10
Jan
বহু প্ৰত্যাশিত গুৱাহাটীৰ ফাঁচী বজাৰৰ ৪ নং ৰেলৱে গেটৰ সমীপৰ এম এছ ৰোডত অৱস্থিত মহাবীৰ ধৰ্ম স্থলত বিৰাছত হেণ্ডলুম এক্সপ’ৰ শুভাৰম্ভণি ঘটিছে। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সহকাৰী সঞ্চালক (ডিজাইন), ডব্লিউএছচি গুৱাহাটীৰ উন্নয়ন আয়ুক্ত (হস্ততাঁত), জয়ন্ত বি মংগলপল্লীয়ে এই প্ৰদৰ্শনী-বিক্ৰী মেলাৰ শুভ উদ্বোধন কৰে। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উন্নয়ন আয়ুক্ত (হস্ততাঁত)ৰ উদ্যোগত আয়োজন কৰা হৈছে বিৰাছত স্পেচিয়েল হেণ্ডলুম এক্সপ’ (৮–১৪ জানুৱাৰী, ২০২৫)ৰ লক্ষ্য হৈছে ভাৰতৰ সমৃদ্ধ হস্ততাঁত ঐতিহ্যক উদযাপন কৰা আৰু শিপিনীসকলক নিজৰ নিজৰ অসাধাৰণ কাৰুকাৰ্য প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰা। উদ্বোধনী ভাষণত জয়ন্ত বি মংগলপল্লীয়ে ভাৰতৰ বৈচিত্ৰ্যময় হস্ততাঁত পৰম্পৰাৰ জৰিয়তে বহনক্ষম আৰু পৰম্পৰাগত ফেশ্বনৰ প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।…