Business

জলবায়ু সুৰক্ষিত বীমা: বাজাজ এলিয়াঞ্জে তাৎক্ষণিক দাবী সমাধান উন্মোচন কৰে

জলবায়ু সুৰক্ষিত বীমা: বাজাজ এলিয়াঞ্জে তাৎক্ষণিক দাবী সমাধান উন্মোচন কৰে

বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সে জলবায়ুৰ বিপদৰ পৰা তৎক্ষণাত সুৰক্ষা প্ৰদান কৰা ভাৰতৰ প্ৰথমটো পেৰামেট্ৰিক বীমা সামগ্ৰী ক্লাইমেটছেফ মুকলি কৰিলে। খুচুৰা গ্ৰাহক, গিগ কৰ্মী, কাৰ্যালয়লৈ অহা-যোৱা কৰা লোক আৰু বিপণীৰ গৰাকীৰ বাবে ডিজাইন কৰা ক্লাইমেটছেফে অত্যধিক বৰষুণ, গ্ৰীষ্ম প্ৰবাহ আৰু শীতল প্ৰবাহৰ দৰে প্ৰতিকূল বতৰৰ পৰিঘটনাৰ ফলত হোৱা আয়ৰ ক্ষতি আৰু অতিৰিক্ত খৰচসমূহ সামৰি লয়। ১০০% ডিজিটেল সামগ্ৰীয়ে তাৎক্ষণিক আঁচনি জাৰি বা কাৰ্যক্ষম কৰাত সহায় কৰে, গোটেই বছৰটোত একাধিক ক্ৰয়ৰ অনুমতি দিয়ে আৰু গ্ৰাহকক অৱগত কৰাৰ প্ৰয়োজন নোহোৱাকৈ ৭ দিনৰ ভিতৰত স্বয়ংক্ৰিয় দাবী নিষ্পত্তি(ক্লেইম চেটলমেণ্ট) প্ৰদান কৰে। গ্ৰাহকসকলে এদিনকৈও কম সময়ৰ ভিতৰত নিজৰ অৱস্থান, বতৰৰ বিপদাশংকা আৰু বীমাৰ ম্যাদ স্ব-বাছনি(ছেল্ফ চিলেক্ট)…
Read More
গুডনাইটৰ সমীক্ষাত প্ৰকাশ পাইছে যে ৮৭% ভাৰতীয়ই বিচাৰি পায় মহৰ ব্যাঘাতৰ সৈতে পৰিয়ালৰ স্বাস্থ্যৰ বিপদাশংকাৰ সম্পৰ্ক

গুডনাইটৰ সমীক্ষাত প্ৰকাশ পাইছে যে ৮৭% ভাৰতীয়ই বিচাৰি পায় মহৰ ব্যাঘাতৰ সৈতে পৰিয়ালৰ স্বাস্থ্যৰ বিপদাশংকাৰ সম্পৰ্ক

দেশৰ ৮৭% আবাসীৰ মতে শিশুৰ নিদ্ৰাহীনতা অথবা ভালদৰে টোপনি নোহোৱাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য আৰু জীৱনধাৰাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে (২৫ এপ্ৰিল) গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ ভাৰতৰ আগশাৰীৰ ঘৰুৱা কীটনাশক ব্ৰেণ্ড গুডনাইটে প্ৰকাশ কৰা এক সমীক্ষা প্ৰতিবেদনত এই গুৰুত্বপূৰ্ণ প্ৰকাশ পাইছে । ‘মহ এক, ভাবুকি অনেক’ শীৰ্ষক এই সমগ্ৰ ভাৰতীয়ৰ মাজত চলোৱা সমীক্ষা গুডনাইটৰ নিৰ্দেশনা আৰু বজাৰ গৱেষণা সংস্থা ইউগভৰ জৰিয়তে কৰা হৈছিল, সাধাৰণ জনসাধাৰণৰ মনোভাৱ পৰীক্ষা কৰা হৈছিল আৰু মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বিপদাশংকাৰ মূল্যায়ন কৰা হৈছিল। উত্তৰ, পূব আৰু পশ্চিম ভাৰতৰ ৮৭% আৰু দক্ষিণৰ ৮৬% লোকে একে ধৰণৰ মতামত প্ৰকাশ কৰিছে। এই অধ্যয়ন অনুসৰি,…
Read More
এইচ পি-এ ভাৰতত আগবঢ়াইছে ব্যৱসায়িক আৰু গ্ৰাহক উভয় খণ্ডৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ এআই পিচি

এইচ পি-এ ভাৰতত আগবঢ়াইছে ব্যৱসায়িক আৰু গ্ৰাহক উভয় খণ্ডৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ এআই পিচি

এইচ পি-এ ভাৰতৰ আটাইতকৈ শক্তিশালী আৰু বিস্তৃত পি চি নেক্সট জেন এআই পিচি মুকলি কৰিছে। নতুন এইচপি এলিটবুক, এইচপি প্ৰ’বুক আৰু এইচপি অমনিবুক ছিৰিজসমূহ বৃহৎ উদ্যোগ, ষ্টাৰ্টআপ আৰু খুচুৰা খণ্ডৰ ব্যৱহাৰকাৰীসকলৰ কম্পিউটিং অভিজ্ঞতা পূৰণ কৰিবলৈ ডিজাইন কৰা হৈছে। শেহতীয়া প্ৰচেছৰৰ দ্বাৰা চালিত এই পি চিসমূহত আছে – ইণ্টেল কোৰ আল্ট্ৰা ২০০ ভি ছিৰিজ, এএমডি ৰাইজেন এআই ৩০০ ছিৰিজ আৰু কোৱালকম স্নেপড্ৰেগন এক্স, এক্স এলিট, এক্স প্লাছ আদি, এই পৰ্টফলিঅ’সমূহ প্ৰতি ছেকেণ্ডত ৪০ৰ পৰা ৫৫ ট্ৰিলিয়ন অপাৰেচন (টিঅ’পিএছ) কৰিব পৰা সমৰ্পিত নিউৰেল প্ৰচেছিং ইউনিটে(এনপিইউ)ৰে সজ্জিত কৰি তোলা হৈছে। কপিলট+ পিচি হিচাপে এইসমূহ পি চিয়ে এআইক মূল কম্পিউটিং ক্ষেত্ৰলৈ আনে, শক্তিশালী আৰু…
Read More
টয়োটা কিৰ্লোস্কাৰ মটৰে স্থিৰতাৰ পদক্ষেপৰ সৈতে এক সেউজীয়া ভৱিষ্যতৰ পথ প্ৰশস্ত কৰে

টয়োটা কিৰ্লোস্কাৰ মটৰে স্থিৰতাৰ পদক্ষেপৰ সৈতে এক সেউজীয়া ভৱিষ্যতৰ পথ প্ৰশস্ত কৰে

টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ ধৰিত্ৰী দিৱস উপলক্ষে পৰিৱেশ বহনক্ষমতাৰ প্ৰতি নিজৰ সমৰ্পণ সুদৃঢ় কৰি কাৰ্বন নিৰপেক্ষতাৰ দিশত অবিৰত প্ৰচেষ্টাৰ প্ৰতিশ্ৰুতি দিছে। টিকেএমৰ উৎপাদন বিভাগৰ কাৰ্যবাহী উপাধ্যক্ষ তথা সঞ্চালক বি পদ্মনাভাই দাঙি ধৰা এই প্ৰতিশ্ৰুতি বিশ্বব্যাপী টয়োটা পৰিৱেশ প্ৰত্যাহ্বান ২০৫০ৰ সৈতে সংগতি ৰাখে, য’ত উৎপাদনৰ বিভিন্ন পৰ্যায়ত কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে বিভিন্ন ইতিবাচক পদক্ষে অন্তৰ্ভুক্ত কৰিছে আৰু স্বচ্ছ গতিশীলতা সমাধানৰ প্ৰসাৰ কৰিছে। টিকেএমৰ বহুমুখী পদ্ধতিৰ অধীনত টিকেএম-এ বৈদ্যুতিক বাহন প্ৰযুক্তি (এক্সইভি) আৰু বৈকল্পিক ইন্ধন পাৱাৰট্ৰেইনত আগুৱাই আছে। টিকেএম-এ নিজৰ সেউজ উৎপাদন কাৰ্য-কলাপৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ, য'ত ১০০% নৱীকৰণযোগ্য গ্ৰীড বিদ্যুৎ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ৯৬% আৱৰ্জনাসমূহ পুনৰ্ব্যৱহাৰ কৰা হয়।…
Read More
 আইটিচিৰ ছানৰাইজ স্পাইচেছে আগবঢ়াইছে নতুন ৰন্ধনকেন্দ্ৰিক চিৰিজ “শিপা বিচাৰি”

 আইটিচিৰ ছানৰাইজ স্পাইচেছে আগবঢ়াইছে নতুন ৰন্ধনকেন্দ্ৰিক চিৰিজ “শিপা বিচাৰি”

আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি কৰিছে। ১৬ এপ্ৰিলত গুৱাহাটীৰ চানমাৰি বিহু সন্মিলনৰ মঞ্চত মুকলি কৰা এই অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ মুৰব্বী ৰাহুল দাস আৰু ছিৰিজৰ আঁত ধৰোতা তথা প্ৰখ্যাত অসমীয়া চেফ অতুল লহকৰসহ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু বিহুপ্ৰেমী ৰাইজসকল উপস্থিত থাকে। অসমৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত উপস্থাপন কৰা এই ১০ টা খণ্ডৰ শৃংখলাটোৱে ৰান্ধনী লহকৰক অনুসৰণ কৰে যেতিয়া তেওঁ অসমৰ গাওঁ আৰু বজাৰৰ মাজেৰে ভ্ৰমণ কৰে, পাহৰি যোৱা ৰেচিপি আৰু পৰম্পৰাগত ৰন্ধন কৌশল উন্মোচন কৰে। শৃংখলাটোৱে বৃদ্ধ মহিলাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন…
Read More
এই অক্ষয় তৃতীয়াত তানিষ্কৰ ৰিৱাহে আগবঢ়াইছে উৎকৃষ্ট কইনাৰ গহনা

এই অক্ষয় তৃতীয়াত তানিষ্কৰ ৰিৱাহে আগবঢ়াইছে উৎকৃষ্ট কইনাৰ গহনা

পৱিত্ৰ অক্ষয় তৃতীয়াৰ শুভ ক্ষণ চমু চাপি অহাৰ লগে লগে তানিষ্কৰ এক্সক্লুছিভ বিবাহৰ উপ-ব্ৰেণ্ড ৰিৱাহে উৎকৃষ্ট কইনাৰ গহনা সংগ্ৰহৰ বিশাল সম্ভাৰৰে বিশেষ অফাৰ আগবঢ়াই আগন্তুক গ্ৰীষ্মকালীন ভাৰতীয় বিবাহৰ মাধুৰ্যতা উদযাপন কৰিবলৈ সাজু হৈছে। ভাৰতৰ বিভিন্ন বিবাহ পৰম্পৰাৰ সৈতে গভীৰ উপলব্ধিৰে তানিষ্কৰ ৰিৱাহে বিভিন্ন সম্প্ৰদায়ৰ কইনাসকলৰ বাবে প্ৰস্তুত কৰা এক বিস্তৃত পৰিসৰৰ গহনা আগবঢ়ায়, যি বিবাহৰ প্ৰতিটো অনুষ্ঠান- হালধি আৰু মেহেন্দি অনুষ্ঠানৰ পৰা সংগীত আৰু প্ৰধান বিবাহৰ দিনলৈকে নিৰ্বিঘ্নে উপযুক্ত আৰু খাপ খাই পৰাটো নিশ্চিত কৰে। গহনাৰ প্ৰতিটো টুকুৰাই কেৱল এই প্ৰিয় পৰম্পৰাবোৰক সন্মান জনোৱাৰ বাবেই নহয় লগতে কইনাগৰাকীৰ স্বকীয়তা আৰু সুন্দৰতা প্ৰতিফলিত কৰাৰ বাবেও প্ৰস্তুত কৰা হৈছে। গহনাৰ এই বিশেষ…
Read More
এংকৰ অৰেল কেয়াৰে আইমী বৰুৱাক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়ে

এংকৰ অৰেল কেয়াৰে আইমী বৰুৱাক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়ে

এংকৰ অৰেল কেয়াৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিয়োজিত কৰি দুটা নতুন অভিযান— “লাল। কমাল। বেমিছাল।” আৰু “নয়ে জামানে কী নয়ী সুৰক্ষা।” মুকলি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত মনোনিৱেশ তীব্ৰতৰ কৰি তুলিছে। এই কৌশলগত পদক্ষেপে ব্ৰেণ্ডটোৰ অঞ্চলটোৰ প্ৰতি শক্তিশালী দায়বদ্ধতাক চিহ্নিত কৰিছে, যিয়ে দশক দশক ধৰি শক্তিশালী উপস্থিতি বজাই ৰখাৰ দিশটোকে সূচায়। নতুন দুয়োটা প্ৰচাৰ অভিযানে এংকৰ ৰেড টুথপেষ্টৰ আয়ুৰ্বেদিক সুবিধা-গুণাগুণ আৰু কেলফ্ল’ ফৰ্মূলেচনক উজ্জ্বল কৰি তুলিছে, যিয়ে মৌখিক যত্নৰ পৰম্পৰা আৰু উদ্ভাৱন দুয়োটাকে সামৰি লৈছে। দ্বিতীয়টো অভিযানত অভিনয় কৰা আইমী বৰুৱাই ডিজিটেল প্ৰচাৰ আৰু ক্ষেত্ৰভিত্তিক কাৰ্য-কলাপৰ জৰিয়তে অসমীয়া গ্ৰাহকৰ সৈতে ব্ৰেণ্ডৰ সংযোগ যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা…
Read More
হেয়াৰ ইণ্ডিয়াই প্ৰথম এআই জলবায়ু নিয়ন্ত্ৰণ আৰু ফেব্ৰিক ফিনিছৰ সৈতে গ্ৰেভিটি চিৰিজ এচি উন্মোচন কৰে

হেয়াৰ ইণ্ডিয়াই প্ৰথম এআই জলবায়ু নিয়ন্ত্ৰণ আৰু ফেব্ৰিক ফিনিছৰ সৈতে গ্ৰেভিটি চিৰিজ এচি উন্মোচন কৰে

একেৰাহে ১৬ বছৰ ধৰি নং ১নং গ্ল’বেল মেজৰ এপ্লায়েন্স ব্ৰেণ্ড হেয়াৰ এপ্লায়েন্স ইণ্ডিয়াই বহু প্ৰত্যাশিত গ্ৰেভিটী ছিৰিজৰ এয়াৰ কণ্ডিচনাৰ মুকলি কৰিছে। ফেব্ৰিক ফিনিচিঙৰ সৈতে ভাৰতৰ একমাত্ৰ এআই ক্লাইমেট কণ্ট্ৰল এয়াৰ কণ্ডিচনাৰ হিচাপে এই অভিনৱ এচিসমূহ ফেব্ৰিক সম্পূৰ্ণতাৰ সৈতে বুদ্ধিমত্তাসম্পন্ন শীতল প্ৰযুক্তিসমূহ নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰে, যিয়ে আধুনিক ঘৰুৱা উষ্ণতা সমাধানৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। গ্ৰেভিটী ছিৰিজ ৭টা আকৰ্ষণীয় ৰঙৰ ভিন্ন ৰূপ—মৰ্নিং মিষ্ট, মুন ষ্টন গ্ৰে, মিডনাইট ড্ৰিম, গেলেক্সি শ্লেট, একুৱা ব্লু, কটন কেণ্ডি আৰু হোৱাইট(বগা) ৰঙত উপলব্ধ—যিসমূহে সমসাময়িকভাৱে আভ্যন্তৰীণ অংশত প্ৰিমিয়াম স্পৰ্শ যোগ কৰাৰ লগতে অতুলনীয় শীতলতাও প্ৰদান কৰে। এই মুকলিৰ বিষয়ে সদৰি কৰি হেয়াৰ এপ্লায়েন্স ইণ্ডিয়াৰ অধ্যক্ষ এন এছ…
Read More
নেক্সট-জেন জিআই অস্ত্ৰোপচাৰ: য’ত ৰবটে পূৰণ কৰে মানৱ বিশেষজ্ঞতা

নেক্সট-জেন জিআই অস্ত্ৰোপচাৰ: য’ত ৰবটে পূৰণ কৰে মানৱ বিশেষজ্ঞতা

প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত গেষ্ট্ৰাইটিছ বা পাকস্থলী(জিআই)ৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈছে, যাৰ ফলত ৰোগীৰ শৰীৰত প্ৰয়োগৰ ক্ষেত্ৰত ফলাফল বা আৰোগ্যতাৰ হাৰ যথেষ্ট উন্নত হৈছে। ৰবটিক সহায়ক অস্ত্ৰোপচাৰে দৃশ্যমানতা আৰু নিখুঁততা বৃদ্ধি কৰে, যাৰ ফলত কলাৰ ক্ষতি হ্ৰাস আৰু নিৰাময় ত্বৰান্বিত কৰা নূন্যতম আক্ৰমণাত্মক পদ্ধতি সক্ষম হয়। ইফালে, কৃত্ৰিম বুদ্ধিমত্তা(এআই)ৰ একত্ৰিকৰণৰ ফলত অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে প্ৰতিজন ৰোগীৰ অনন্য প্ৰয়োজন অনুসৰি পদক্ষেপসমূহ নিৰ্ধাৰণ কৰিব পাৰে। এই উদ্ভাৱনসমূহে একেলগে সুৰক্ষিত অস্ত্ৰোপচাৰ, চিকিৎসালয়ত কম সময়ৰ বাবে থাকিব লগা আৰু ৰোগীৰ জীৱনৰ মানদণ্ডৰ সামগ্ৰিক উন্নতিৰ প্ৰতিশ্ৰুতি দিয়ে। ৰবটিক চাৰ্জাৰী: নিখুঁততা আৰু আৰোগ্য বৃদ্ধি কৰা: ৰবটিক-সহায়ক অস্ত্ৰোপচাৰে শল্য চিকিৎসকসকলক অধিক নিয়ন্ত্ৰণ, নমনীয়তা আৰু শুদ্ধতাৰ সৈতে…
Read More
গুৱাহাটীয়ে জে কে টায়াৰ চালিত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলৰ বাবে প্ৰস্তুতি চলাইছে

গুৱাহাটীয়ে জে কে টায়াৰ চালিত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলৰ বাবে প্ৰস্তুতি চলাইছে

হঠাতে হোৱা ধুমুহা-বৰষুণক নেওচি জে কে টায়াৰে আইআইটি গুৱাহাটী চৌহদত আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে মটৰস্পৰ্টৰ আকৰ্ষণীয় ৰূপ আৰু যুৱ শক্তিৰ এক ৰোমাঞ্চকৰ মিশ্ৰণেৰে সকলোকে আপ্লুত কৰিলে। এডভেঞ্চাৰ-এক্স ফিউজন ট্ৰাইবৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানটোৱে গতি, নিৰ্ভুলতা আৰু ষ্টাণ্ট দক্ষতাৰ এক ত্ৰিবেণী সংগম প্ৰদৰ্শন কৰিছিল।এই অনুষ্ঠানত স্ক্ৰিচিং বার্নআউটৰ পৰা আৰম্ভ কৰি গ্ৰেভিটী-প্ৰদৰ্শন কৰা ছুপাৰবাইকলৈকে, উপস্থিত থকা সকলে লেক্সাছ আৰু বিএমডব্লিউকে ধৰি ষ্টাণ্ট প্ৰদৰ্শনৰ কৰা সোপানৰ লগতে ৰোটেক্স কাৰ্টত ট্ৰেকত কাৰ্টিং চাঞ্চল্য সৃষ্টিকাৰীসকলে প্ৰদৰ্শন কৰা চমকপ্ৰদ প্ৰদৰ্শন প্ৰত্যক্ষ কৰিছিল। ভাৰতীয় ফৰ্মুলা ৪ বাহনখনে পেচাদাৰী ৰেচিং জগতৰ এক আভাস প্ৰদান কৰিছিল, যিয়ে মটৰস্পৰ্ট উপভোগৰ বাবে অপেক্ষাৰত দৰ্শকসকলক যথেষ্ট আনন্দিত কৰিছিল।অপ্ৰত্যাশিত প্ৰতিকূল বতৰৰ মাজতো…
Read More