27
Jun
উত্তৰ প্ৰদেশত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হল এজন কুখ্যাত অপৰাধী। মঙলবাৰে কাকৱোৰত মৃত্যু হয় মহম্মদ গুফৰাণ নামৰ অপৰাধীজনৰ। জানিব পৰা মতে অপৰাধীটোৰ বিৰুদ্ধে হত্যাকে ধৰি মুঠ ১৩টা অভিযোগ আছিল। গুফৰাণৰ মূৰৰ ১.২৫ লাখ টকাৰ দাম নিৰ্ধাৰণ কৰা হৈছিল। অৱশ্যে মঙলবাৰে পুৱা আৰক্ষীৰ সৈতে হোৱা গুলীচালনাত গুফৰানৰ মৃত্যু হয়। উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি মঙলবাৰে পুৱা ৫ বজাৰ পৰা বিশেষ টাস্ক ফ’ৰ্চে গুফৰাণৰ ডেৰাত তালাচী আৰম্ভ কৰে। কৌশাম্বী জিলাৰ সেই ডেৰাত আৰক্ষীৰ আক্ৰমণ অনুভৱ কৰি কুখ্যাত অপৰাধীয়ে গুলীচালনা আৰম্ভ কৰে। পুলিচৰ চকুত ধূলি লৈ পলাবলৈও চেষ্টা কৰে। আৰক্ষীয়ে বলপূৰ্বকভাৱে প্ৰতিশোধ লয়। এছটিএফৰ অতিৰিক্ত ডিজি অমিতাভ যশে জনোৱা মতে, আৰক্ষীৰ সৈতে হোৱা…
