ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

শোকাবহ! থাইলেণ্ড ভ্ৰমণৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু কানাড়া অভিনেতা বিজয় ৰাঘৱেন্দ্ৰৰ পত্নী স্পন্দনাৰ

শোকাবহ! থাইলেণ্ড ভ্ৰমণৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু কানাড়া অভিনেতা বিজয় ৰাঘৱেন্দ্ৰৰ পত্নী স্পন্দনাৰ

কানাড়া অভিনেতা বিজয় ৰাঘবেন্দ্ৰৰ পত্নী স্পন্দনা ৰাঘবেন্দ্ৰই থাইলেণ্ডত পৰিয়ালৰ সৈতে ছুটীত থকা অৱস্থাত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। খবৰ অনুসৰি, বেংককৰ এখন ব্যক্তিগত চিকিৎসালয়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু ঘটে তেওঁৰ। ২৬ আগষ্টৰ বিজয়ৰ সৈতে তেওঁৰ বিবাহ বাৰ্ষিকীৰ মাত্ৰ কেইদিনমান পূৰ্বে স্পন্দনাৰ এই কৰুণ মৃত্যু। ২০০৭ চনৰ ২৬ আগষ্টত বিজয় আৰু স্পন্দনাই বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ শৌৰ্য নামৰ এজন পুত্ৰ আছে। খবৰ অনুসৰি স্পন্দনা নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছিল, যাৰ বাবে থাইলেণ্ড ভ্ৰমণৰ সময়তে তেওঁ হৃদৰোগত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৪ বছৰ। বেংককত প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতাৰ পিছত মঙলবাৰে তেওঁৰ মৃতদেহ বেংগালুৰুলৈ লৈ অনাৰ…
Read More
নুহ সংঘৰ্ষৰ পিছতে হাৰিয়ানা চৰকাৰৰ ‘বুলডজাৰ’ অভিযান! স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

নুহ সংঘৰ্ষৰ পিছতে হাৰিয়ানা চৰকাৰৰ ‘বুলডজাৰ’ অভিযান! স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

সোমবাৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে নুহত হাৰিয়ানা চৰকাৰৰ বুলডজাৰ কাৰ্য স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰে। সাম্প্ৰদায়িক হিংসাত জৰ্জৰ নুহত চতুৰ্থ দিনাও চৰকাৰে বুলডজাৰ চলাই ১৫০ টাতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্য বাসগৃহ ভাঙি পেলাইছিল। ৩১ জুলাইত হিংসাত্মক পৰিস্থিতিৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত ৰেষ্টুৰেণ্ট-হোটেল আৰু টাইলছ শ্ব’ৰুমৰ বিৰুদ্ধেও হাৰিয়ানা চৰকাৰে বুলডজাৰৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। হিন্দু ধৰ্মীয় শোভাযাত্ৰাত আক্ৰমণৰ পিছতে নুহত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে দাবী কৰে যে শোভাযাত্ৰাটোত শিলগুটি নিক্ষেপ কৰা হৈছিল আৰু তেওঁলোকে পূৰ্ব পৰিকল্পিত আক্ৰমণৰ দৰে দেখা যোৱা ভিৰটোক লক্ষ্য কৰি লোৱা হৈছিল। গুৰুগ্ৰাম, পালৱাল, ফৰিদাবাদৰ দৰে হাৰিয়ানাৰ আন আন প্ৰান্তলৈও এই…
Read More
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ স্বামী! তাৰ পিছতে নিলম্বন কৰা হ’ল ৰাজস্থানৰ মেয়ৰ মুনেশ গুৰজাৰক…

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ স্বামী! তাৰ পিছতে নিলম্বন কৰা হ’ল ৰাজস্থানৰ মেয়ৰ মুনেশ গুৰজাৰক…

জয়পুৰ হেৰিটেজ পৌৰ নিগমৰ মেয়ৰ মুনেশ গুৰজাৰক দেওবাৰে ৰাজস্থান চৰকাৰে নিলম্বন কৰে। খবৰ অনুসৰি, ভূমি পট্টা প্ৰদানৰ বাবে দুই লাখ টকাৰ উৎকোচ লোৱাৰ সময়ত তেওঁৰ স্বামী সুশীল গুৰজাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাজস্থান চৰকাৰে মেয়ৰগৰাকীক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে। জয়পুৰ হেৰিটেজ পৌৰ নিগমৰ মেয়ৰ মুনেশ গুৰজাৰৰ বাসগৃহতো দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। এই গোচৰৰ সৈতে জড়িত দুজন দালালকো গ্ৰেপ্তাৰ কৰে এচিবিয়ে। মেয়ৰ মুনেশ গুৰজাৰৰ ঘৰৰ পৰা অভিযান চলাই দুর্নীতি নিবাৰক শাখাই উদ্ধাৰ কৰে ৪০ লাখ টকা। লগতে এজন দালালৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ৮ লাখ টকা। বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত ৰাখিছে এচিবিয়ে। উৎকোচ গোচৰত মেয়ৰৰ জড়িত বুলি সন্দেহ কৰি…
Read More
মোডী চৰকাৰৰ বিৰুদ্ধে অহা ৮ আগষ্টত সদনত অনস্থা প্ৰস্তাৱ উত্থাপন কৰিব বিৰোধীৰ হৈ গৌৰৱ গগৈয়ে

মোডী চৰকাৰৰ বিৰুদ্ধে অহা ৮ আগষ্টত সদনত অনস্থা প্ৰস্তাৱ উত্থাপন কৰিব বিৰোধীৰ হৈ গৌৰৱ গগৈয়ে

অহা ৮ আগষ্টত বিৰোধীয়ে লোকসভাত মোডী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰস্তাৱ আগবঢ়াব। মঙলবাৰৰ কাৰ্যসূচী অনুসৰি গগৈয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব, য'ত লিখা আছে "যে এই সদনে মন্ত্ৰী পৰিষদৰ ওপৰত আস্থাৰ অভাৱ প্ৰকাশ কৰিছে"। সংসদৰ সূত্ৰৰ মতে, অনাস্থা প্ৰস্তাৱটো ৮ আগষ্টত উত্থাপন হোৱাৰ পিছত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, আৰু অহা দুদিন অৰ্থাৎ ৯ আৰু ১০ আগষ্টত আলোচনা চলি থকাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্টত এই প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে ৯ আৰু ১০ আগষ্টৰ সদনৰ কাৰ্যসূচী এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। যোৱা ১ আগষ্টত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁট…
Read More
তীব্ৰ বেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰিল চাৰিচকীয়া বাহন, ৩ কলেজীয়া ছাত্ৰৰ কৰুণ মৃত্যু

তীব্ৰ বেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰিল চাৰিচকীয়া বাহন, ৩ কলেজীয়া ছাত্ৰৰ কৰুণ মৃত্যু

দেওবাৰে পুৱতি নিশা অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী জিলাত এখন চাৰিচকীয়া বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত তিনিগৰাকী কলেজীয়া ছাত্ৰৰ মৃত্যু হয়। অধিক তীব্ৰ বেগৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষীৰ মতে, শনিবাৰে নিশা এলুৰু জিলাৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰা ১০ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলে জলপ্ৰপাত আৰু চহকী জৈৱ বৈচিত্ৰ্যৰে ভৰা পূব গোদাৱৰী জিলাৰ প্ৰকৃতি কেন্দ্ৰ মাৰেডুমিলিলৈ জয়ৰাইড লৈ যায়। মাজনিশা তেওঁলোকৰ গাড়ীখন পথৰ পৰা আঁতৰি গৈ পূব গোদাৱৰী জিলাৰ বুৰুগুপুডি গেটত খালত ডুব যায় বুলি আৰক্ষীয়ে লগতে জনায়। নিহত কেইজনক হৰ্ষবৰ্ধন, হেমন্ত আৰু উদয় কিৰণ বুলি চিনাক্ত হোৱাৰ বিপৰীতে বাহনখনত থকা বাকী কেইজন আহতক চিকিৎসালয়ত ভৰ্তি…
Read More
সুৰাৰ ৰাগীত আৰক্ষীলৈ ফোন কৰি বোমাৰ ভাবুকি! গ্ৰেপ্তাৰ অভিযুক্ত

সুৰাৰ ৰাগীত আৰক্ষীলৈ ফোন কৰি বোমাৰ ভাবুকি! গ্ৰেপ্তাৰ অভিযুক্ত

সুৰাৰ নিচাত মুম্বাই আৰক্ষী নিয়ন্ত্ৰণ কক্ষত ফোন কৰি বোমাৰ ভাবুকি ব্যক্ত কৰাৰ অভিযোগত জুহু অঞ্চলৰ এজন লোকক দেওবাৰে গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লোকজনে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি বোমাৰ ভাবুকিৰ বিষয়ে অৱগত কৰি ফোনটো কাটি দিছিল। আৰক্ষীয়ে জনোৱা মতে, ফোন কৰাজনে স্থানীয় ৰে’লত ধাৰাবাহিক বিস্ফোৰণৰ সম্ভাৱনা দাবী কৰে। কিন্তু আৰক্ষী বিষয়াজনে যেতিয়া ইয়াৰ বিষয়ে অধিক তথ্য বিচাৰিছিল, তেতিয়া ফোন কৰাজনে কোনো উত্তৰ দিয়া নাছিল। পৰিস্থিতিৰ ভয়াৱহতাক বিবেচনা কৰি আৰক্ষীয়ে বিষয়াসকলক সতৰ্ক কৰি দিছিল। ইয়াৰ পূৰ্বে শনিবাৰে মুম্বাই আৰক্ষীয়ে মুম্বাই আৰু দিল্লী ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিস্ফোৰণ বা অশুভ কাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা বুলি দাবী কৰি অচিনাক্ত…
Read More
সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা সকাহ লাভৰ পিছতে RJD প্ৰধান লালু প্ৰসাদ যাদৱক সাক্ষাৎ ৰাহুল গান্ধীৰ…

সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা সকাহ লাভৰ পিছতে RJD প্ৰধান লালু প্ৰসাদ যাদৱক সাক্ষাৎ ৰাহুল গান্ধীৰ…

'মোডী উপাধি' গোচৰত তেওঁ ডাঙৰ সকাহ পালে। উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শাস্তি। ফলত তেওঁ পুনৰ সাংসদ পদটো পুনৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ লগতে ২৪ সংখ্যক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ বাবে কোনো বাধা নাই এতিয়া। ৰাহুলে সকাহ পোৱাৰ লগে লগে আৰজেডিৰ মুৰব্বী বিষয়া লালু প্ৰসাদ যাদৱৰ সৈতে সাক্ষাৎ কৰে। লালুৱে নিজৰ হাতেৰে ৰাহুলৰ ছাগলীৰ মাংস ৰান্ধি খুৱায়। শুকুৰবাৰে নিশা ৰাহুলে লালু প্ৰসাদৰ কন্যা মিছা ভাৰতীৰ দিল্লীৰ ঘৰত উপস্থিত হয়। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু কংগ্ৰেছ নেতা কে চি ভেনুগোপাল উপস্থিত থাকে। লালুৰ মুখত ৰাহুলৰ ‘ৰয়েল কামবেক’ বহল হাঁহি। তেওঁ কংগ্ৰেছ নেতাগৰাকীক ফুলৰ থোপা দি আদৰণি…
Read More
উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ ভূমিস্খলনত ৩ জন নিহত, ১৭ জনৰ নাই এতিয়াও সন্ধান

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ ভূমিস্খলনত ৩ জন নিহত, ১৭ জনৰ নাই এতিয়াও সন্ধান

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত ব্যাপক ভূমিস্খলনৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে সোতৰজন নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। জিলা প্ৰশাসন, ৰুদ্ৰপ্ৰয়াগৰ পৰা পোৱা তথ্য অনুসৰি, "ৰুদ্ৰপ্ৰয়াগৰ গৌৰীকুণ্ডত কেদাৰনাথৰ ১৬ কিলোমিটাৰ পূৰ্বে সংঘটিত হোৱা ভূমিস্খলনত ৩ জন লোক নিহত হৈছে আৰু ১৭ জন নিৰুদ্দেশ হৈছে।" বিষয়াসকলে লগতে কয় যে পাহাৰৰ পৰা নামি অহা গধুৰ ধ্বংসাৱশেষত পথৰ কাষৰ দুখন দোকান আৰু ধাবা জাহ গৈছে। ভূমিস্খলনৰ সময়ত এই দোকান আৰু ধাবাত স্থানীয় চাৰিজন লোক আৰু নেপালী মূলৰ ১৬ জন লোক উপস্থিত আছিল বুলিও বিষয়াসকলে লগতে কয়। ঘটনাস্থলীত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে অভিযান চলাই আছে। ইয়াৰ পূৰ্বে আজি উত্তৰাখণ্ডৰ উত্তৰকাশীৰ লিজা ডিপোত বন বিভাগৰ কাৰ্যালয়ৰ…
Read More
ভয়ংকৰ! ট্ৰেক্টৰ-ট্ৰলীৰ সৈতে ডাম্পাৰৰ সংঘৰ্ষত ৫ জন নিহত, ১২ জনৰো অধিক আহত

ভয়ংকৰ! ট্ৰেক্টৰ-ট্ৰলীৰ সৈতে ডাম্পাৰৰ সংঘৰ্ষত ৫ জন নিহত, ১২ জনৰো অধিক আহত

শনিবাৰে পুৱা প্ৰকাশ পোৱা এক দুৰ্ভাগ্যজনক কাণ্ডত ট্ৰেক্টৰ-ট্ৰলী আৰু মিনি ট্ৰাকৰ সংঘৰ্ষত পাঁচজন লোক নিহত হোৱাৰ লগতে ১২ জনৰো অধিক লোক আহত হয়। উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাটোত প্ৰায় দুডজনীয়া ভক্তৰ দল এটাই ট্ৰেক্টৰ ট্ৰলীত উঠি ইটাৰ জলেছৰৰ পৰা গোবৰ্ধন পৰিক্ৰমাৰ বাবে মথুৰালৈ আহি আছিল। ট্ৰেক্টৰ-ট্ৰলীখন গোবৰ্ধন পৰিক্ৰমা অভিমুখে গৈ থকা অৱস্থাত হাথৰছৰ সদাবাদ পথত ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। তীব্ৰ প্ৰভাৱৰ ফলত ট্ৰেক্টৰ-ট্ৰলীখন ওলোটা হৈ পৰে, যাৰ ফলত একাংশ ব্যক্তি তলত আবদ্ধ হৈ পৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দলটোৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যায়। পিছত গুৰুতৰভাৱে আহত হোৱা…
Read More
‘মোদী’ উপাধি গোচৰত ৰাহুল গান্ধীলৈ বৃহৎ সকাহ! শাস্তিত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

‘মোদী’ উপাধি গোচৰত ৰাহুল গান্ধীলৈ বৃহৎ সকাহ! শাস্তিত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

মোদী উপাধি গোচৰত বৃহৎ সকাহ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখে ৰাহুলৰ শাস্তি। কংগ্ৰেছ নেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ চূড়ান্ত ৰায়দান নোহোৱালৈকে ৰাহুলে এই গোচৰত কোনো ধৰণৰ শাস্তিৰ সন্মুখীন নহ’ব। অৰ্থাৎ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাটত আৰু বাধা নাই কংগ্ৰেছ নেতাগৰাকীৰ। ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এক সমাৱেশত ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয় যে, "মোডী দেশৰ সকলো ডাঙৰ চোৰৰ নাম হোৱাটো দুৰ্ভাগ্যজনক।" পূৰ্ণেশ মোদীয়ে গুজৰাটৰ চুৰাট আদালতত গোচৰ ৰুজু কৰি কয় যে সেই ভাষণত তেতিয়াৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে সমগ্ৰ মোডী সমাজক অপমান কৰিছিল। গুজৰাটৰ চুৰাট আদালতে সেই গোচৰত ৰাহুলক দোষী সাব্যস্ত কৰি…
Read More