ্চলৰ গেণ্ডুৱা পথাৰ গাঁৱত থকা তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে হুছেইনে বেংগালুৰুত কাম কৰিছিল যদিও শেহতীয়াকৈ ঘৰলৈ উভতি আহিছিল, য’ৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আব্দুল হালিম নামৰ এজন পাকিস্তানী লোকৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ অভিযোগত হুছেইনৰ বিৰুদ্ধে আই টি আইনৰ কিছুমান ধাৰাত গোচৰ ৰুজু কৰিছিল ওড়িশা চি আই ডিয়ে। নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তই কয় যে ওড়িশা আৰক্ষীয়ে হুছেইনৰ সন্ধানত…
Read More
পাটকাই পাহাৰৰ অবৈধ কয়লা খনিত পুনৰ মৃত্যু দুই শ্ৰমিকৰ…

পাটকাই পাহাৰৰ অবৈধ কয়লা খনিত পুনৰ মৃত্যু দুই শ্ৰমিকৰ…

মৃত্যু উপত্যকালৈ পৰিণত হোৱা পাটকাই পাহাৰত পুনৰ সংঘটিত হ’ল এক শোকাবহ ঘটনা। তিনিচুকীয়া জিলাৰ লিডু-মাৰ্ঘেৰিটা অঞ্চলত অবৈধ কয়লা খনিত কয়লা খননৰ সময়তে মৃত্যুক আকোৱালি লয় দুজন শ্ৰমিকে। এই ঘটনাত আহত হয় আন এজন শ্ৰমিক। লেখাপানীৰ টিপং কলিয়াৰী চলি অঞ্চলৰ ১২ নম্বৰ স্থানত অৱস্থিত অবৈধ কয়লা খনিৰ পৰিসীমাৰ ভিতৰতে মঙলবাৰে সংঘটিত হয় এই ঘটনা। খনিটোৰ মালিক বিক্ৰম আৰু জনৈক জয়ছৱাল বুলি চিনাক্ত কৰা হৈছে। কয়লা খনিৰ ভিতৰত বিষাক্ত গেছৰ ফলতেই শ্ৰমিক দুজনৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। আনহাতে আনহত শ্ৰমিকজনৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।
Read More
ট্ৰেভেল এজেন্সীৰ একাউণ্ট হেক কৰি বিমান টিকট ক্ৰয়! গুৱাহাটী বিমান বন্দৰৰ পৰা আটক ৩ অভিযুক্তক

ট্ৰেভেল এজেন্সীৰ একাউণ্ট হেক কৰি বিমান টিকট ক্ৰয়! গুৱাহাটী বিমান বন্দৰৰ পৰা আটক ৩ অভিযুক্তক

অসম আৰক্ষীয়ে সোমবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ট্ৰেভেল এজেণ্টৰ বেংক একাউণ্ট হেক কৰাৰ অভিযোগত তিনিজন লোকক আটক কৰে। ধৃত লোককেইজনক অধিক তদন্তৰ বাবে ধুবুৰী সদৰ আৰক্ষী থানালৈ অনা হৈছে। পেছাগতভাৱে ট্ৰেভেল এজেন্সী চলোৱা শুভম কুমাৰ প্ৰসাদে দেওবাৰে ধুবুৰী সদৰ থানাত এফআইআৰ দাখিল কৰি কোনোবাই তেওঁৰ একাউণ্ট হেক কৰি বিমানৰ টিকট ক্ৰয় কৰাৰ কথা উল্লেখ কৰে। এফ আই আৰ অনুসৰি কোনোবাই শুভমৰ এজেণ্ট একাউণ্টৰ পৰা ধন উলিয়াই সেই ধনেৰে শনিবাৰে গুৱাহাটীৰ পৰা কলকাতা হৈ পাটনালৈ যোৱা এখন টিকট ক্ৰয় কৰিছিল। পিছত শনিবাৰে শুভমৰ একাউণ্ট পুনৰ হেক কৰি দুটা টিকট ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছতে আৰক্ষীৰ এটা…
Read More
অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১ কোটি গছপুলি ৰোপণ কৰি সংৰক্ষণৰ কামৰ দায়িত্ব লোৱাৰ লক্ষ্যৰে ১৭ ছেপ্টেম্বৰত অমৃত বৃক্ষ জন আন্দোলনত অংশগ্ৰহণ কৰে। নাগৰিক নেতৃত্বাধীন এই আন্দোলনত সকলো শ্ৰেণীৰ লোক, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, পৰিবেশ কৰ্মী আৰু ৰাজ্যিক ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰে। অসমৰ এই অনন্য পদক্ষেপক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ছেপ্টেম্বৰ শনিবাৰে অসমৰ অমৃত বৃক্ষ আন্দোলনক প্ৰশংসা কৰি কয় যে এই ধৰণৰ পদক্ষেপে স্বচ্ছ আৰু সেউজ বৃদ্ধিৰ বাবে আমাৰ জাতীয় অভিযানক আৰু অধিক শক্তিশালী কৰিব। অসম চৰকাৰে ১৭ ছেপ্টেম্বৰত "অমৃত বৃক্ষ আন্দোলন"ৰ অধীনত ব্যক্তিৰ দ্বাৰা ৰাজ্যজুৰি ১ কোটিৰো অধিক ব্যৱসায়িকভাৱে উপযোগী গছপুলি ৰোপণ কৰাৰ লক্ষ্যৰে এক পদক্ষেপ গ্ৰহণ কৰিছে আৰু…
Read More
কৰিমগঞ্জত প্ৰায় ৪০ হাজাৰ য়াবা টেবলেট জব্দ, ২ সৰবৰাহকাৰীক আটক

কৰিমগঞ্জত প্ৰায় ৪০ হাজাৰ য়াবা টেবলেট জব্দ, ২ সৰবৰাহকাৰীক আটক

অসম আৰক্ষীয়ে শুকুৰবাৰে কৰিমগঞ্জ জিলাত মিজোৰাম ফালৰ পৰা অহা এখন বাহনৰ পৰা ৪০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। সূত্ৰ অনুসৰি কৰিমগঞ্জত মিজোৰাম ফালৰ পৰা নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা দুজন ড্ৰাগছ বেপাৰীক আটক কৰা হৈছে। আৰক্ষীৰ টহলদাৰী দলটোৱে গাড়ীখন জব্দ কৰি গাড়ীখনৰ এটা গোপন চেম্বাৰৰ পৰা নিচাজাতীয় টেবলেটখিনি জব্দ কৰে। ইয়াৰ পূৰ্বে ১২ ছেপ্টেম্বৰত গুৱাহাটীত নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ পিছতে মণিপুৰৰ তিনিজন লোকক আটক কৰা হৈছিল। জানিব পৰা মতে, এ এছ ০১ এফ এম ৭৮০০ নম্বৰৰ থাৰ এখনে মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা নামনি অসমলৈ নিচাজাতীয় সামগ্ৰী কঢ়িয়াই আনিছিল। সেই অনুসৰি কামৰূপৰ ফালৰ পৰা শৰাইঘাটত গাড়ীখন আটক কৰি মণিপুৰৰ তিনিজন বেপাৰীক আটক কৰে,…
Read More
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাতৃৰ বিয়োগ

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাতৃৰ বিয়োগ

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ মাতৃ যমুনা ডেকাই শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি থকা যমুনা ডেকা চিকিৎসাধীন হৈ আছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কলিতাৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায়।
Read More
ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়ত খালী হৈ আছে ১৫,৭৫২টা শিক্ষক পদ: শিক্ষামন্ত্ৰী

ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়ত খালী হৈ আছে ১৫,৭৫২টা শিক্ষক পদ: শিক্ষামন্ত্ৰী

বিধানসভাত শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে কয় যে অসমত বিদ্যালয় পৰ্যায়ত ১৫ হাজাৰৰো অধিক শিক্ষক পদ আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ১৩০০টা শিক্ষক পদ খালী হৈ আছে। লগতে তেওঁ কয় যে ২০২১-২২ চনত প্ৰাথমিক পৰ্যায়ৰ পৰিসংখ্যাৰ তুলনাত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ মুঠ নামভৰ্তি অনুপাত (জিইআৰ) নিম্নগামী ধাৰাত আছে। কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্নৰ উত্তৰত পেগুৱে কয় যে বিভিন্ন বিদ্যালয়ত মুঠ ১৫,৭৫২টা শিক্ষক পদ খালী হৈ আছে। বিদ্যালয়সমূহত মুঠ ২৮৩০টা অশিক্ষক পদও এতিয়াও পূৰণ হোৱা নাই বুলিও তেওঁ কয়। এ আই ইউ ডি এফৰ ৰফিকুল ইছলামৰ প্ৰশ্নৰ উত্তৰত পেগুৱে কয় যে প্ৰাদেশিক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ ১৬৮৬টা পদ, অধ্যক্ষৰ ৩২০টা আৰু উপাধ্যক্ষৰ…
Read More