Business

গোদ্ৰেজ জাৰ্চিয়ে বিত্তীয় বৰ্ষ ২৬ৰ  বাবে উচ্চাভিলাষী ৩x৩ ৰণনীতি উন্মোচন কৰে বিকাশ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে

গোদ্ৰেজ জাৰ্চিয়ে বিত্তীয় বৰ্ষ ২৬ৰ  বাবে উচ্চাভিলাষী ৩x৩ ৰণনীতি উন্মোচন কৰে বিকাশ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে

দক্ষিণ ভাৰতৰ আগশাৰীৰ দুগ্ধ ব্ৰেণ্ড গড্ৰেজ জাৰ্চিয়ে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ মূল্য সংযোজিত পৰ্টফলিঅ’ৰ জৰিয়তে ১০০০ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে বিত্তীয় বৰ্ষ ২৬ৰ বাবে নিজৰ অভিলাষী ৩x৩ লিপফ্ৰগ কৌশল প্ৰকাশ কৰিছে। এই পদক্ষেপে তিনিটা মূল সামগ্ৰী—বাদাম মিল্ক(গাখীৰ), পানীৰ আৰু কাৰ্ড(দৈ)—ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ঘৰুৱা ব্যৱহাৰ, বজাৰ সম্প্ৰসাৰণ আৰু পণ্য উদ্ভাৱনক আগুৱাই নিব। গড্ৰেজ জাৰ্চিৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপেন্দ্র ছুৰিয়ে এই বিষয়ে সদৰি কৰি কয় যে, "৩x৩ লিপফ্ৰগ ষ্ট্ৰেটেজীয়ে বজাৰ সম্প্ৰসাৰণ ত্বৰান্বিত কৰিব, গ্ৰাহকৰ বাবে অফাৰসমূহ বৃদ্ধি কৰিব আৰু উদ্ভাৱন তথা লক্ষ্যযুক্ত অংশীদাৰিত্বৰ জৰিয়তে বহনক্ষম বিকাশ সাধন কৰিব।" ব্ৰেণ্ডটোৱে বৰ্ধিত গৱেষণা আৰু উন্নয়ন ব্যয় আৰু হাই-প্ৰফাইল চেলিব্ৰিটিক জড়িত…
Read More
নেদেখা অৱদানকাৰী: মহিলাসকলে কৃষি কৰ্মশক্তিৰ ৬৪.৪% গঠন কৰে তথাপিও শীৰ্ষ কোম্পানীবোৰত কম প্ৰতিনিধিত্ব কৰে

নেদেখা অৱদানকাৰী: মহিলাসকলে কৃষি কৰ্মশক্তিৰ ৬৪.৪% গঠন কৰে তথাপিও শীৰ্ষ কোম্পানীবোৰত কম প্ৰতিনিধিত্ব কৰে

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদ(আইআইএমএ) আৰু গড্ৰেজ ডিইআই লেবৰ সহযোগত গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ এক নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতৰ কৃষি কৰ্মশক্তিৰ ৬৪.৪%ই মহিলা হ’লেও কৃষি সম্পৰ্কীয় শীৰ্ষ প্ৰতিষ্ঠানসমূহত মাত্ৰ ৬-১০% মহিলাহে কৰ্মৰত হৈ আছে। দ্বিতীয়খন মহিলা কৃষি সন্মিলনত এই তথ্যসমূহ সদৰি কৰা হয়, য’ত মূল ব্যৱধানসমূহ উন্মোচিত কৰা হয় আৰু এই খণ্ডত লিংগ অন্তৰ্ভুক্তিৰ বাবে কৌশল উন্মোচন কৰা হয়। গড্ৰেজ এগ্ৰ'ভেটৰ পৰিচালন সঞ্চালক বলৰাম সিং যাদৱে পৰামৰ্শদাতা, দক্ষতা সংৰক্ষণ আৰু সামগ্ৰিক কৰ্ম পৰিৱেশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। "যোৱা বছৰ, আমি কৃষি মূল্য শৃংখলাত ১০০,০০০ মহিলাক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ আৰু আমি ইতিমধ্যে প্ৰশিক্ষণ, সুৰক্ষিত কৰ্মস্থান আৰু নেতৃত্বৰ সুযোগৰ…
Read More
বহনক্ষমতাৰ অংশীদাৰ : সৌৰ শক্তিৰ প্ৰচাৰৰ বাবে লুমিনাছ পাৱাৰ টেকন’লজি আৰু ৰাজস্থান ৰয়েলছৰ সহযোগিতা

বহনক্ষমতাৰ অংশীদাৰ : সৌৰ শক্তিৰ প্ৰচাৰৰ বাবে লুমিনাছ পাৱাৰ টেকন’লজি আৰু ৰাজস্থান ৰয়েলছৰ সহযোগিতা

লুমিনাছ পাৱাৰ টেকন'লজিছে টি-২০ প্ৰিমিয়াৰ লীগৰ ১৮সংখ্যক ছিজনৰ বাবে টাইটেল পাৰ্টনাৰ হিচাপে ৰাজস্থান ৰয়েলছৰ সৈতে নিজৰ অংশীদাৰিত্ব শক্তিশালী কৰিছে, যিয়ে দেশজোৰা সৌৰ শক্তি ব্যৱহাৰ বৃদ্ধিৰ প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰিছে। এই অনুষ্ঠানত ৰাজস্থান ৰয়লেছৰ তাৰকা খেলুৱৈ সঞ্জু চেমছন, নিতীশ ৰাণা আৰু তুষাৰ দেশপাণ্ডে আৰু লুমিনাছ পাৱাৰ টেকন'লজিৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অত্যাধুনিক সৌৰ আৰু উন্নত শক্তি সমাধানসমূহ মুকলি কৰা হয়, যাৰ ভিতৰত আছে ইভিঅ 'ইনভাৰ্টাৰ ছিৰিজ, জেলিঅ' এছ ইনভাৰ্টাৰ ছিৰিজ, ইঅ'এন টপকন ছলাৰ পেনেল আৰু উদ্যোগৰ প্ৰথম এম্পবক্স জেল বেটাৰী প্ৰযুক্তি-যি যিকিনো ভাৰতীয় বতৰতে উন্নত দক্ষতা আৰু দীৰ্ঘস্থায়িত্ব হোৱাকৈ ডিজাইন কৰা হৈছে।ডিজিটেল আউটৰিচ, অন-গ্ৰাউণ্ড সক্ৰিয়কৰণ আৰু সংবাদ মাধ্যমৰ সংযোগৰ জৰিয়তে খৰচ আৰু…
Read More
বিশ্বাস আৰু স্বাস্থ্যৰ ভাৰসাম্য: ৰমজানৰ বাবে ডায়েবেটিছ ব্যৱস্থাপনা নিৰ্দেশনা

বিশ্বাস আৰু স্বাস্থ্যৰ ভাৰসাম্য: ৰমজানৰ বাবে ডায়েবেটিছ ব্যৱস্থাপনা নিৰ্দেশনা

পৱিত্ৰ ৰমজান মাহত উপবাসৰ সময়ত চিকিৎসা বিশেষজ্ঞসকলে ডায়েবেটিছ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ডায়েবেটিছ ৰোগীয়ে চুহুৰ (সুৰ্যোদয়ৰ পূৰ্বৰ আহাৰ) আৰু ইফতাৰ (সূৰ্যাস্তৰ পিছৰ খাদ্য)ৰ মাজত উপবাসৰ সময়ত তেজত শৰ্কৰাৰ মাত্ৰাৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়। চিকিৎসকে সুপৰিকল্পিত খাদ্য, অবিৰত গ্লুক’জ নিৰীক্ষণ (চিজিএম) আৰু পৰ্যাপ্ত পৰিমাণৰ হাইড্ৰেচনৰ পৰামৰ্শ দিয়ে যাতে নিৰাপদ উপবাস বা সুকলমে ৰমজান মাহটো সম্পূৰ্ণ কৰিব পাৰে। উপবাসৰ সময়ত তেজত শৰ্কৰাৰ স্তৰ সন্তুলিত কৰা, সূৰ্যোদয়ৰ পূৰ্বে চুহুৰৰ পৰা সূৰ্যাস্তৰ পিছৰ ইফতাৰলৈকে, সম্ভাব্য তাৰতম্যৰ বাবে কেতিয়াবা স্বাভাৱিক জীৱন যাপন প্ৰত্যাহ্বানজনক হ'ব পাৰে। সেয়েহে চুহুৰ আৰু ইফতাৰলৈ দিনটোত শক্তিশালী অত্যাৱশ্যকীয় আহাৰৰ প্ৰয়োজন, যিয়ে শক্তি আৰু পুষ্টি সমানে…
Read More
এমজি কমেট ইভি ২০২৫: য’ত উদ্ভাৱনে আধুনিক চালকৰ বাবে আৰাম পূৰণ কৰে

এমজি কমেট ইভি ২০২৫: য’ত উদ্ভাৱনে আধুনিক চালকৰ বাবে আৰাম পূৰণ কৰে

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই মুকলি কৰিলে এমজি কমেট ইভি ২০২৫ আৰু ইয়াৰ জৰিয়তে নগৰীয়া বৈদ্যুতিক বাহনখনক নতুন সুবিধা আৰু আৰামদায়ক বৈশিষ্ট্যৰ সৈতে উন্নীত কৰি তোলা হৈছে। বিভিন্ন বাহনৰ প্ৰকাৰৰ মূল্য মডেলৰ ওপৰত আধাৰিত কৰি পৃথক। এক্সিকিউটিভ ভেৰিয়েণ্টৰ মূল্য ৪,৯৯,০০০ টকা, প্ৰতি কিলোমিটাৰত অতিৰিক্ত ২.৫ টকা, মুঠ ৬,৯৯,৮০০ টকাত লাভ কৰিব। এক্সাইট ভেৰিয়েণ্টৰ দাম ৬,২৫,০০০ টকা, ইয়াৰ লগতে প্ৰতি কিলোমিটাৰত ২.৫ টকাসহ মুঠ ৮,২৫,৮০০ টকা। আনহাতে, এক্সাইট ফাষ্ট চাৰ্জ ভেৰিয়েণ্টৰ মূল্য ৬,৭৭,০০০ টকা, প্ৰতি কিলোমিটাৰ চাৰ্জত ২.৫ টকা, মুঠ দাম ৮,৭৭,৮০০ টকা। এক্সক্লুছিভ ভেৰিয়েণ্টৰ মূল্য ৭,৩৫,০০০ টকা, লগতে প্ৰতি কিলোমিটাৰত ২.৫ টকা, যাৰ ফলত মুঠ দাম হ’বগৈ ৯,৩৫,৮০০ টকা। এক্সক্লুছিভ এফ…
Read More
টাটা এআইএ-য়ে অনুকূলিত বিত্তীয় স্বাধীনতাৰ বাবে ফ্লেক্সি ইনকাম প্লেন প্ৰৱৰ্তন কৰিছে

টাটা এআইএ-য়ে অনুকূলিত বিত্তীয় স্বাধীনতাৰ বাবে ফ্লেক্সি ইনকাম প্লেন প্ৰৱৰ্তন কৰিছে

টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(টাটা এআইএ)-এ নমনীয় বিত্তীয় সুৰক্ষা আৰু সম্পদ সৃষ্টিৰ বাবে ডিজাইন কৰা এক অ-সংযুক্ত(নন-লিংকড), অংশগ্ৰহণকাৰী জীৱন বীমা সঞ্চয় সমাধান টাটা এআইএ শুভ ফ্লেক্সি ইনকাম প্লেন মুকলি কৰিছে। এই প্লেনৰ লক্ষ্য হৈছে মানুহক নিজৰ বিত্তীয় লক্ষ্যৰ সৈতে বিকশিত হোৱা উপযোগী বিকল্পৰ সৈতে শক্তিশালী কৰি তোলা। শুভ ফ্লেক্সি ইনকাম প্লেনে তিনিটা মূল বিকল্প প্ৰদান কৰে : এককালীন পৰিশোধৰ সৈতে দীৰ্ঘম্যাদী সঞ্চয়ৰ বাবে এনডাউমেণ্ট বিকল্প, প্ৰথম বছৰৰ পৰা বাৰ্ষিক নগদ বোনাচৰ বাবে আগতীয়া আয় বিকল্প আৰু অধিক বিকাশৰ বাবে পেমেণ্ট স্থগিত ৰখাৰ নমনীয়তাৰ সৈতে সম্পদ সংগ্ৰহৰ বাবে স্থগিত আয়(ডিফাৰ্ড ইনকাম) বিকল্প। সঞ্চয়ৰ বাহিৰেও এই প্লেনত প্ৰিমিয়াম বিকল্পত ৰেহাইৰ দৰে…
Read More
এই খাদ্যসমূহৰ সৈতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰক

এই খাদ্যসমূহৰ সৈতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰক

বিশেষজ্ঞসকলে ঋতুগত পৰিৱৰ্তনৰ ফলত স্বাস্থ্যত প্ৰভাৱৰ বিষয়ে দৃষ্টি ৰাখি ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাৰ ক্ষেত্ৰত এক সন্তুলিত আহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। পুষ্টি আৰু সুস্থতা পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে সামগ্ৰিক সুস্থতা বজাই ৰাখিবলৈ আলমণ্ড, বতৰৰ ফল আৰু পাচলিৰ দৰে প্ৰাকৃতিক খাদ্যসমূহ অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে। আলমণ্ড হৈছে পুষ্টিৰ শক্তিশালী ভাণ্ডাৰ, যিয়ে ভিটামিন ই, জিংক, ফ’লেট আৰু আইৰণকে ধৰি ১৫টা প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা গুণৰ বাবে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ(এফএছএছএআই)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আলমণ্ড দৈনন্দিন খাদ্যৰ সহজ আৰু ফলপ্ৰসূ সংযোজন। কমলা, নেমু আৰু আঙুৰৰ দৰে নেমুজাতীয় ফলত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে, যি শ্বেত…
Read More
গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে এক্সেছ পেক আৰু প্ৰতিযোগিতামূলক মূল্যৰ সৈতে গ্ৰীষ্মকালীন তৰংগ চলাব

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে এক্সেছ পেক আৰু প্ৰতিযোগিতামূলক মূল্যৰ সৈতে গ্ৰীষ্মকালীন তৰংগ চলাব

গ্ৰীষ্মকাল অহাৰ লগে লগে ব্যক্তিগত যতন শিতানত ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ এই ট্ৰেণ্ডক মূলধন হিচাপে লৈ আগবাঢ়িবলৈ সাজু হৈছে। চাবোন, ডিঅ’ডৰেণ্ট(সুগন্ধি) আৰু বডী ৱাশ্বছৰ ঋতুভিত্তিক চাহিদা পূৰণৰ বাবে প্ৰতিষ্ঠানটোৱে চিন্থল, গড্ৰেজ নং ১ আৰু পাৰ্ক এভিনিউৰ দৰে মূল ব্ৰেণ্ডসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰতিষ্ঠানটোৰ এজন মুখপাত্ৰই শেহতীয়া বাজেটৰ ওপৰত আলোকপাত কৰি কয় যে, "কৰ সহজ আৰু কৰ্মৰত জনসংখ্যাৰ হাতত অধিক ধনৰ জৰিয়তে সামগ্ৰিক ব্যৱহাৰ বৃদ্ধি হ'ব।" এই সুযোগৰ লাভ আদায় কৰিবলৈ জিচিপিএল-ৰ লক্ষ্য হৈছে অধিক পেক মুকলি কৰা আৰু প্ৰতিযোগিতামূলক মূল্য নিৰ্ধাৰণত নিজৰ সামগ্ৰীৰ পৰিসৰ সম্প্ৰসাৰিত কৰা। উত্তৰ-পূৰ্বাঞ্চলৰ এফএমচিজি বিক্ৰীৰ প্ৰধান কেন্দ্ৰ গুৱাহাটীত…
Read More
এইচপিয়ে এআই-চালিত বাণিজ্যিক পিচিৰ সৈতে ব্যৱসায় কম্পিউটিং পুনৰ নিৰ্ধাৰণ কৰে

এইচপিয়ে এআই-চালিত বাণিজ্যিক পিচিৰ সৈতে ব্যৱসায় কম্পিউটিং পুনৰ নিৰ্ধাৰণ কৰে

এইচপি-এ ব্যৱসায়িক উৎপাদনশীলতা আৰু সহযোগিতাক ন ৰূপত সংজ্ঞায়িত কৰাৰ লক্ষ্যৰে ভাৰতত পৰৱৰ্তী প্ৰজন্মৰ এআই-চালিত বাণিজ্যিক পিচিৰ শেহতীয়া পৰিসৰ মুকলি কৰিছে। নতুন পিচি তালিকাত অন্তৰ্ভুক্ত আছে এইচপি এলিটবুক আল্ট্ৰা জি১আই, এলিটবুক এক্স জি১আই, এলিটবুক এক্স জি১আই ফ্লিপ, আৰু ইণ্টেল® কোৰ™ আল্ট্ৰা আৰু এএমডি ৰাইজেন® প্ৰচেছৰৰ দ্বাৰা চালিত এলিটবুক এক্স জি১এ, যিসমূহ উৎকৃষ্ট প্ৰদৰ্শন আৰু সুৰক্ষাৰ বাবে এআই-চালিত বৰ্ধিতকৰণৰ সৈতে মুকলি কৰা হৈছে। এলিটবুক এক্সজি১এ-ই প্ৰতি ছেকেণ্ডত ৫৫ ট্ৰিলিয়ন অপাৰেচন (টপছ) পৰ্যন্ত এনপিইউ পাৰফৰ্মেন্স প্ৰদান কৰা হৈছে, যি ভাৰতত এনে ক্ষমতা প্ৰদান কৰা একমাত্ৰ ব্ৰেণ্ড হৈছে এইচ পি। ইফালে, ইণ্টেল-চালিত ভেৰিয়েণ্টসমূহে ৪৮ টপছলৈকে সুবিধা প্ৰদান কৰে, যিয়ে পেছাদাৰীসকলৰ বাবে নিৰৱচ্ছিন্ন মাল্টিটাস্কিং নিশ্চিত…
Read More
থাণ্ডাই আৰু ৰঙৰ সম্ভাৰ: গড্ৰেজ ভিখ্ৰুলি কুচিনাত চেফ হৰপালৰ হোলী স্পেচিয়েল

থাণ্ডাই আৰু ৰঙৰ সম্ভাৰ: গড্ৰেজ ভিখ্ৰুলি কুচিনাত চেফ হৰপালৰ হোলী স্পেচিয়েল

ৰঙৰ উৎসৱ ফাকুৱাৰ সময়ছোৱাত গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ(জিআইজি)ৰ মালিকানাধীন মিডিয়া প্লেটফৰ্ম গড্ৰেজ ভিখ্ৰুলি কুচিনাই এক স্বাস্থ্যকৰ, অধিক প্ৰামাণিক উৎসৱৰ অভিজ্ঞতাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ চেলিব্ৰিটি চেফ হৰপাল সিং সুখিৰ সৈতে অংশীদাৰিত্ব কৰিছে। এটা বিশেষ ইনষ্টাগ্ৰাম ভিডিঅ'ত চেফ হৰপালে প্ৰদৰ্শন কৰে যে কেনেকৈ গড্ৰেজ জাৰ্চি মিল্ক ব্যৱহাৰ কৰি প্ৰাকৃতিকভাৱে ৰঙীন থাণ্ডাই তৈয়াৰ কৰিব পাৰি আৰু কৃত্ৰিম ৰং আঁতৰাই সমৃদ্ধ সোৱাদ সংৰক্ষণ কৰি ৰাখিব পাৰি।খাদ্যৰ মানদণ্ড সম্পৰ্কে গ্ৰাহকৰ সজাগতা বৃদ্ধিৰ লগে লগে এই প্ৰচাৰ অভিযানে প্ৰাকৃতিক উপাদানবোৰে কেনেদৰে সংশ্লেষিত ৰঙৰ স্থান ল'ব পাৰে সেই ওপৰত আলোকপাত কৰিছে। জনপ্ৰিয় চেফ হৰপালে কেৱল প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি চাৰিটা প্ৰাণৱন্ত ৰূপ- চেফ্ৰন য়েল্ল', পিংক ৰজ, পিষ্টাচিঅ' গ্ৰীন…
Read More