ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৪ ভক্তৰ…

মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৪ ভক্তৰ…

ঐতিহাসিক তিৰুমালা মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৪ ভক্তই। বুধবাৰে তিৰুপতিৰ সমীপৰ চন্দ্ৰগিৰি মণ্ডলত ভক্তৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় ৪জন লোকে। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ পৰা অহা ভক্তসকলে তিৰুমালালৈ তীৰ্থযাত্ৰা সম্পূৰ্ণ কৰি কানিপাকম মন্দিৰলৈ গৈ থকা অৱস্থাত নৈডুপেট-পুথালাপট্টু ঘাইপথৰ কাষৰ কলৰোডপল্লী গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ইফালে এই দুৰ্ঘটনাত আহত হয় আন তিনিজন লোক। ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধআৰ কৰি তিৰুপতিৰ এছভিআৰআৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত নিহত সকলক অনন্ত থেমবুকৰ, ময়ূৰ, ঋষিকেশ আৰু অজয় বুলি চিনাক্ত কৰা…
Read More
গণৰাজ্য দিৱসত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা- প্ৰদান কৰিব নিবনুৱা ভাট্টা…

গণৰাজ্য দিৱসত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা- প্ৰদান কৰিব নিবনুৱা ভাট্টা…

গণৰাজ্য দিৱস উপলক্ষে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আগন্তুক বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰি মাহিলী ভাট্টা ঘোষণা কৰে। তেওঁ অৱশ্যে এই পৰিমাণৰ ধন এতিয়াও নিৰ্দিষ্ট কৰা নাই। আন বহুতো আঁচনিৰ কথা ঘোষণা কৰি বাঘেলে লগতে কয় যে ৰাজ্যখনৰ পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলক ঘৰ নিৰ্মাণৰ বাবে ৫০ হাজাৰ টকা অনুদান দিয়া হ’ব।
Read More
ভাল খবৰ! লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰম বিশিষ্ট সেৱা মেডেল…

ভাল খবৰ! লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰম বিশিষ্ট সেৱা মেডেল…

গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রালয়ে প্রতি বছৰে ঘোষণা কৰা সেনাৰ পদকৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে অসমৰ ৬গৰাকী সেনা বিষয়া আৰু জোৱান। এইবাৰ ভাৰত চৰকাৰৰ পৰম বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হৈছে ইষ্টাৰ্ণ কমাণ্ডাৰ, জিঅ’চি লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাক। সুযোগ্য অসম সন্তানগৰাকীক প্ৰদান কৰা এই সন্মানে এতিয়া আনন্দৰ জোৱাৰ নমাইছে সমগ্ৰ অসমত। উল্লেখ্য যে, লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ ঘৰ কামৰূপ জিলা (গ্ৰাম্য)ৰ ৰঙিয়াৰ শান্তিপুৰত। তেওঁ পিতৃ আদর্শবান শিক্ষক প্ৰয়াত যোগেন্দ্র কলিতা আৰু মাতৃ প্ৰয়াত ৰেনু কলিতা। তেওঁ ভাৰতীয় সেনা বাহিনীত ১৯৮৪ চনৰৰ জুনত প্রথমে কুমাও ৰেজিমেণ্টত যোগদান কৰিছিল। একালৰ গোৱালপাৰা সৈনিক স্কুল আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ ছাত্ৰ কলিতাই ইতিপূর্বে…
Read More
অভিনেতা-পৰিচালক ই ৰামাডোছৰ বিয়োগ…

অভিনেতা-পৰিচালক ই ৰামাডোছৰ বিয়োগ…

তামিল ছবিৰ পৰিচালক তথা অভিনেতা ই ৰামাডোছৰ মৃত্যু। মঙলবাৰে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু অভিনেতা-পৰিচালকগৰাকীৰ। চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰামাডোছ। ১৯৮৬ চনত পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ। পৰৱৰ্তী সময়ত ৰামাডোছে বিছাৰণাই, বিক্ৰম বেধা আৰু আৰামৰ দৰে ছবিৰে অভিনেতা হিচাপে খ্যাতি অৰ্জন কৰে।
Read More
সম্পত্তিক লৈ বিবাদ! অভিনেতা নাৱাজুদ্দিনৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ…

সম্পত্তিক লৈ বিবাদ! অভিনেতা নাৱাজুদ্দিনৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ…

অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীৰ পত্নী আলিয়া ওৰফে জৈনাবৰ বিৰুদ্ধে এজাহাৰ নাৱাজৰ মাতৃ মেহৰুনিছা ছিদ্দিকীৰ। সম্পত্তিক লৈ ঘটা বিবাদৰ পিছতে বোৱাৰী আলিয়াৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে আৰক্ষী থানালৈ মাতি পঠিওৱা হৈছে নাৱাজুদ্দিনৰ পত্নীক। আৰক্ষীয়ে জনোৱা মতে, আই পি চিৰ ৪৫২, ৩২৩, ৫০৪ আৰু ৫০৬ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে।
Read More
চাঞ্চল্যকৰ! ১১ বছৰীয়া কিশোৰীক ৭মাহ ধৰি ধৰ্ষণ দুই লম্পট ভাতৃৰ…

চাঞ্চল্যকৰ! ১১ বছৰীয়া কিশোৰীক ৭মাহ ধৰি ধৰ্ষণ দুই লম্পট ভাতৃৰ…

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সভ্য সমাজক লজ্জানত কৰা ঘটনা। দুই ভাতৃয়ে মিলি ৭ মাহ ধৰি দলবদ্ধভাৱে ধৰ্ষণ কৰিলে এগৰাকী ১১ বছৰীয়া কিশোৰীক। কিশোৰীগৰাকী ৩৬ সপ্তাহৰ গৰ্ভৱতী বুলি জনাৰ পিছতে পোহৰলৈ আহে এই কাণ্ড। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীয়ে জন্ম দিয়ে এটি ল’ৰা সন্তান। আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুই ভাতৃক। আদালতে ১৯ আৰু ২১ বৰ্ষীয় ভাতৃ দুজনক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে।
Read More
মুম্বাইৰ শিৱাজী পাৰ্কত এয়াৰ ষ্ট্ৰাইকৰ ভাবুকি, হাই এলাৰ্ট জাৰি

মুম্বাইৰ শিৱাজী পাৰ্কত এয়াৰ ষ্ট্ৰাইকৰ ভাবুকি, হাই এলাৰ্ট জাৰি

গণৰাজ্য দিৱসত এয়াৰ ষ্ট্ৰাইকৰ ভাবুকিৰ বাবে মুম্বাইৰ শিৱাজী পাৰ্ক অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। সেই অনুসৰি ২৬ জানুৱাৰীত অঞ্চলটোৰ ওপৰত ‘ন’ ফ্লাইং জ’ন’ ঘোষণা কৰা হ’ব। মুম্বাই আৰক্ষীয়ে এক বিবৃতিযোগে সদৰী কৰিছে এই কথা। বিবৃতিটোত উল্লেখ কৰা মতে, সন্ত্ৰাসবাদীয়ে শিৱাজী পাৰ্কত এয়াৰষ্ট্ৰাইকৰ ভাবুকি প্ৰদান কৰাৰ পিছতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা। সন্ত্ৰাসবাদীৰ যিকোনো কূটাঘাত প্ৰতিৰোধ কৰিবলৈ মুম্বাইত সাজু কৰি ৰখা হৈছে আৰক্ষীক।
Read More
সম্পত্তিক লৈ বিবাদ! অভিনেতা নাৱাজুদ্দিনৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ…

সম্পত্তিক লৈ বিবাদ! অভিনেতা নাৱাজুদ্দিনৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ…

অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীৰ পত্নী আলিয়া ওৰফে জৈনাবৰ বিৰুদ্ধে এজাহাৰ নাৱাজৰ মাতৃ মেহৰুনিছা ছিদ্দিকীৰ। সম্পত্তিক লৈ ঘটা বিবাদৰ পিছতে বোৱাৰী আলিয়াৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে আৰক্ষী থানালৈ মাতি পঠিওৱা হৈছে নাৱাজুদ্দিনৰ পত্নীক। আৰক্ষীয়ে জনোৱা মতে, আই পি চিৰ ৪৫২, ৩২৩, ৫০৪ আৰু ৫০৬ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে।
Read More
পুৱতি নিশা অসমৰ মুখ্যমন্ত্ৰীলৈ কিয় ফোন আহিল বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ…

পুৱতি নিশা অসমৰ মুখ্যমন্ত্ৰীলৈ কিয় ফোন আহিল বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ…

আগন্তুক ‘পাঠান’ চিনেমাক লৈ উত্তাল বিতৰ্কৰ মাজতে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বলীউডৰ অভিনেতা শ্বাহৰুখ খানে নিশা তেওঁক ফোন কৰি তেওঁৰ ছবিখন মুক্তিৰ বিৰোধিতা কৰি গুৱাহাটীত এটা সংগঠনৰ প্ৰতিবাদৰ খবৰক লৈ উদ্বেগ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে তেওঁৰ ছবি মুক্তিৰ সময়ত ৰাজ্য চৰকাৰে আইন-শৃংখলা বজাই ৰাখিব আৰু এনে কোনো ঘটনা সংঘটিত হোৱাটো নিশ্চিত কৰিব বুলি শ্বাহৰুখ খানক আশ্বাস দিয়ে। দেওবাৰে টুইটযোগে হিমন্ত বিশ্ব শৰ্মাই কয় যে, “বলীউডৰ অভিনেতা শ্বাহৰুখ খানে মোক ফোন কৰি আজি পুৱা ২ বজাত আমি কথা পাতিলোঁ। তেওঁ নিজৰ ছবি প্ৰদৰ্শনৰ সময়ত গুৱাহাটীত হোৱা এটা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে।” তেওঁ আশ্বাস দিয়ে…
Read More
গুদামৰ পৰা ২ কোটিৰো অধিক মূল্যৰ টিভি চেট আৰু চিকিৎসা সজুঁলি চুৰি, গ্ৰেপ্তাৰ দুজনক…

গুদামৰ পৰা ২ কোটিৰো অধিক মূল্যৰ টিভি চেট আৰু চিকিৎসা সজুঁলি চুৰি, গ্ৰেপ্তাৰ দুজনক…

মহাৰাষ্ট্ৰৰ থানেৰ ভীৱণ্ডীৰ দুটা গুদামৰ পৰা ২ কোটিৰো অধিক মূল্যৰ টিভি চেট আৰু চিকিৎসা সঁজুলি চুৰি কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ পৰা ১.৫১ কোটি টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰা হৈছে। লক্ষণীয়ভাৱে এটা গুদামৰ পৰা চিকিৎসা সঁজুলি চুৰি কৰাত অভিযুক্তৰ সৈতে জড়িত আন তিনিজন লোক পলাতক হৈ আছে বুলি আৰক্ষীয়ে লগতে কয়।
Read More