ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

আদানী-হিণ্ডেনবাৰ্গ সম্পৰ্কে বাতৰি পৰিৱেশন নকৰিবলৈ সংবাদ মাধ্যমক নিৰ্দেশ প্ৰদানৰ বাবে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ…

আদানী-হিণ্ডেনবাৰ্গ সম্পৰ্কে বাতৰি পৰিৱেশন নকৰিবলৈ সংবাদ মাধ্যমক নিৰ্দেশ প্ৰদানৰ বাবে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ…

আদালতে ৰায় প্ৰদান নকৰালৈকে আদানী-হিণ্ডেনবাৰ্গ সম্পৰ্কে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন নকৰিবলৈ নিৰ্দেশ দিবৰ বাবে আদালতত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন শুকুৰবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত চলা বিচাৰপীঠে অধিবক্তা মনোহৰ লাল শৰ্মাই দাখিল কৰা পি আই এল নাকচ কৰে। চিজেআইয়ে কয়, ‘আমি সংবাদ মাধ্যমক কোনো নিষেধাজ্ঞা জাৰি কৰিবলৈ যোৱা নাই। আমি অলপতে অৰ্ডাৰ উচ্চাৰণ কৰো।” বিচাৰপীঠত ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাও আছিল।
Read More
বন্ধুৰ আত্মীয়লৈ অশ্লীল ফটো প্ৰেৰণ দিল্লীৰ ছাত্ৰীৰ, গ্ৰেপ্তাৰ

বন্ধুৰ আত্মীয়লৈ অশ্লীল ফটো প্ৰেৰণ দিল্লীৰ ছাত্ৰীৰ, গ্ৰেপ্তাৰ

ভুৱা ইনষ্টাগ্ৰাম প্ৰফাইল বনাই বন্ধুৰ ভগ্নী আৰু অন্যান্য আত্মীয়লৈ অশ্লীল ছবি আৰু মেছেজ প্ৰেৰণ কৰাৰ অভিযোগত দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক। আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰীগৰাকীয়ে বন্ধুৰ ওপৰত “প্ৰতিশোধ” ল’বলৈ এই কাম কৰিছিল। খবৰ অনুসৰি তেওঁৰ সৈতে হোৱা বিবাদৰ পিছতে এনে কাৰ্য সংঘটিত কৰিছিল ছাত্ৰীগৰাকীয়ে। আৰক্ষীয়ে লগতে কয় যে অশ্লীল বাৰ্তা প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা মোবাইল ফোন আৰু চিম কাৰ্ড উদ্ধাৰ কৰা হৈছে।
Read More
জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক লৈ মন্তব্য TMCৰ সাংসদৰ, ক’লে…

জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক লৈ মন্তব্য TMCৰ সাংসদৰ, ক’লে…

সোমবাৰে টিএমচিৰ সাংসদ সৌগত ৰয়ে কয় যে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে তেওঁ ‘চিৰিয়াছ ৰাজনীতিবিদ’ বুলি গণ্য নকৰে। ৰয়ে লগতে কয় যে হয়তো তেওঁ ৰাহুল গান্ধীৰ বাবে এজন ভাল পৰিচালক হিচাপে কাম কৰে। কিন্তু ইয়াৰ বাহিৰেও তেওঁৰ আন কোনো মূল্য নাই। বিৰোধীৰ বৈঠকত টিএমচিয়ে বিজেপিৰ ভাষাত কথা কয় বুলি ৰমেশে কোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে।
Read More
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই মোক হত্যাৰ বাবে চুপাৰী দিছেঃ গুৰুতৰ অভিযোগ সঞ্জয় ৰাউতৰ…

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই মোক হত্যাৰ বাবে চুপাৰী দিছেঃ গুৰুতৰ অভিযোগ সঞ্জয় ৰাউতৰ…

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ পুত্ৰ শ্ৰীকান্ত শিণ্ডেৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সাংসদ সঞ্জয় ৰাউতৰ। শ্ৰীকান্ত শিণ্ডেয়ে তেওঁক হত্যা কৰিবলৈ চুপাৰি দিয়াৰ অভিযোগ তুলি মুম্বাই আৰক্ষী আয়ুক্তলৈ পত্ৰ ৰাউতৰ। ৰাউতে লিখিছে, "শ্ৰীকান্ত শিণ্ডেয়ে মোক হত্যা কৰিবলৈ থানেৰ অপৰাধী ৰাজা ঠাকুৰক চুপাৰী (চুক্তি) দিছে। একেটা সন্দৰ্ভত মই তথ্য নিশ্চিত কৰিছো।" তেওঁ লগতে কয় যে মই আপোনালোকক এজন দায়িত্বশীল নাগৰিক হিচাপে জনাইছো।
Read More
নিৰ্বাচন আয়োগৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ উদ্ধৱ থাকৰে…

নিৰ্বাচন আয়োগৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ উদ্ধৱ থাকৰে…

উদ্ধৱ থাকৰে শিৱসেনাৰ নাম আৰু প্ৰতীক ঘূৰাই পাবলৈ আইনী পথ গ্ৰহণ কৰিলে। নিৰ্বাচন আয়োগৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যায় উদ্ধৱ শিবিৰ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে উদ্ধৱ সেনাক জৰুৰী ভিত্তিত শুনানিৰ বাবে মঙলবাৰে গোচৰটো পঞ্জীয়ন কৰিবলৈ পৰামৰ্শ দিয়ে। আৱেদনখনত শিৱসেনাৰ নাম আৰু প্ৰতীক ব্যৱহাৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিবলৈ অনুৰোধ জনাইছে উদ্ধৱ শিবিৰে। তাৰ লগতে আয়োগে নিৰপেক্ষতা বজাই ৰখাত ব্যৰ্থ হোৱা বুলি গোচৰৰ আবেদনত প্ৰকাশ পাইছে। সংবিধান উলংঘা কৰাৰ অভিযোগো আয়োগৰ বিৰুদ্ধে। সম্প্ৰতি শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ সদস্যপদ বাতিল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে। সেই গোচৰৰ ৰায়দান বাকী থকাৰ পাছতো নির্বাচন আয়োগে কেনেদৰে প্রতীকসমূহ বিতৰণ কৰাৰ সিদ্ধান্ত…
Read More
অৰণ্যত সংঘটিত অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী বনৰক্ষীৰ…

অৰণ্যত সংঘটিত অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী বনৰক্ষীৰ…

অৰণ্যত সংঘটিত হোৱা বনজুইত অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু এগৰাকী বনৰক্ষীৰ। ইফালে সেই ভয়াবহ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ বৰ্তমানো হাস্পতালত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে আন এগৰাকী ডিএফআৰঅ’ই। জানিব পৰা মতে, বৃহস্পতিবাৰে অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ হাছান জিলাৰ সাক্লেশপুৰ তালুকৰ কাদুমনে বাগিচাৰ সমীপৰ অনিবীডু বনাঞ্চলত সংঘটিত হৈছিল বনজুই। সেই বনজুই নিৰ্বাপনৰ সময়ত দেহৰ ৬৫ শতাংশ অগ্নিদগ্ধ হৈছিল বনৰক্ষী সুন্দৰেশ আৰু উপ বন ৰেঞ্জ বিষয়া মঞ্জুনাথ। দুয়োকে লগে লগে বাংগালুৰৰ ছেইণ্ট জন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে শনিবাৰে মৃত্যু ঘটে বনৰক্ষী সুন্দৰেশৰ। শিৱমোগ্গাৰ থিৰথাহল্লী তালুকৰ নিৱাসী সুন্দৰেশৰ মৃত্যুৰ পিছতে এতিয়া শোকত ভাগি পৰিছে তেওঁৰ পত্নী আৰু পৰিয়াল। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ…
Read More
২ হাজাৰ কোটি টকাৰ উৎকোচৰ বিনিময়ত শিণ্ডে গোটক গতাই দিয়া হৈছে শিৱসেনাৰ প্ৰতীক আৰু নামঃ বিস্ফোৰক অভিযোগ সঞ্জয় ৰাউতৰ

২ হাজাৰ কোটি টকাৰ উৎকোচৰ বিনিময়ত শিণ্ডে গোটক গতাই দিয়া হৈছে শিৱসেনাৰ প্ৰতীক আৰু নামঃ বিস্ফোৰক অভিযোগ সঞ্জয় ৰাউতৰ

একনাথ শিণ্ডে গোটক শিৱসেনাৰ নাম আৰু দলৰ প্ৰতীক গতাই দিবলৈ টকাৰ খেলা চলিছিল। ইয়াৰ বাবে দিয়া হৈছে ২ হাজাৰ কোটি টকাৰ উৎকোচ। এই বিস্ফোৰক অভিযোগ সাংসদ তথা উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ সঞ্জয় ৰাউতৰ। ৰাউতৰ এই অভিযোগৰ পিছতে মহাৰাষ্ট্ৰত আৰম্ভ হৈছে এক নতুন ৰাজনৈতিক অস্থিৰতা। এই বিষয়ত দেওবাৰে সঞ্জয় ৰাউটে টুইট কৰে। তাত তেওঁ লিখিছে, “শিৱসেনাৰ নাম আৰু দলৰ প্ৰতীকটো শিণ্ডে গোটক গতাই দিয়াটো ডাঙৰ কথা আছিল। ধনৰাশি আছিল ২০০০ কোটি টকাতকৈও অধিক। প্ৰথম অৱস্থাত আমি এই তথ্য জানিবলৈ পালোঁ। কিন্তু এই তথ্য ১০০ শতাংশ শুদ্ধ।” উদ্ধৱৰ ঘনিষ্ঠ ৰাউতে এই ঘটনাক অভূতপূৰ্ব বুলি অভিহিত কৰে। “দেশৰ ইতিহাসত এনেকুৱা এটা পৰিঘটনা আগতে কেতিয়াও…
Read More
পথৰ দাঁতিত থিয় হৈ থকা যুৱতীক নিশা যৌন নিৰ্যাতন অটো চালকৰ! গ্ৰেপ্তাৰ…

পথৰ দাঁতিত থিয় হৈ থকা যুৱতীক নিশা যৌন নিৰ্যাতন অটো চালকৰ! গ্ৰেপ্তাৰ…

এগৰাকী অটো চালকৰ বিৰুদ্ধে এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ। মহাৰাষ্ট্ৰৰ জুহু অঞ্চলৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। অভিযুক্ত অটো চালকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই ঘটনা। জুহু অঞ্চলৰ ১০ নং পথত চিগনেলৰ কাষত থিয় হৈ আছিল যুৱতীগৰাকী। সেই সময়ত অটোৰিক্সাখন তেওঁৰ সন্মুখত ৰৈ গ’ল। এইবাৰ অজয় ​​ৱাঘেলা নামৰ অটো চালক এজনে নিৰ্যাতন চলাইছিল বুলি অভিযোগ উঠিছে। এই ঘটনাত মহিলাগৰাকীয়ে চিঞৰি উঠাত অটো চালকজনে বেগেৰে গুচি যায়। এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে অভিযুক্ত অজয়ৰ বিৰুদ্ধে জুহু থানাত লিখিত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে অভিযুক্ত অটো চালকজনক গ্ৰেপ্তাৰ…
Read More
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫ হাজাৰ ৰান সম্পূৰ্ণ কৰা দ্ৰুততম ক্ৰিকেটাৰৰ অভিলেখ বিৰাট কোহলীৰ…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫ হাজাৰ ৰান সম্পূৰ্ণ কৰা দ্ৰুততম ক্ৰিকেটাৰৰ অভিলেখ বিৰাট কোহলীৰ…

ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে নিজৰ কেৰিয়াৰৰ আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫ হাজাৰ ৰান সংগ্ৰহ কৰা আটাইতকৈ দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হয়। নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ তৃতীয় দিনত তেওঁ এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই প্ৰক্ৰিয়াত কোহলীয়ে ৫৭৭খন মেচত এই লেণ্ডমাৰ্কত উপনীত হোৱা মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰকো অতিক্ৰম কৰে। আনহাতে বিৰাটে ৫৪৯খন মেচত এই অভিলেখ স্পৰ্শ কৰে। বিৰাট আৰু শচীনৰ পিছতে আছে ৰিকি পণ্টিং (৫৮৮), জেক কালিছ (৫৯৪), কুমাৰ ছাংগাকাৰা (৬০৮) আৰু মহেলা জয়ৱৰ্ধনে (৭০১)।
Read More
তুৰস্কৰ ভূমিকম্পত মৃত্যু ঘানাৰ ফুটবলাৰ ক্ৰিষ্টিয়ান আটছুৰ, ধ্বংসস্তূপৰ মাজত উদ্ধাৰ মৃতদেহ…

তুৰস্কৰ ভূমিকম্পত মৃত্যু ঘানাৰ ফুটবলাৰ ক্ৰিষ্টিয়ান আটছুৰ, ধ্বংসস্তূপৰ মাজত উদ্ধাৰ মৃতদেহ…

তুৰস্কত থকা ঘৰৰ ধ্বংসাৱশেষৰ তলত ঘানাৰ ৰাষ্ট্ৰীয় ফুটবলাৰ তথা নিউকেষ্টলৰ প্ৰাক্তন মিডফিল্ডাৰ ক্ৰিষ্টিয়ান আটছুৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি শনিবাৰে স্থানীয় সংবাদ মাধ্যমে তেওঁৰ পৰিচালনাৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে। আটছুৰ তুৰ্কীৰ মেনেজাৰ মুৰাট উজুনমেহমেটে শনিবাৰে ডি এইচ এ সংবাদ সংস্থাক জনাইছে যে তেওঁৰ মৃতদেহ তুৰ্কীৰ দক্ষিণ অঞ্চল হাটাইত ধ্বংসাৱশেষৰ তলত উদ্ধাৰ হৈছে। তুৰস্কৰ হাজাৰ হাজাৰ অট্টালিকা ধ্বংসাৱশেষলৈ পৰিণত হৈছিল, য’ত আছিল বহুমহলীয়া এপাৰ্টমেণ্ট বিল্ডিং, য’ত আছিল বাসিন্দাৰে ভৰা। ঘানাৰ এগৰাকী ফুটবলাৰৰ এজেণ্ট নানা চেচেৰেই টুইট কৰি কয় যে, “গধুৰ হৃদয়েৰে মই সকলো শুভাকাংক্ষীক জনাই দিব লাগিব যে আজি পুৱা ক্রিষ্টিয়ান আটছুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি মোৰ…
Read More